--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মুঠ ৪০টা কেন্দ্ৰত সম্পন্ন হ’ব ভোটগণনা। কোকৰাঝাৰ, তিনিচুকীয়া আৰু যোৰহাটত দুটাকৈ ভোটগণনা কেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছে আৰু নগাঁও জিলাত থাকিব তিনিটা কেন্দ্ৰ।

ডিজিটেল ডেস্ক: আহি পালে বহু প্ৰত্যাশিত দিনটো। আজি ঘোষণা হ’ব বিধানসভা নিৰ্বাচনৰ ফলাফল। আজি খোল খাব EVMৰ বাকচসমূহ। ৰাজ্যৰ ১২৬টা সমষ্টিত পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ব ভোটগণনা। কোন সমষ্টিত কোনে মাৰিব শেষ হাঁহি? তাকে লৈ ৰাজ্যবাসীৰ জল্পনা-কল্পনা। 


এইবাৰ দেখিবলৈ পোৱা গল হাইভল্টেজ নিৰ্বাচনী যুঁজ। আজি অসমত নতুন চৰকাৰ গঠনৰ কাউণ্ট-ডাউন আৰম্ভ হ’ব পুৱা ৮ বজাৰ পৰা। পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে দখল কৰিব দিছপুৰৰ মছনদ? কাৰ হাতলৈ আহিব শাসনৰ বাঘজৰী? শাসকীয় বিজেপি মিত্ৰজোঁটে নে বিৰোধী ঐক্যই? 


আজি ১২৬টা সমষ্টিত ৭২২গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব । ২ কোটি ৪৯ লাখ ৫৮ হাজাৰ ১৩৯গৰাকী ভোটাৰৰ ৰায় আজি প্ৰকাশ পাব। উল্লেখযোগ্য যে প্ৰথমবাৰৰ বাবে অসমত এইবাৰ এটা পৰ্যায়ত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। ৭২২ প্ৰাৰ্থীৰ ভিতৰত পুৰুষ প্ৰাৰ্থীৰ সংখ্যা ৬৬৩গৰাকী আৰু মহিলা প্ৰাৰ্থীৰ সংখ্যা ৫৯গৰাকী।


মুঠ ৪০টা কেন্দ্ৰত সম্পন্ন হ’ব ভোটগণনা। কোকৰাঝাৰ, তিনিচুকীয়া আৰু যোৰহাটত দুটাকৈ ভোটগণনা কেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছে আৰু নগাঁও জিলাত থাকিব তিনিটা কেন্দ্ৰ। বাকী জিলাসমূহত এটাকৈ ভোটগণনা কেন্দ্ৰৰ পৰিকল্পনা কৰা হৈছে। 


নিৰ্বাচন আয়োগে ৰাজ্যৰ মুঠ ১২৬টা বিধানসভা সমষ্টিৰ বাবে এজনকৈ অৰ্থাৎ ১২৬জন কাউণ্টিং অবজাৰভাৰ নিয়োগ কৰিছে। ভোটগণনাত নিয়োজিত থাকিব ৫,৯৮১জন বিষয়া আৰু ২,৩৪৮জন মাইক্ৰ’ অবজাৰভাৰ।


উল্লেখ্য যে আজি অসমসহ মুঠ ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হব। অসম, পশ্চিমবংগ, তামিলনাডু, পুডুচেৰী, কেৰালামৰ আজি হ’ব ভোটগণনা। 


কোন ৰাজ্যত ভোটদানৰ হাৰ কিমান চাওঁ আহক


অসম: প্ৰায় ৮৬% (যোৱাবাৰৰ তুলনাত বৃদ্ধি)

কেৰালাম: ৭৮.২৭%

পুডুচেৰী: প্ৰায় ৮৯%

তামিলনাডু: প্ৰায় ৮৫%

পশ্চিম বংগ: ৯৩.১৯%



FOLLOW US F
POPULAR
FEATURE
TRENDY
ডাক সেৱাত সংযোগ হ’ব ড্র’ন প্রযুক্তি, ৰাজ্যত ডিজিটেল সংযোগৰ ক্ষেত্ৰত ঐতিহাসিক সিদ্ধান্ত
মা কামাখ্যা ধ্বনিৰে মুখৰিত নীলাচলৰ বুকু; অম্বুবাচীলৈ বৈছে জনতাৰ সোঁত
কলকাতাত নৌ সেনাৰ তিনিখনকৈ জাহাজ মুকলি
AIত কোন আগবাঢ়িব? চীন আৰু আমেৰিকাৰ মাজত প্রযুক্তিৰ যুদ্ধ তুংগত
গো হত্যাৰ বিৰুদ্ধে বৃহৎ অভিযান ধুবুৰী আৰক্ষীৰ; জব্দ ৯০ কেজি গো মাংস; গ্ৰেপ্তাৰ ৭ গো হত্যাকাৰী
সর্বাধিক সময় শোৱা দেশৰ তালিকাত পঞ্চমত ভাৰত, শীৰ্ষস্থানত দক্ষিণ আফ্ৰিকা
অৰুণাচলৰ বৰষুণৰ বাবে অসমত উচ্চ সতৰ্কতা: নিম্ন সোৱণশিৰিৰ বানপানীয়ে শংকিত কৰিছে কেইবাখনো জিলাক
শোণিতপুৰৰ সীমান্তৱৰ্তী গাঁওসমূহত দুৰ্বিষহ জীৱন: পথ, দলং আৰু ভূমি অধিকাৰৰ বাবে ৪ শতাধিক পৰিয়ালৰ প্ৰতীক্ষা
নগাঁও শিক্ষা বিভাগত SEBA-DISE ক'ড জালিয়াতিৰ অভিযোগ: ৭খন বিদ্যালয় তদন্তৰ আওতাত
চাৰি বছৰত অসমত ১.৮২ কোটি হিতাধিকাৰীলৈ ১৬,৬৪০ কোটি টকাৰ প্ৰত্যক্ষ বিত্তীয় সাহায্য
বঙাইগাঁওৰ আমবাৰী পাৰৰচৰত সম্প্ৰীতিৰ অনন্য নিদৰ্শন: হিন্দু যুৱকৰ অন্ত্যেষ্টিক্ৰিয়াত মুছলমান গাওঁবাসীৰ সহযোগিতা
ছেমিকণ্ডাক্টৰ উৎপাদনৰ হাব হিচাপে গঢ়ি উঠিব অসম: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
ৰাজধানী এক্সপ্ৰেছৰ সজাগ চালকৰ তৎপৰতাত হাত সাৰিল বন্যহস্তীৰ জাক
অম্বুবাচী মেলাত ব্যতিক্ৰমী সাধুৰ আগমন, ভক্তৰ মাজত বিশেষ চৰ্চা