--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই ভ্রমণকালত ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে প্রশান্ত মহাসাগৰীয় অঞ্চলৰ তিনিওখন দেশৰ শীর্ষ নেতৃত্বৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ লগতে অঞ্চলটোৰ অন্যান্য গুৰুত্বপূর্ণ প্রতিনিধি তথা প্ৰৱাসী ভাৰতীয়সকলৰ সৈতেও মত-বিনিময় কৰিব।

ডিজিটেল ডেস্ক: কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ দপ্তৰৰ ৰাজ্যিক মন্ত্রী পবিত্ৰ মাৰ্ঘেৰিটাই অহা ১৬ অক্টোবৰৰ পৰা ২২ অক্টোবৰলৈ চৰকাৰী কার্যসূচী লৈ স্বাধীন চামোৱা ৰাষ্ট্ৰ, কুক দ্বীপপুঞ্জ আৰু নাউৰু গণৰাজ্য ভ্ৰমণ কৰিব। এই ভ্রমণকালত ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে প্রশান্ত মহাসাগৰীয় অঞ্চলৰ তিনিওখন দেশৰ শীর্ষ নেতৃত্বৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ লগতে অঞ্চলটোৰ অন্যান্য গুৰুত্বপূর্ণ প্রতিনিধি তথা প্ৰৱাসী ভাৰতীয়সকলৰ সৈতেও মত-বিনিময় কৰিব। 


তদুপৰি, মন্ত্ৰীগৰাকীয়ে এই ভ্রমণকালত ভাৰত চৰকাৰৰ সহযোগত অঞ্চলটোত চলি থকা বিভিন্ন উন্নয়নমূলক প্রকল্পসমূহো পৰিদৰ্শন কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই ভ্রমণে 'ফৰাম ফৰ ইণ্ডিয়া-পেচিফিক আইলেণ্ডছ কো-অপাৰেচন' (FIPIC)ৰ অধীনত প্রশান্ত মহাসাগৰীয় দ্বীপৰাষ্ট্ৰসমূহৰ সৈতে অংশীদাৰিত্ব সুদৃঢ় কৰাৰ লগতে অঞ্চলটোৰ সৈতে ৰাজনৈতিক আদান-প্রদান আৰু উন্নয়নমূলক সহযোগিতা অধিক গভীৰ কৰাৰ ক্ষেত্ৰত ভাৰতৰ দায়বদ্ধতাক স্পষ্টকৈ প্রতিফলিত কৰিব। 


উল্লেখযোগ্য যে ২০২৩ চনৰ মে' মাহত পৰ্ট মৰেচবিত অনুষ্ঠিত হোৱা তৃতীয় 'ফিপিক' (FIPIC) সন্মিলনৰ সিদ্ধান্তসমূহক বাস্তৱ ৰূপ দিয়াৰ লগতে দ্বিপাক্ষিক সম্পর্কক এক নতুন গতিশীলতা প্রদান কৰাৰ ক্ষেত্ৰত মন্ত্ৰীগৰাকীৰ এই ভ্রমণে গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰিব। উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
চৰকাৰী কার্যসূচী লৈ ১৬ অক্টোবৰৰ পৰা ২২ অক্টোবৰলৈ পবিত্ৰ মাৰ্ঘেৰিটাৰ বিদেশ ভ্ৰমণ
তুলা ৰাশিত অস্ত হ’ব শুক্ৰ গ্ৰহৰ; ৪ ৰাশিৰ জাতক-জাতিকাৰ সমস্যা বৃদ্ধিৰ সম্ভাৱনা
৫.৫৪%লৈ বৃদ্ধি খুচুৰা মুদ্রাস্ফীতি
মহাকাশৰ পৰা অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী ‘শিহু’ৰ গতিবিধি নিৰীক্ষণ
আজিৰে পৰা পুনৰ মুকলি পবিতৰা অভয়াৰণ্য
সাত বছৰৰ দীঘলীয়া বিৰতিৰ অন্তত নতুন উদ্যমেৰে ট্ৰেক এণ্ড ফিল্ডলৈ উভতিবলৈ সাজু হিমা দাস
আজিৰে পৰা পুনৰ মুকলি পবিতৰা অভয়াৰণ্য
মহাকাশৰ পৰা অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী ‘শিহু’ৰ গতিবিধি নিৰীক্ষণ
৫.৫৪%লৈ বৃদ্ধি খুচুৰা মুদ্রাস্ফীতি
তুলা ৰাশিত অস্ত হ’ব শুক্ৰ গ্ৰহৰ; ৪ ৰাশিৰ জাতক-জাতিকাৰ সমস্যা বৃদ্ধিৰ সম্ভাৱনা
চৰকাৰী কার্যসূচী লৈ ১৬ অক্টোবৰৰ পৰা ২২ অক্টোবৰলৈ পবিত্ৰ মাৰ্ঘেৰিটাৰ বিদেশ ভ্ৰমণ
বিশিষ্ট স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ শান্তি মেধিৰ পৰলোক প্ৰাপ্তি
ভাৰতীয় মহিলা দলৰ অধিনায়কৰ পদ এৰিলে হৰমনপ্রীত কৌৰে
তিনিচুকীয়াৰ বেংক বিষয়াক ধন দাবীৰে ব্লেকমেইল; যোৰহাটত হনীট্ৰেপিং চক্ৰৰ ৫জনক গ্ৰেপ্তাৰ