--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: চামগুৰি সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে কংগ্ৰেছ ত্যাগ কৰা বুলি কালি কংগ্ৰেছৰে আন এগৰাকী বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে সংবাদ মাধ্যমত মন্তব্য কৰাৰ পাছতে ৰাজ্যত ৰাজনীতিত সৃষ্টি হৈছিল চাঞ্চল্যৰ৷ সংবাদ মাধ্যমত বাতৰিটো সম্প্ৰচাৰ হোৱাৰ পাছতে কংগ্ৰেছৰ ভিতৰে-বাহিৰেও সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ৷ অসম প্ৰদেশ কংগ্ৰেছ সমিতিয়ে স্থিতি স্পষ্ট কৰি ৰকিবুল হুছেইনৰ পদত্যাগ এক উদ্দেশ্যপ্ৰণোদিত আৰু ভুৱা খবৰ বুলি আখ্যা দিছিল৷

 

কংগ্ৰেছৰ চীফ হুইপ ৱাজেদ আলী চৌধুৰীয়ে ৰকিবুল হুছেইন সম্পৰ্কত মন্তব্য কৰি কৈছিল যে কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সভাত দলীয় সভাপতি ভূপেন কুমাৰ বৰাই ৰকিবুল হুছেইনৰ পৰামৰ্শ গ্ৰহণ নকৰাৰ বাবেই ৰকিবুল হুছেইনে কংগ্ৰেছৰ পদত্যাগ কৰিছে৷ ৱাজেদ আলী চৌধুৰীৰ এই মন্তব্যৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছ সভাপতি ভূপেন বৰাই ৱাজেদ আলী চৌধুৰীৰ মন্তব্যক ভিত্তিহীন আখ্যা দিছিল৷ 

 

আজি হজৰ পৰা উভতি দিল্লীত উপস্থিত হৈ ৰকিবুল হুছেইনে সমগ্ৰ বিষয়টো সম্পৰ্কত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে৷ তেওঁ কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰা নাই বুলি সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে৷ ৱাজেদ আলী চৌধুৰীয়ে কিয় কৈছে তেওঁহে জানে বুলি কৈ ৰকিবুল হুছেইনে

কালিলৈৰ পৰা দলৰ হৈ আৰু অধিক সক্ৰিয় হৈ কাম কৰিব বুলি মন্তব্য কৰে৷ 

 

ৰকিবুল হুছেইনৰ পদত্যাগৰ খবৰ সম্প্ৰচাৰৰ পাছতে কালিৰে পৰা ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটত সৃষ্টি হৈছে আন কিছু প্ৰশ্নৰ৷ শেহতীয়াকৈ কিয় বাৰে বাৰে ৰকিবুল হুছেইনে পদত্যাগ কৰিব বুলি উৰা-বাতৰি ওলাই আছে ৰাজ্যৰ ৰাজনৈতিক মহলত? কংগ্ৰেছ এৰি অন্য ৰাজনৈতিক দলত যোগদানৰ কুচ-কাৱাজ চলাইছে নেকি ৰকিবুল হুছেইনে? কেইদিনমানপূৰ্বে খবৰ ওলাইছিল কংগ্ৰেছ এৰি ৰকিবুল হুছেইনে যোগদান কৰিব অগপত৷ আনকি, অগপ নেতৃত্বৰে যোগাযোগো চলা বুলি শুনা গৈছিল৷ সেই কথাও নস্যাৎ কৰিছিল ৰকিবুল হুছেইনে৷


আকৌ এবাৰ ৰকিবুল হুছেইনে কংগ্ৰেছ ত্যাগ কৰা বুলি উৰা-বাতৰিপ্ৰচাৰ হল৷ জানিব পৰা মতে, ৰকিবুল হুছেইনে নিজেও কংগ্ৰেছ এৰি অগপত যোগদানৰ মন মেলিছে৷ কিয়নো, ৰকিবুল হুছেইনৰে হিমন্ত বিশ্ব শৰ্মাৰ পুৰণি সম্পৰ্কৰ বিষয়ে সৰ্বজনবিদিত৷ সেয়ে মুখ্যমন্ত্ৰীৰ সহযোগিতা আৰু সুৰক্ষিত ৰাজনৈতিক ভৱিষ্যতৰ স্বাৰ্থত ৰকিবুল হুছেইনে অগপত যোগদান কৰিব পাৰে বুলি ৰাজ্যৰ ৰাজনৈতিক মহলে সন্দেহ প্ৰকাশ কৰি আহিছে৷ আনহাতে, অকল ৰকিবুল হুছেইনেই নহয়, কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়েও কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিব খবৰ ওলাই থাকে৷ আকৌ প্ৰদ্যুৎ বৰদলৈৰ সম্ভাৱ্য বিজেপি গমনৰ খবৰক নস্যাৎ কৰা দেখা নাই প্ৰদ্যুৎ বৰদলৈক৷


বৰদলৈয়েও কংগ্ৰেছৰ ভোটেৰে পৰৱৰ্তী লোকসভা নিৰ্বাচনত নগাঁৱৰ পৰা বিজয়ী হৈ অহাৰ সম্ভাৱনা তেনেই ক্ষীণ৷ এআইইউডিএফৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা ছেদ হোৱাৰ পাছত প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছত নিজৰ ৰাজনৈতিক ভৱিষ্যৎ সুৰক্ষিত বুলি হয়তো ভাবিব পৰা নাই৷ যাৰ বাবে প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিত যোগদানৰ চিন্তা-চৰ্চা কৰা বুলি ৰাজনৈতিক বিশ্লেষকসকলে কব খোজে৷

 

আৰু যদি খবৰ ওলোৱাৰ দৰেই কথাবোৰ হবলৈ হয়, তেন্তে কংগ্ৰেছৰ ভিতৰচৰা যে আভ্যন্তৰীণ কন্দলেৰে জৰ্জৰিত হৈছে, সেয়া নিশ্চিত৷ আৰু কংগ্ৰেছৰ এনে দুৰ্বলতাৰ সুযোগ লোৱাত সফল হব বিজেপি৷



 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ