--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: চামগুৰি সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে কংগ্ৰেছ ত্যাগ কৰা বুলি কালি কংগ্ৰেছৰে আন এগৰাকী বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে সংবাদ মাধ্যমত মন্তব্য কৰাৰ পাছতে ৰাজ্যত ৰাজনীতিত সৃষ্টি হৈছিল চাঞ্চল্যৰ৷ সংবাদ মাধ্যমত বাতৰিটো সম্প্ৰচাৰ হোৱাৰ পাছতে কংগ্ৰেছৰ ভিতৰে-বাহিৰেও সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ৷ অসম প্ৰদেশ কংগ্ৰেছ সমিতিয়ে স্থিতি স্পষ্ট কৰি ৰকিবুল হুছেইনৰ পদত্যাগ এক উদ্দেশ্যপ্ৰণোদিত আৰু ভুৱা খবৰ বুলি আখ্যা দিছিল৷

 

কংগ্ৰেছৰ চীফ হুইপ ৱাজেদ আলী চৌধুৰীয়ে ৰকিবুল হুছেইন সম্পৰ্কত মন্তব্য কৰি কৈছিল যে কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সভাত দলীয় সভাপতি ভূপেন কুমাৰ বৰাই ৰকিবুল হুছেইনৰ পৰামৰ্শ গ্ৰহণ নকৰাৰ বাবেই ৰকিবুল হুছেইনে কংগ্ৰেছৰ পদত্যাগ কৰিছে৷ ৱাজেদ আলী চৌধুৰীৰ এই মন্তব্যৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছ সভাপতি ভূপেন বৰাই ৱাজেদ আলী চৌধুৰীৰ মন্তব্যক ভিত্তিহীন আখ্যা দিছিল৷ 

 

আজি হজৰ পৰা উভতি দিল্লীত উপস্থিত হৈ ৰকিবুল হুছেইনে সমগ্ৰ বিষয়টো সম্পৰ্কত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে৷ তেওঁ কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰা নাই বুলি সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে৷ ৱাজেদ আলী চৌধুৰীয়ে কিয় কৈছে তেওঁহে জানে বুলি কৈ ৰকিবুল হুছেইনে

কালিলৈৰ পৰা দলৰ হৈ আৰু অধিক সক্ৰিয় হৈ কাম কৰিব বুলি মন্তব্য কৰে৷ 

 

ৰকিবুল হুছেইনৰ পদত্যাগৰ খবৰ সম্প্ৰচাৰৰ পাছতে কালিৰে পৰা ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটত সৃষ্টি হৈছে আন কিছু প্ৰশ্নৰ৷ শেহতীয়াকৈ কিয় বাৰে বাৰে ৰকিবুল হুছেইনে পদত্যাগ কৰিব বুলি উৰা-বাতৰি ওলাই আছে ৰাজ্যৰ ৰাজনৈতিক মহলত? কংগ্ৰেছ এৰি অন্য ৰাজনৈতিক দলত যোগদানৰ কুচ-কাৱাজ চলাইছে নেকি ৰকিবুল হুছেইনে? কেইদিনমানপূৰ্বে খবৰ ওলাইছিল কংগ্ৰেছ এৰি ৰকিবুল হুছেইনে যোগদান কৰিব অগপত৷ আনকি, অগপ নেতৃত্বৰে যোগাযোগো চলা বুলি শুনা গৈছিল৷ সেই কথাও নস্যাৎ কৰিছিল ৰকিবুল হুছেইনে৷


আকৌ এবাৰ ৰকিবুল হুছেইনে কংগ্ৰেছ ত্যাগ কৰা বুলি উৰা-বাতৰিপ্ৰচাৰ হ’ল৷ জানিব পৰা মতে, ৰকিবুল হুছেইনে নিজেও কংগ্ৰেছ এৰি অগপত যোগদানৰ মন মেলিছে৷ কিয়নো, ৰকিবুল হুছেইনৰে হিমন্ত বিশ্ব শৰ্মাৰ পুৰণি সম্পৰ্কৰ বিষয়ে সৰ্বজনবিদিত৷ সেয়ে মুখ্যমন্ত্ৰীৰ সহযোগিতা আৰু সুৰক্ষিত ৰাজনৈতিক ভৱিষ্যতৰ স্বাৰ্থত ৰকিবুল হুছেইনে অগপত যোগদান কৰিব পাৰে বুলি ৰাজ্যৰ ৰাজনৈতিক মহলে সন্দেহ প্ৰকাশ কৰি আহিছে৷ আনহাতে, অকল ৰকিবুল হুছেইনেই নহয়, কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়েও কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিব খবৰ ওলাই থাকে৷ আকৌ প্ৰদ্যুৎ বৰদলৈৰ সম্ভাৱ্য বিজেপি গমনৰ খবৰক নস্যাৎ কৰা দেখা নাই প্ৰদ্যুৎ বৰদলৈক৷


বৰদলৈয়েও কংগ্ৰেছৰ ভোটেৰে পৰৱৰ্তী লোকসভা নিৰ্বাচনত নগাঁৱৰ পৰা বিজয়ী হৈ অহাৰ সম্ভাৱনা তেনেই ক্ষীণ৷ এআইইউডিএফৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা ছেদ হোৱাৰ পাছত প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছত নিজৰ ৰাজনৈতিক ভৱিষ্যৎ সুৰক্ষিত বুলি হয়তো ভাবিব পৰা নাই৷ যাৰ বাবে প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিত যোগদানৰ চিন্তা-চৰ্চা কৰা বুলি ৰাজনৈতিক বিশ্লেষকসকলে ক’ব খোজে৷

 

আৰু যদি খবৰ ওলোৱাৰ দৰেই কথাবোৰ হ’বলৈ হয়, তেন্তে কংগ্ৰেছৰ ভিতৰচ’ৰা যে আভ্যন্তৰীণ কন্দলেৰে জৰ্জৰিত হৈছে, সেয়া নিশ্চিত৷ আৰু কংগ্ৰেছৰ এনে দুৰ্বলতাৰ সুযোগ লোৱাত সফল হ’ব বিজেপি৷



 


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত