--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুজৰাট উচ্চ ন্যায়ালয়ৰ দুজন ন্যায়াধীশে বিচাৰ কক্ষতে  কাজিয়াত লিপ্ত হোৱাৰ কথাই তাব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এটা বিষয়ত ৰায়দানকলৈয়েই বিচাৰক দুগৰাকীৰ মাজত মতভেদ হয় আৰু তাৰ পৰিণতিতে বাক-বতণ্ডাৰ পিবেশে বিৰাজ কৰে।  অৱশ্যে  তৰ্কৰ লিপ্ত হোৱা  এগৰাকী বিচাৰকে  ঘটনাটোৰ বাবে পিছত ক্ষমা  বিচাৰে।

প্ৰকৃততে কি ঘটিছিল? জানিব পৰা মতে  ন্যায়াধীশ বীৰেন বৈষ্ণো আৰু ন্যায়াধীশ মৌনা ভাটৰ  খণ্ড বিচাৰপীঠে এটা গোচৰত ৰায়দান কাৰ সময়ত ন্যায়াধীশ দুগৰাকীৰ মতভেদ হৈছিল।   পৰিস্থিতি ক্ৰমান্বয়ে উত্তপ্ত হৈ পৰিছিল।সেই  মুহূৰ্তটোৰ এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে । পিছত ইয়াক ইউটিউবৰ পৰা আঁতৰাই দিয়া হয়।  জ্যেষ্ঠ ন্যায়াধীশ বৈষ্ণোৱে এটা গোচৰত ৰায় দি আছিল। ন্যায়াধীশ ভাটে সেই ৰায়টো  ভালপোৱা নাছিল।ন্যায়াধীশ বৈষ্ণোক ভাটক কাণে কাণে কিবা ক'ব বিচাৰিছিল। 

ন্যায়াধীশ বৈষ্ণোৰ ভাটৰ  এনে আচৰণত  খং উঠিছিল। তেওঁ কৈছিল "যদি মতভেদ হয়, ন্যায়াধীশ ভাটে বেলেগ ৰায় দিব লাগে আৰু কোনো কথা  কাণত ফুচফুচাই কোৱা উচিত নহয়," । খঙৰ ভমকত ন্যায়াধীশ বৈষ্ণোৱে আদালত কক্ষৰ পৰা ওলাই যায় ।

কিন্তু  পিছত ন্যায়াধীশ বৈষ্ণোৱে ভাটৰ ওচৰত ক্ষমা বিচাৰে।ন্যায়াধীশ বৈষ্ণোৱে কয়  "সোমবাৰে যি ঘটিছিল তাৰ বাবে মই অত্যন্ত দুঃখিত," ।





FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত