--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাংলাদেশত সংখ্যালঘু হিন্দুসকলৰ ওপৰত চলি থকা অত্যাচাৰৰ বিষয়টো বুধবাৰে লোকসভাত উচ্চস্বৰে উত্থাপন হয়। এই বিষয়ত চৰকাৰৰ সন্মুখত বহু দাবী উত্থাপন কৰিছে বিজেপিৰ সাংসদসকলে। মথুৰাৰ পৰা বিজেপিৰ সাংসদ হেমা মালিনীয়ে জিৰ’ আৱাৰত এই বিষয়টোক লৈ উদ্বেগ প্ৰকাশ কৰি কয় যে বাংলাদেশত হিন্দু সম্প্ৰদায় আৰু ইস্কন সংগঠনৰ অনুগামীসকলৰ ওপৰত হোৱা আক্ৰমণ অতি নিন্দনীয়। ইস্কনৰ পুৰোহিত চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ কৰাৰ কথা উল্লেখ কৰি তেওঁ শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছিল যদিও তেওঁক দেশদ্ৰোহৰ অভিযোগত অভিযুক্ত কৰি জেললৈ প্ৰেৰণ কৰা বুলি কয়।

ধৰ্মৰ ওপৰত হোৱা অত্যাচাৰ একেবাৰে সহ্য কৰা নহ'ব

হেমা মালিনীয়ে কয় যে "চিন্ময় কৃষ্ণ দাসে মানৱতাৰ সেৱা কৰি আছিল। তেওঁৰ সমৰ্থনত সাক্ষ্য দিয়া দুজন লোককো গ্ৰেপ্তাৰ কৰা হয়। মই নিজেই ইস্কনৰ কৃষ্ণ ভক্ত আৰু অনুগামী। ধৰ্মৰ ওপৰত অত্যাচাৰ আমি সহ্য নকৰো। এয়া কেৱল বৈদেশিক নীতিৰ বিষয় নহয়, আমাৰ আৱেগৰ সৈতে জড়িত এটা প্ৰশ্ন।"

নিৰ্যাতন মানৱ অধিকাৰৰ গুৰুতৰ উলংঘা

অসমৰ সাংসদ দিলীপ শইকীয়াইও এই বিষয়টো উত্থাপন কৰি ভাৰতীয় সংসদক এটা প্ৰস্তাৱ গৃহীত কৰি বাংলাদেশ চৰকাৰলৈ বাৰ্তা প্ৰেৰণ কৰিবলৈ আহ্বান জনায় যে হিন্দুৰ ওপৰত চলি থকা অত্যাচাৰ বন্ধ কৰিব লাগে। তেওঁ কয় যে এনে অত্যাচাৰ মানৱ অধিকাৰৰ গুৰুতৰ উলংঘা আৰু ভাৰতে নিজৰ চুবুৰীয়া দেশৰ সংখ্যালঘুসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে পদক্ষেপ লোৱা উচিত।

সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰক

সাংসদ অনিল ফিৰোজিয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় চৰকাৰক বাংলাদেশ চৰকাৰৰ সৈতে এই বিষয়টো লৈ যাবলৈ আহ্বান জনায়। তেওঁ কয় যে ভাৰতে এই বিষয়ত সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰিব লাগে যাতে হিন্দু সমাজে বাংলাদেশত নিৰাপত্তা অনুভৱ কৰিব পাৰে।

সংসদত আনুষ্ঠানিক প্ৰস্তাৱ গৃহীত কৰি বাংলাদেশ চৰকাৰক সতৰ্ক কৰি দিয়াৰ দাবী উত্থাপন কৰে সাংসদসকলে। তেওঁ কয় যে সংখ্যালঘু জনগোষ্ঠীৰ সুৰক্ষা নিশ্চিত কৰাটো আন্তঃৰাষ্ট্ৰীয় কৰ্তব্য আৰু বাংলাদেশে এই দিশত তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰিব লাগে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post