--°C
Loading...
Listen to Article
2 min read
80%



ডিজিটেল ডেস্কঃ  ভূপালৰ আইছবাগ অঞ্চলত ঘটিছে এক অঘটন। ঘৰুৱা বিবাদৰ বাবে পত্নী বিনীতা আৰু পত্নীৰ ভনীয়েকক দাৰে ঘফিয়াই  হত্যা কৰে আৰক্ষী বিষয়া যোগেশ মাৰাৱীয়ে। ঘটনাৰ পিছতে পলায়ন কৰে অভিযুক্তই। আৰক্ষীয়ে মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে অভিযুক্তৰ সন্ধানত কেইবাটাও দল মোতায়েন কৰা হৈছে।



তথ্য অনুসৰি এ এছ আই যোগেশ মাৰাৱীৰ পত্নীৰ সৈতে বিবাদ চলি আছিল।  যোগেশৰ পত্নী বিনীতাই  আইছবাগ থানা এলেকাৰ প্ৰভাত পেট্ৰল পাম্পৰ সমীপত ভগ্নীৰ সৈতে ভাড়াতীয়া ফ্লেটত বাস কৰিছিল। যোগেশৰ পত্নীৰ লগত কিছুদিনৰ পৰা কাজিয়া চলি আছিল। সোমবাৰে পুৱা ঘৰৰ বনকৰা মহিলাঘৰাকী ফ্লেটলৈ আহিছিল।


ইয়াৰ পিছত যোগেশৰ পত্নী বিনীতাই বনকৰা মহিলাগৰাকীৰ বাবে দুৱাৰখন খুলি দিলে। ইফালে যোগেশেও ফ্লেটটোত প্ৰৱেশ কৰিলে। তাৰ পিছত যোগেশ আৰু বিনীতাৰ মাজত কাজিয়া আৰম্ভ হয় আৰু যোগেশে পত্নী বিনীতাক দাৰে আক্ৰমণ কৰে। বিনীতাৰ চিঞৰ শুনি ভনীয়েকে তেওঁক বচাবলৈ আহিছিল যদিও যোগেশে তেওঁকো দাৰে আক্ৰমণ কৰিলে। সকলো ইমান খৰধৰকৈ হৈ গ’ল যে কোনোৱে একো বুজি পোৱাৰ আগতেই বিনীতা আৰু তেওঁৰ ভনীয়েকৰ মৃত্যু হ’ল।



ইয়াৰ পিছতে বনকৰা মহিলাগৰাকীয়ে ওচৰ-চুবুৰীয়াক খবৰ দিয়ে, তাৰ পিছত আইছবাগ থানাৰ দলটো সেই স্থানত উপস্থিত হয়। বিষয়টোৰ ভয়াবহতা দেখি আৰক্ষী আয়ুক্তই ঘটনাস্থলী পৰিদৰ্শন কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post