--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইংলেণ্ডৰ দ্য হাণ্ড্ৰেড লীগ, দলৰ বিক্ৰীৰ বাবে অহৰহ বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। এতিয়া এটা নতুন প্ৰতিবেদনত প্ৰকাশ পাইছে যে মুম্বাই ইণ্ডিয়ানছৰ ফ্ৰেঞ্চাইজিয়ে দ্য হাণ্ড্ৰেডৰ অভাল ইনভিনচিবলছৰ ৪৯ শতাংশ অংশীদাৰিত্ব ক্ৰয় কৰিছে। অভাল ইনভিনচিবলছ এই লীগৰ ডিফেণ্ডিং চেম্পিয়ন আৰু দুবাৰকৈ ‘দ্য হাণ্ড্ৰেড’ খিতাপ দখল কৰিছে। চিভিচি কেপিটেল নামৰ এটা কোম্পানী আৰু আন কেইবাজনো হাই-প্ৰফাইল বিনিয়োগকাৰীক পৰাস্ত কৰি ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে এই দলটোৰ অংশীদাৰিত্ব লাভ কৰিছে।

ইণ্ডিয়া টুডেৰ তথ্য অনুসৰি দ্য অভাল ইনভিনচিবলছৰ বাবে সৰ্বাধিক বিড আছিল ১২৩ মিলিয়ন পাউণ্ড। এতিয়া যিহেতু এম আইয়ে এই দলটোত ৪৯ শতাংশ অংশীদাৰিত্ব লাভ কৰিছে, গতিকে ইয়াৰ বাবে প্ৰায় ৬ কোটি পাউণ্ড দিব লাগিব। ভাৰতীয় মুদ্ৰাত এয়া প্ৰায় ৬৪৫ কোটি টকাৰ সমতুল্য। ইয়াৰ লগে লগে অভাল ইনভিনচিবলছ ষষ্ঠটো দল হিচাপে পৰিগণিত হ’ব যিটো ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ পৰিচালনাৰ দ্বাৰা নিয়ন্ত্ৰিত হ’ব। ইয়াৰ পূৰ্বে মুম্বাই ইণ্ডিয়ানছে আই পি এল আৰু মহিলা প্ৰিমিয়াৰ লীগ (ডব্লিউ পি এল)ত জয়ী হৈছিল। আনহাতে মেজৰ লীগ ক্ৰিকেটত এম আই নিউয়ৰ্ক, এছ এ ২০ত এম আই কেপ টাউন আৰু আই এল টি ২০ত এম আই এমিৰেটছ আম্বানী পৰিয়ালৰ অন্তৰ্গত।

লণ্ডনৰ পৰা পৰিচালিত দলসমূহৰ ভিতৰত এটা দল কিনিব বিচাৰিছিল আম্বানী পৰিয়ালে। তেওঁৰ চকু লণ্ডন স্পিৰিটৰ ওপৰত আছিল। উল্লেখ্য যে কিছুমান সংবাদ মাধ্যমৰ বাতৰি অনুসৰি গুগলৰ চিইঅ’ সুন্দৰ পিচাইও অ’ভেল ইনভিনচিবলছৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছিল যদিও নতুন তথ্য অনুসৰি মুম্বাই ইণ্ডিয়ানছে বিডত জয়ী হৈছে। দ্য অভাল ইনভিনচিবলছৰ কথা ক’বলৈ গ’লে ইয়াৰ ৪৯ শতাংশ অংশীদাৰিত্ব এতিয়া আম্বানী পৰিয়ালৰ আৰু বাকী ৫১ শতাংশ অংশীদাৰিত্ব ছাৰে কাউন্টি ক্ৰিকেট ক্লাবৰ। যদি ভৱিষ্যতে ছাৰে ক্লাবে নিজৰ শ্বেয়াৰ বিক্ৰী কৰিব বিচাৰে তেন্তে এম আই ফ্ৰেঞ্চাইজিয়েও এই দলটোৰ সম্পূৰ্ণ মালিকীস্বত্ব লাভ কৰিব পাৰে। প্ৰতিবেদন অনুসৰি এতিয়াৰ বাবে ছাৰে কাউন্টি ক্ৰিকেট ক্লাবে নিজৰ শ্বেয়াৰ বিক্ৰী কৰাৰ মানসিকতা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post