--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইংলেণ্ডৰ দ্য হাণ্ড্ৰেড লীগ, দলৰ বিক্ৰীৰ বাবে অহৰহ বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। এতিয়া এটা নতুন প্ৰতিবেদনত প্ৰকাশ পাইছে যে মুম্বাই ইণ্ডিয়ানছৰ ফ্ৰেঞ্চাইজিয়ে দ্য হাণ্ড্ৰেডৰ অভাল ইনভিনচিবলছৰ ৪৯ শতাংশ অংশীদাৰিত্ব ক্ৰয় কৰিছে। অভাল ইনভিনচিবলছ এই লীগৰ ডিফেণ্ডিং চেম্পিয়ন আৰু দুবাৰকৈ ‘দ্য হাণ্ড্ৰেড’ খিতাপ দখল কৰিছে। চিভিচি কেপিটেল নামৰ এটা কোম্পানী আৰু আন কেইবাজনো হাই-প্ৰফাইল বিনিয়োগকাৰীক পৰাস্ত কৰি ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে এই দলটোৰ অংশীদাৰিত্ব লাভ কৰিছে।

ইণ্ডিয়া টুডেৰ তথ্য অনুসৰি দ্য অভাল ইনভিনচিবলছৰ বাবে সৰ্বাধিক বিড আছিল ১২৩ মিলিয়ন পাউণ্ড। এতিয়া যিহেতু এম আইয়ে এই দলটোত ৪৯ শতাংশ অংশীদাৰিত্ব লাভ কৰিছে, গতিকে ইয়াৰ বাবে প্ৰায় ৬ কোটি পাউণ্ড দিব লাগিব। ভাৰতীয় মুদ্ৰাত এয়া প্ৰায় ৬৪৫ কোটি টকাৰ সমতুল্য। ইয়াৰ লগে লগে অভাল ইনভিনচিবলছ ষষ্ঠটো দল হিচাপে পৰিগণিত হ’ব যিটো ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ পৰিচালনাৰ দ্বাৰা নিয়ন্ত্ৰিত হ’ব। ইয়াৰ পূৰ্বে মুম্বাই ইণ্ডিয়ানছে আই পি এল আৰু মহিলা প্ৰিমিয়াৰ লীগ (ডব্লিউ পি এল)ত জয়ী হৈছিল। আনহাতে মেজৰ লীগ ক্ৰিকেটত এম আই নিউয়ৰ্ক, এছ এ ২০ত এম আই কেপ টাউন আৰু আই এল টি ২০ত এম আই এমিৰেটছ আম্বানী পৰিয়ালৰ অন্তৰ্গত।

লণ্ডনৰ পৰা পৰিচালিত দলসমূহৰ ভিতৰত এটা দল কিনিব বিচাৰিছিল আম্বানী পৰিয়ালে। তেওঁৰ চকু লণ্ডন স্পিৰিটৰ ওপৰত আছিল। উল্লেখ্য যে কিছুমান সংবাদ মাধ্যমৰ বাতৰি অনুসৰি গুগলৰ চিইঅ’ সুন্দৰ পিচাইও অ’ভেল ইনভিনচিবলছৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছিল যদিও নতুন তথ্য অনুসৰি মুম্বাই ইণ্ডিয়ানছে বিডত জয়ী হৈছে। দ্য অভাল ইনভিনচিবলছৰ কথা ক’বলৈ গ’লে ইয়াৰ ৪৯ শতাংশ অংশীদাৰিত্ব এতিয়া আম্বানী পৰিয়ালৰ আৰু বাকী ৫১ শতাংশ অংশীদাৰিত্ব ছাৰে কাউন্টি ক্ৰিকেট ক্লাবৰ। যদি ভৱিষ্যতে ছাৰে ক্লাবে নিজৰ শ্বেয়াৰ বিক্ৰী কৰিব বিচাৰে তেন্তে এম আই ফ্ৰেঞ্চাইজিয়েও এই দলটোৰ সম্পূৰ্ণ মালিকীস্বত্ব লাভ কৰিব পাৰে। প্ৰতিবেদন অনুসৰি এতিয়াৰ বাবে ছাৰে কাউন্টি ক্ৰিকেট ক্লাবে নিজৰ শ্বেয়াৰ বিক্ৰী কৰাৰ মানসিকতা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ