--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুম্বাইৰ পঞ্চমগৰাকী বলাৰ হিচাপে ৰঞ্জি ট্রফীত হেটত্রিক অৰ্জনৰ কৃতিত্ব অৰ্জন কৰিলে ছাৰ্দুল ঠাকুৰে। মেঘালয়ৰ বিৰুদ্ধে ৰঞ্জি ট্রফীৰ এলিট গ্রুপ 'এ'ৰ খেলখনৰ প্ৰথম দিনা ছাৰ্দুলে হেটত্রিকসহ দখল কৰা ৪টা উইকেটৰ সহায়ত মুম্বায়ে প্রথম দিনাই চালকৰ আসনত বহিছে। 

ছাৰ্দুলে দাঙি ধৰা দুৰন্ত প্ৰদৰ্শনেৰে প্ৰথমে বেট ধৰা মেঘালয়ক প্রথম ইনিংছত মাথোঁ ৮৬ ৰানতে সীমিত ৰাখে মুম্বায়ে। পৰৱৰ্তী সময়ত মুম্বায়ে প্রথম ইনিংছ আৰম্ভ কৰি দুটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ২১৩ ৰান। দিনান্তত সিদ্ধেশ লাড ৮৯ আৰু আজিংক্য ৰাহানেই ৮৩ ৰানত বেট ধৰি থাকে। ইফালে, বেংগালুৰুত অনুষ্ঠিত গ্রুপ 'চি'ৰ খেলখনত হাৰিয়ানাৰ বিৰুদ্ধে প্রথম দিনা কর্ণাটকে প্রথম ইনিংছত সংগ্ৰহ কৰে ৫ উইকেটত ২৬৭ ৰান। ২০২০ চনৰ ফেব্ৰুৱাৰীত শেষবাৰলৈ ঘৰুৱা প্ৰতিযোগিতাখনত খেলা ৰাহুল তিনি নম্বৰত বেট ধৰিবলৈ আহি ৩৭টা বলত ২৬ ৰান কৰি আউট হয়। 

আনহাতে, দিল্লীৰ অৰুণ জেটলি ষ্টেডিয়ামত দীর্ঘ ১২ বছৰৰ বিৰতিত তাৰকা বেটাৰ বিৰাট কোহলীয়ে ৰঞ্জি ট্ৰফীৰ খেলত নামে।ৰে'লৱেই ২৪১ ৰানত প্ৰথম ইনিংছ সামৰাৰ পাছত দিল্লীয়ে প্ৰথম দিনৰ সামৰণিৰ পৰলৈকে খেলি এটা উইকেট হেৰুৱাই ৪১ ৰান কৰিছে। দিল্লী তেনেদৰেই ২০০ ৰানত পিছ পৰি আছে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ