--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিদেশলৈ ঘেঁহু ৰপ্তানি কৰিবলৈ সাজু হৈছে ভাৰত চৰকাৰ৷ ঘেঁহু ৰপ্তানিৰ বিষয়ে আলোচনা কৰিবলৈ কেন্দ্ৰই নখন দেশলৈ প্ৰেৰণ কৰিব প্ৰতিনিধি৷ বিশ্বব্যাপী বৰ্ধিত চাহিদাৰ মাজত ভাৰতে ২০২২-২৩ বৰ্ষত ঘেঁহু ৰপ্তানিৰ অভিলেখ ১০ নিযুত টনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। কেন্দ্ৰই ঘেঁহু ৰপ্তানিৰ বিষয়ে আলোচনা কৰিবলৈ মৰক্কো, টিউনিচিয়া, ইণ্ডোনেছিয়া, ফিলিপাইনছ, থাইলেণ্ড, ভিয়েটনাম, তুৰস্ক, আলজেৰিয়া আৰু লেবাননলৈ প্ৰতিনিধি দল প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰিছে।

কেন্দ্ৰীয় চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰণালয়ে বৃহস্পতিবাৰে কালি এক বিবৃতিযোগে এই তথ্য সদৰী কৰে৷ ২০২১-২২ বৰ্ষত ভাৰতে ২.০৫ ডলাৰ বিলিয়ন ডলাৰ মূল্যৰ অভিলেখসংখ্যক সাত মেট্ৰিক টন ঘেঁহু ৰপ্তানি কৰিছিল৷ প্ৰায় ৫০% ঘেঁহু বাংলাদেশলৈ ৰপ্তানি কৰা হৈছিল। ইজিপ্তে ভাৰতৰ পৰা ৬.১ মেট্ৰিক টন ঘেঁহু আমদানি কৰিছিল৷ 

কেন্দ্ৰই কৃষি আৰু সংসাধিত খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন প্ৰাধিকৰণৰ (এপিইডিএ) অধীনত বিভিন্ন মন্ত্ৰণালয়ৰ প্ৰতিনিধিৰ সৈতে ঘেঁহু ৰপ্তানিৰ বাবে এটা টাস্ক ফ’ৰ্চ গঠন কৰিছে৷ মন্ত্ৰণালয়ে কয় যে কৃষক, ব্যৱসায়ী আৰু ৰপ্তানিকৰ্তাসকলক ভাৰতক ঘেঁহুৰ এক নিৰ্ভৰযোগ্য গোলকীয় যোগানকৰ্তা হিচাপে আত্মপ্ৰকাশ কৰাৰ বাবে মানৰ নিয়ম অনুসৰণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে কিয়নো বিশ্বব্যাপী ভাৰতীয় ঘেঁহুৰ চাহিদা বৃদ্ধি পাইছে।

বাণিজ্য বিভাগে পঞ্জাব, হাৰিয়ানা, মধ্য প্ৰদেশ, উত্তৰ প্ৰদেশ আৰু ৰাজস্থানৰ দৰে মুখ্য ঘেঁহু খেতি কৰা ৰাজ্যসমূহত ৰপ্তানিৰ ক্ষেত্ৰত বৈঠকৰ পৰিকল্পনা কৰিছে। ইয়াৰ পূৰ্বে এপিইডিএ-য়ে উন্নত মানৰ ঘেঁহু ৰপ্তানিৰ প্ৰচাৰৰ বাবে হাৰিয়ানাৰ কৰ্ণালত কৃষক, ব্যৱসায়ী আৰু ৰপ্তানিকৰ্তাসকলৰ সৈতে পৃথকে মত-বিনিময় অধিৱেশনৰ আয়োজন কৰিছিল।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত