--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিদেশলৈ ঘেঁহু ৰপ্তানি কৰিবলৈ সাজু হৈছে ভাৰত চৰকাৰ৷ ঘেঁহু ৰপ্তানিৰ বিষয়ে আলোচনা কৰিবলৈ কেন্দ্ৰই নখন দেশলৈ প্ৰেৰণ কৰিব প্ৰতিনিধি৷ বিশ্বব্যাপী বৰ্ধিত চাহিদাৰ মাজত ভাৰতে ২০২২-২৩ বৰ্ষত ঘেঁহু ৰপ্তানিৰ অভিলেখ ১০ নিযুত টনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। কেন্দ্ৰই ঘেঁহু ৰপ্তানিৰ বিষয়ে আলোচনা কৰিবলৈ মৰক্কো, টিউনিচিয়া, ইণ্ডোনেছিয়া, ফিলিপাইনছ, থাইলেণ্ড, ভিয়েটনাম, তুৰস্ক, আলজেৰিয়া আৰু লেবাননলৈ প্ৰতিনিধি দল প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰিছে।

কেন্দ্ৰীয় চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰণালয়ে বৃহস্পতিবাৰে কালি এক বিবৃতিযোগে এই তথ্য সদৰী কৰে৷ ২০২১-২২ বৰ্ষত ভাৰতে ২.০৫ ডলাৰ বিলিয়ন ডলাৰ মূল্যৰ অভিলেখসংখ্যক সাত মেট্ৰিক টন ঘেঁহু ৰপ্তানি কৰিছিল৷ প্ৰায় ৫০% ঘেঁহু বাংলাদেশলৈ ৰপ্তানি কৰা হৈছিল। ইজিপ্তে ভাৰতৰ পৰা ৬.১ মেট্ৰিক টন ঘেঁহু আমদানি কৰিছিল৷ 

কেন্দ্ৰই কৃষি আৰু সংসাধিত খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন প্ৰাধিকৰণৰ (এপিইডিএ) অধীনত বিভিন্ন মন্ত্ৰণালয়ৰ প্ৰতিনিধিৰ সৈতে ঘেঁহু ৰপ্তানিৰ বাবে এটা টাস্ক ফ’ৰ্চ গঠন কৰিছে৷ মন্ত্ৰণালয়ে কয় যে কৃষক, ব্যৱসায়ী আৰু ৰপ্তানিকৰ্তাসকলক ভাৰতক ঘেঁহুৰ এক নিৰ্ভৰযোগ্য গোলকীয় যোগানকৰ্তা হিচাপে আত্মপ্ৰকাশ কৰাৰ বাবে মানৰ নিয়ম অনুসৰণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে কিয়নো বিশ্বব্যাপী ভাৰতীয় ঘেঁহুৰ চাহিদা বৃদ্ধি পাইছে।

বাণিজ্য বিভাগে পঞ্জাব, হাৰিয়ানা, মধ্য প্ৰদেশ, উত্তৰ প্ৰদেশ আৰু ৰাজস্থানৰ দৰে মুখ্য ঘেঁহু খেতি কৰা ৰাজ্যসমূহত ৰপ্তানিৰ ক্ষেত্ৰত বৈঠকৰ পৰিকল্পনা কৰিছে। ইয়াৰ পূৰ্বে এপিইডিএ-য়ে উন্নত মানৰ ঘেঁহু ৰপ্তানিৰ প্ৰচাৰৰ বাবে হাৰিয়ানাৰ কৰ্ণালত কৃষক, ব্যৱসায়ী আৰু ৰপ্তানিকৰ্তাসকলৰ সৈতে পৃথকে মত-বিনিময় অধিৱেশনৰ আয়োজন কৰিছিল।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ