--°C
Loading...
Listen to Article
2 min read
80%


বিশ্বনাথঃ বিশ্বনাথৰ মধুপুৰত সংঘটিত হৈছে এক ভয়াৱহ পথদুৰ্ঘটনা। স্কুলীয়া ছাত্ৰৰ বাইকৰ খুন্দাত গুৰুত্বৰভাৱে আহত হৈছে ফ্লিপ কাৰ্ডৰ সামগ্ৰী বিতৰণ কৰা এগৰাকী মহিলা। বিশ্বনাথৰ মধুপুৰৰ নিবাসী প্ৰয়াত বুল গগৈৰ পত্নী মামন গগৈ দুৰ্ঘটনাত পতিত হয়।

স্বামীৰ অকাল বিয়োগৰ পাছৰেপৰা পৰাই ফ্লিপ কাৰ্ডৰ অনলাইন সামগ্ৰী ঘৰে ঘৰে বিতৰণ কৰি নিজৰ পৰিয়াল তথা নিজৰ সন্তানক পোহ-পাল দি আহিছিল মহিলাগৰাকীয়ে। আনদিনাৰ দৰেই আজিও মামন গগৈয়ে নিজৰ স্কুটীৰে ফ্লিপ কাৰ্ডৰ কাৰ্যালয়লৈ আহি থকা অৱস্থাতে As 32 -7705 নম্বৰৰ ৰঙা ৰঙৰ পালছাৰ বাইকেৰে অহা এগৰাকী বিদ্যালয়ৰ ছাত্ৰই স্কুটীখনত প্ৰচণ্ড জোৰত খুন্দা মৰাৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনাটো।

দুৰ্ঘটনাটোত গুৰুত্বৰভাৱে আহত হোৱা স্কুটী আৰোহী মামন গগৈৰ এখন ভৰি সম্পূৰ্ণভাৱে ভাগি যায়। স্থানীয় লোকে লগে লগে আহত মামনক ১০৮ সেৱাৰে বিশ্বনাথ চাৰিআলি মহকুমা অসামৰিক চিকিৎসালয়লৈ লৈ আনে যদিও অৱস্হা সংকটজনক হোৱাৰ বাবে উন্নত চিকিৎসাৰ বাবে চিকিৎসকে তেজপুৰলৈ প্ৰেৰণ কৰে। ঘটনা সংঘটিত হোৱাৰ পাছতে বিশ্বনাথ চাৰিআলি যান-বাহন আৰক্ষীয়ে দুয়োখন দুৰ্ঘটনাগ্ৰস্থ বাহন জব্দ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post