--°C
Loading...
Listen to Article
2 min read
80%


বিশ্বনাথঃ বিশ্বনাথৰ মধুপুৰত সংঘটিত হৈছে এক ভয়াৱহ পথদুৰ্ঘটনা। স্কুলীয়া ছাত্ৰৰ বাইকৰ খুন্দাত গুৰুত্বৰভাৱে আহত হৈছে ফ্লিপ কাৰ্ডৰ সামগ্ৰী বিতৰণ কৰা এগৰাকী মহিলা। বিশ্বনাথৰ মধুপুৰৰ নিবাসী প্ৰয়াত বুল গগৈৰ পত্নী মামন গগৈ দুৰ্ঘটনাত পতিত হয়।

স্বামীৰ অকাল বিয়োগৰ পাছৰেপৰা পৰাই ফ্লিপ কাৰ্ডৰ অনলাইন সামগ্ৰী ঘৰে ঘৰে বিতৰণ কৰি নিজৰ পৰিয়াল তথা নিজৰ সন্তানক পোহ-পাল দি আহিছিল মহিলাগৰাকীয়ে। আনদিনাৰ দৰেই আজিও মামন গগৈয়ে নিজৰ স্কুটীৰে ফ্লিপ কাৰ্ডৰ কাৰ্যালয়লৈ আহি থকা অৱস্থাতে As 32 -7705 নম্বৰৰ ৰঙা ৰঙৰ পালছাৰ বাইকেৰে অহা এগৰাকী বিদ্যালয়ৰ ছাত্ৰই স্কুটীখনত প্ৰচণ্ড জোৰত খুন্দা মৰাৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনাটো।

দুৰ্ঘটনাটোত গুৰুত্বৰভাৱে আহত হোৱা স্কুটী আৰোহী মামন গগৈৰ এখন ভৰি সম্পূৰ্ণভাৱে ভাগি যায়। স্থানীয় লোকে লগে লগে আহত মামনক ১০৮ সেৱাৰে বিশ্বনাথ চাৰিআলি মহকুমা অসামৰিক চিকিৎসালয়লৈ লৈ আনে যদিও অৱস্হা সংকটজনক হোৱাৰ বাবে উন্নত চিকিৎসাৰ বাবে চিকিৎসকে তেজপুৰলৈ প্ৰেৰণ কৰে। ঘটনা সংঘটিত হোৱাৰ পাছতে বিশ্বনাথ চাৰিআলি যান-বাহন আৰক্ষীয়ে দুয়োখন দুৰ্ঘটনাগ্ৰস্থ বাহন জব্দ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা
১২৫ বছৰৰ পাছত ২০২৬ চনৰ আগষ্ট মাহটো আছিল ভাৰতৰ আটাইতকৈ উষ্ণ আগষ্ট মাহ