--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২০০৬ চনত বাৰানসীত সংঘটিত ধাৰাবাহিক বোমা বিস্ফোৰণৰ ১৬ বছৰ পিছত মূল অভিযুক্ত সন্ত্ৰাসবাদী ৱালিউল্লাহ খানক গাজিয়াবাদৰ আদালতে দুটা গোচৰত দোষী সাব্যস্ত কৰিছে। অভিযুক্ত ৱালিউল্লাহ ওৰফে টুণ্ডা বৰ্তমান দাসনা কাৰাগাৰত বন্দী হৈ আছে। ৱালিউল্লাহৰ বিৰুদ্ধে ৬ টা গোচৰ পঞ্জীয়ন কৰা হৈছিল। ইয়াৰ ভিতৰত তেওঁ বৰ্তমান পৰ্যন্ত ৪ টা গোচৰত দোষী সাব্যস্ত হৈছে। গাজিয়াবাদ জিলা আৰু সত্ৰ আদালতে আজি সন্ত্ৰাসবাদী ৱালিউল্লাহৰ শাস্তি ঘোষণা কৰিব।

গাজিয়াবাদ জিলা সত্ৰ ন্যায়াধীশ জীতেন্দ্ৰ কুমাৰ সিনহাই ৱালিউল্লাহক শনিবাৰে দুটা গোচৰত দোষী সাব্যস্ত কৰে। অৱশ্যে অপৰ্যাপ্ত প্ৰমাণৰ বাবে ৱালিউল্লাহক আন এটা গোচৰত নিৰ্দোষী সাব্যস্ত কৰা হৈছে।

উল্লেখ্য যে ২০০৬ চনৰ ৭ মাৰ্চত বাৰানসীৰ সংকট মোচন মন্দিৰ আৰু সেনা নিবাস ৰেল ষ্টেচনত হোৱা বিস্ফোৰণত ২৮ জন নিহত হোৱাৰ লগতে ১০০ ৰো অধিক লোক আহত হৈছিল। উক্ত দিনা  সন্ধিয়া ৬.১৫ বজাত সংকট মোচক মন্দিৰৰ ভিতৰত প্ৰথম বিস্ফোৰণ সংঘটিত হয়। ১৫ মিনিটৰ পিছতে বাৰানসী সেনানিবাস ৰেল ষ্টেচনৰ প্ৰথম শ্ৰেণীৰ বিশ্ৰাম কক্ষৰ বাহিৰত আন এটা বোমা বিস্ফোৰণ হয়। একেদিনাই এখন আৰক্ষী থানাৰ ৰে’লৱে ক্ৰছিংৰ ৰেলিঙৰ ওচৰত আৰু দশশ্বমেধ ঘাটত বিস্ফোৰক সামগ্ৰী উদ্ধাৰ হয়।

২০০৬ চনৰ এপ্ৰিল মাহত বিস্ফোৰণৰ তদন্ত কৰি থকা বিশেষ টাস্ক ফ'ৰ্চে ৱালিউল্লাহ এই বিস্ফোৰণৰ মাষ্টাৰমাইণ্ড বুলি দাবী কৰে। লগতে বিশেষ টাস্ক ফ'ৰ্চে ৱালিউল্লাহ বাংলাদেশৰ এটা সন্ত্ৰাসবাদী গোট হৰকত-উল-জেহাদ আল ইছলামীৰ সৈতে জড়িত বুলিও দাবী কৰে। ২০০৬ চনৰ ৫ এপ্ৰিলত আৰক্ষীয়ে এই গোচৰটোৰ সন্দৰ্ভত লক্ষ্ণৌৰ গোচাইনগঞ্জ অঞ্চলৰ পৰা এলাহাবাদৰ ফুলপুৰ গাঁৱৰ বাসিন্দা ৱালিউল্লাহক গ্ৰেপ্তাৰ কৰে।

ৱালি উল্লাহৰ বিৰুদ্ধে সংকট মোচন মন্দিৰ আৰু বাৰাণসী কেণ্ট ৰেল ষ্টেচনত বিস্ফোৰণৰ ষড়যন্ত্ৰ ৰচনা কৰা আৰু সন্ত্ৰাসবাদ বিয়পোৱাৰ অভিযোগ উত্থাপিত হৈছিল। আনহাতে বাৰানসীৰ অধিবক্তাসকলে ৱালিউল্লাহৰ হৈ গোচৰটোত যুঁজিবলৈ অস্বীকাৰ কৰে। ইয়াৰ পিছতে উচ্চ ন্যায়ালয়ে গোচৰটো গাজিয়াবাদ জিলা ন্যায়াধীশৰ আদালতলৈ স্থানান্তৰ কৰে। তেতিয়াৰ পৰা গাজিয়াবাদৰ জিলা ন্যায়াধীশৰ আদালতত উক্ত গোচৰটোৰ শুনানি চলি আছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ