--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰ খন কিবাকৈহে চলি আছিল। স্বামীয়ে উপাৰ্জন বুলিবলৈ বিশেষ একো নকৰে। সেয়ে পত্নীয়ে বিচাৰি আছিল চাকৰি। এটা সময়ত পত্নীয়ে এটা চৰকাৰী চাকৰি পালেও। নাৰ্ছৰ প্ৰশিক্ষণ গ্ৰহণ কৰা পত্নীয়ে চৰকাৰী স্বাস্থ্যকেন্দ্ৰ এটাত নাৰ্ছ হিচাবে যোগদানৰ প্ৰস্তুতি চলাই থকাৰ সময়তে ঘটি গ’ল অঘটন৷ পত্নীয়ে চৰকাৰী চাকৰি পোৱাত মুঠেও সুখী হোৱা নাছিল স্বামী৷ সেয়ে ঈৰ্ষাত জ্বলি-পুৰি মৰা স্বামীয়ে ধাৰাল দা এখনেৰে পত্নীৰ হাত এখনকেই কাটি পেলালে৷

 ঘটনাটো ঘটিছে পশ্চিমবংগৰ পূব বৰ্ধমান জিলাৰ কেতুগ্ৰামত। স্বামী  শ্বৰিফুল শ্বেখৰ আক্ৰমণত হাত এখন হেৰুওৱা  
 ৰেণু খাতুনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ইপিনে অভিযুক্তজনৰ স্বামী শ্বৰিফুল শ্বেখ আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকল ঘটনাটোৰ পিছৰে পৰা পলাতক হৈ আছে।

কেতুগ্ৰামৰ কোজলচা গাঁৱত ৰেণু খাতুনৰ শহুৰেকৰ ঘৰ।ৰেণুৱে ২০১৭ চনৰ অক্টোবৰত কোজলচা গাঁৱৰ বাসিন্দা চিৰাজ শ্বেখৰ একমাত্ৰ পুত্ৰ শ্বেৰ মহম্মদ শ্বেখ ওৰফে শ্বৰিফুলৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল।শ্বৰিফুলে বিশেষ কোনো কাম কৰা নাছিল৷ ৰেণুৰ দেউতাক আজিজুল হকে জানিবলৈ দিয়া মতে জীয়েকৰ বিয়াত তেওঁ যৌতুক হিচাপে নগদ ১ লাখ টকা, গহনা, এখন স্কুটি আৰু আনুষঙ্গিক সামগ্ৰী দিছিল।

ৰেণুৱে বিয়াৰ আগতেই  নাৰ্চিং বিষয়ত প্ৰশিক্ষণ লৈ থৈছিল। কিছুদিন ধৰি ৰেণুৱে দুৰ্গাপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত নাৰ্ছ হিচাপে কাম কৰি আছিল। তাৰ পিছতে তেওঁ চৰকাৰী চাকৰিৰ সাক্ষাৎকাৰত  উত্তীৰ্ণ হয়। কেইদিনমান আগতে, তেওঁ চূড়ান্ত পৰীক্ষাতো উত্তীৰ্ণ হৈছিল আৰু চৰকাৰী চাকৰি লাভ কৰিছিল। দুৰ্গাপুৰৰ ব্যক্তিগত চিকিৎসালয়ত নাৰ্ছ হিচাবে কাম কৰি থাকোতে ৰেণু আৰু শ্বৰিফুলৰ সংসাৰ ঠিকেই চলিছিল৷ কিন্তু ৰেণুৱে চৰকাৰী চাকৰি লাভ কৰাৰ পিছত শ্বৰিফুল ঈৰ্ষাত জ্বলি-পুৰি মৰিবলৈ ধৰে৷ ৰেণুক চৰকাৰী চাকৰিত যোগদান নকৰিবলৈ শ্বৰিফুলে বাৰে বাৰে কোৱাৰ পিছতো ৰেণুৱে স্বামীৰ কথা শুনা নাছিল৷ৰেণুৱে  দুৰ্গাপুৰৰ ব্যক্তিগত চিকিৎসালয়ৰ নাৰ্ছৰ কামটোৰ পৰা পদত্যাগ কৰি অহাৰ নিশাই খঙত টিঙিৰিতুলা হৈ পৰা স্বামী শ্বৰিফুলে ৰেণুৰ হাত এখন কাটি পেলায়৷

 ৰেণুৰ চিঞৰ শুনি  চুবুৰীয়া লোকে ততাতৈয়াকৈ তেওঁলোকৰ ঘৰলৈ আহে আৰু ৰেণুক তেজৰ ডোঙাৰ মাজত পৰি থকা দেখা পায়৷ লগে লগে স্থানীয় লোকে ৰেণুক সংকটজনক অৱস্থাত  কাটৱা মহকুমা চিকিৎসালয়লৈ লৈ যায়৷  উন্নত  চিকিৎসাৰ বাবে তাৰ পৰা তেওঁক দুৰ্গাপুৰ মিছন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। তেওঁ এই মুহূৰ্তত ৰেণু  চিকিৎসালয়তে আছে আৰু তেওঁ এতিয়াও সংকটমুক্ত নহয় বুলি জানিব পৰা গৈছে৷

আৰক্ষীয়ে  ঘটনা সন্দৰ্ভত  শ্বৰিফুল, তেওঁৰ পিতৃ-মাতৃ আৰু দুজন বন্ধুৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে