--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰ খন কিবাকৈহে চলি আছিল। স্বামীয়ে উপাৰ্জন বুলিবলৈ বিশেষ একো নকৰে। সেয়ে পত্নীয়ে বিচাৰি আছিল চাকৰি। এটা সময়ত পত্নীয়ে এটা চৰকাৰী চাকৰি পালেও। নাৰ্ছৰ প্ৰশিক্ষণ গ্ৰহণ কৰা পত্নীয়ে চৰকাৰী স্বাস্থ্যকেন্দ্ৰ এটাত নাৰ্ছ হিচাবে যোগদানৰ প্ৰস্তুতি চলাই থকাৰ সময়তে ঘটি গ’ল অঘটন৷ পত্নীয়ে চৰকাৰী চাকৰি পোৱাত মুঠেও সুখী হোৱা নাছিল স্বামী৷ সেয়ে ঈৰ্ষাত জ্বলি-পুৰি মৰা স্বামীয়ে ধাৰাল দা এখনেৰে পত্নীৰ হাত এখনকেই কাটি পেলালে৷

 ঘটনাটো ঘটিছে পশ্চিমবংগৰ পূব বৰ্ধমান জিলাৰ কেতুগ্ৰামত। স্বামী  শ্বৰিফুল শ্বেখৰ আক্ৰমণত হাত এখন হেৰুওৱা  
 ৰেণু খাতুনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ইপিনে অভিযুক্তজনৰ স্বামী শ্বৰিফুল শ্বেখ আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকল ঘটনাটোৰ পিছৰে পৰা পলাতক হৈ আছে।

কেতুগ্ৰামৰ কোজলচা গাঁৱত ৰেণু খাতুনৰ শহুৰেকৰ ঘৰ।ৰেণুৱে ২০১৭ চনৰ অক্টোবৰত কোজলচা গাঁৱৰ বাসিন্দা চিৰাজ শ্বেখৰ একমাত্ৰ পুত্ৰ শ্বেৰ মহম্মদ শ্বেখ ওৰফে শ্বৰিফুলৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল।শ্বৰিফুলে বিশেষ কোনো কাম কৰা নাছিল৷ ৰেণুৰ দেউতাক আজিজুল হকে জানিবলৈ দিয়া মতে জীয়েকৰ বিয়াত তেওঁ যৌতুক হিচাপে নগদ ১ লাখ টকা, গহনা, এখন স্কুটি আৰু আনুষঙ্গিক সামগ্ৰী দিছিল।

ৰেণুৱে বিয়াৰ আগতেই  নাৰ্চিং বিষয়ত প্ৰশিক্ষণ লৈ থৈছিল। কিছুদিন ধৰি ৰেণুৱে দুৰ্গাপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত নাৰ্ছ হিচাপে কাম কৰি আছিল। তাৰ পিছতে তেওঁ চৰকাৰী চাকৰিৰ সাক্ষাৎকাৰত  উত্তীৰ্ণ হয়। কেইদিনমান আগতে, তেওঁ চূড়ান্ত পৰীক্ষাতো উত্তীৰ্ণ হৈছিল আৰু চৰকাৰী চাকৰি লাভ কৰিছিল। দুৰ্গাপুৰৰ ব্যক্তিগত চিকিৎসালয়ত নাৰ্ছ হিচাবে কাম কৰি থাকোতে ৰেণু আৰু শ্বৰিফুলৰ সংসাৰ ঠিকেই চলিছিল৷ কিন্তু ৰেণুৱে চৰকাৰী চাকৰি লাভ কৰাৰ পিছত শ্বৰিফুল ঈৰ্ষাত জ্বলি-পুৰি মৰিবলৈ ধৰে৷ ৰেণুক চৰকাৰী চাকৰিত যোগদান নকৰিবলৈ শ্বৰিফুলে বাৰে বাৰে কোৱাৰ পিছতো ৰেণুৱে স্বামীৰ কথা শুনা নাছিল৷ৰেণুৱে  দুৰ্গাপুৰৰ ব্যক্তিগত চিকিৎসালয়ৰ নাৰ্ছৰ কামটোৰ পৰা পদত্যাগ কৰি অহাৰ নিশাই খঙত টিঙিৰিতুলা হৈ পৰা স্বামী শ্বৰিফুলে ৰেণুৰ হাত এখন কাটি পেলায়৷

 ৰেণুৰ চিঞৰ শুনি  চুবুৰীয়া লোকে ততাতৈয়াকৈ তেওঁলোকৰ ঘৰলৈ আহে আৰু ৰেণুক তেজৰ ডোঙাৰ মাজত পৰি থকা দেখা পায়৷ লগে লগে স্থানীয় লোকে ৰেণুক সংকটজনক অৱস্থাত  কাটৱা মহকুমা চিকিৎসালয়লৈ লৈ যায়৷  উন্নত  চিকিৎসাৰ বাবে তাৰ পৰা তেওঁক দুৰ্গাপুৰ মিছন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। তেওঁ এই মুহূৰ্তত ৰেণু  চিকিৎসালয়তে আছে আৰু তেওঁ এতিয়াও সংকটমুক্ত নহয় বুলি জানিব পৰা গৈছে৷

আৰক্ষীয়ে  ঘটনা সন্দৰ্ভত  শ্বৰিফুল, তেওঁৰ পিতৃ-মাতৃ আৰু দুজন বন্ধুৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ