--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৃষক আন্দোলনৰ পাছৰে পৰা বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ থকা ৰাকেশ টিকাইটে দেওবাৰে মুখ্যমন্ত্রী যোগী আদিত্যনাথৰ জন্মদিনত অভিনন্দন জনায়। জন্মদিনৰ অভিনন্দন জনাই মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ জনতাক সস্তীয়া বিদ্যুৎ উপহাৰ হিচাপে দিব লাগে বুলি কয় ৰাকেশ টিকাইটে।

দেওবাৰে মুজাফ্ফৰনগৰৰ পৰা দিল্লী অভিমুখে যোৱা পথত কংকৰখেদাৰ জিতৌলি গাঁৱৰ শিৱ মন্দিৰ কমপ্লেক্সত উপস্থিত হয় বি কে ইউৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ৰাকেশ টিকাইটে। তাত তেওঁ পৰিৱেশ দিৱসত গছপুলি ৰোপণ কৰাৰ পিছত সাংবাদিকৰ আগত কয় যে উত্তৰ প্ৰদেশৰ কৃষকে সৰ্বাধিক চুপাৰি আৰু ঘেঁহু উৎপাদন কৰি চৰকাৰক দিয়ে। চৰকাৰৰ আগত কৃষকসকলে যি সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে সেয়া সময়মতে সমাধান হ’লে, তেতিয়া আমাক এক নম্বৰ হোৱাত কোনেও বাধা দিব নোৱাৰে৷ কৃষকসকলেও কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহ’ব।’ 

তেওঁ লগতে কয়, ‘বৰ্তমান ৰাজ্যত বিদ্যুৎ ব্যয়বহুল। কৃষি আৰু কৃষকৰ বাহিৰেও ব্যৱসায় শক্তিশালী কৰিবলৈ বিদ্যুত্‍ৰ হাৰ সস্তীয়া হ’ব লাগিব। টিকাইটে ৰাজ্য চৰকাৰৰ পৰা যুৱক-যুৱতীসকলৰ বাবে এখন খেলপথাৰ দাবী কৰে। তেওঁ কয়, হাৰিয়ানাত যিদৰে এক শক্তিশালী ক্ৰীড়া আন্তঃগাঁথনি আছে, আমি ৰাজ্যৰ খেলুৱৈসকলকো সেই সুবিধা প্ৰদান কৰা উচিত।’

পৰিৱেশ দিৱস সন্দৰ্ভত টিকাইটে কয় যে, যিমান দ্ৰুতগতিত গছ কটা হৈছে সিমানেই দ্ৰুতগতিত প্ৰকৃতিয়ে বতৰ সলনি কৰিছে। প্ৰতিজন ব্যক্তিয়ে নিজৰ জন্মদিনত এজোপা গছপুলি ৰোপণ কৰিব লাগে। মুখ্যমন্ত্ৰীৰ যিমান বয়স হৈছে সিমানজোপা গছ পুলি ৰোপণ কৰিব লাগে। তেওঁ এনে কৰিলে আন লোকসকলেও অনুপ্ৰাণিত হ’ব।’
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস