--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৃষক আন্দোলনৰ পাছৰে পৰা বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ থকা ৰাকেশ টিকাইটে দেওবাৰে মুখ্যমন্ত্রী যোগী আদিত্যনাথৰ জন্মদিনত অভিনন্দন জনায়। জন্মদিনৰ অভিনন্দন জনাই মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ জনতাক সস্তীয়া বিদ্যুৎ উপহাৰ হিচাপে দিব লাগে বুলি কয় ৰাকেশ টিকাইটে।

দেওবাৰে মুজাফ্ফৰনগৰৰ পৰা দিল্লী অভিমুখে যোৱা পথত কংকৰখেদাৰ জিতৌলি গাঁৱৰ শিৱ মন্দিৰ কমপ্লেক্সত উপস্থিত হয় বি কে ইউৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ৰাকেশ টিকাইটে। তাত তেওঁ পৰিৱেশ দিৱসত গছপুলি ৰোপণ কৰাৰ পিছত সাংবাদিকৰ আগত কয় যে উত্তৰ প্ৰদেশৰ কৃষকে সৰ্বাধিক চুপাৰি আৰু ঘেঁহু উৎপাদন কৰি চৰকাৰক দিয়ে। চৰকাৰৰ আগত কৃষকসকলে যি সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে সেয়া সময়মতে সমাধান হ’লে, তেতিয়া আমাক এক নম্বৰ হোৱাত কোনেও বাধা দিব নোৱাৰে৷ কৃষকসকলেও কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহ’ব।’ 

তেওঁ লগতে কয়, ‘বৰ্তমান ৰাজ্যত বিদ্যুৎ ব্যয়বহুল। কৃষি আৰু কৃষকৰ বাহিৰেও ব্যৱসায় শক্তিশালী কৰিবলৈ বিদ্যুত্‍ৰ হাৰ সস্তীয়া হ’ব লাগিব। টিকাইটে ৰাজ্য চৰকাৰৰ পৰা যুৱক-যুৱতীসকলৰ বাবে এখন খেলপথাৰ দাবী কৰে। তেওঁ কয়, হাৰিয়ানাত যিদৰে এক শক্তিশালী ক্ৰীড়া আন্তঃগাঁথনি আছে, আমি ৰাজ্যৰ খেলুৱৈসকলকো সেই সুবিধা প্ৰদান কৰা উচিত।’

পৰিৱেশ দিৱস সন্দৰ্ভত টিকাইটে কয় যে, যিমান দ্ৰুতগতিত গছ কটা হৈছে সিমানেই দ্ৰুতগতিত প্ৰকৃতিয়ে বতৰ সলনি কৰিছে। প্ৰতিজন ব্যক্তিয়ে নিজৰ জন্মদিনত এজোপা গছপুলি ৰোপণ কৰিব লাগে। মুখ্যমন্ত্ৰীৰ যিমান বয়স হৈছে সিমানজোপা গছ পুলি ৰোপণ কৰিব লাগে। তেওঁ এনে কৰিলে আন লোকসকলেও অনুপ্ৰাণিত হ’ব।’
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে