--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : যেন কেৱল চৰ্চিত চৰ্বনহে! ঘূৰি পকি সিদ্ধান্ত একেটাই! যি সময়ত সমগ্ৰ দেশতে কংগ্ৰেছৰ অৱস্থা থৰক-বৰক হৈ পৰিছে। দলীয় নেতৃত্বৰ মাজতে সৃষ্টি হৈছে ব্যাপক সংঘাতৰ সেই সময়ত কংগ্ৰেছৰ আমূল সংস্কাৰ সাধন সময়ৰ দাবীত পৰিণত হৈছে। সকলোৱে বিচাৰিছে পূৰ্ণকালীন আৰু সক্ৰিয় এগৰাকী সভাপতি। কিন্তু গান্ধী পৰিয়ালক বাদ দি নেতৃত্বৰ সন্ধান কৰিবলৈ সক্ষম হোৱা নাই কংগ্ৰেছে। শেহতীয়াকৈ দলটোৱে দলৰ সংস্কাৰৰ লক্ষ্য আগত লৈ চিন্তন শিবিৰৰ আয়োজন কৰিছে যদিও সেই চিন্তন শিবিৰতো একেই কথাৰে পুনৰাবৃত্তি হ’বলৈহে যেন গৈ আছে। 

উদয়পুৰত চলি থকা কংগ্ৰেছ চিন্তন শিবিৰত ৰাহুল গান্ধীক দলৰ পূৰ্ণকালীন সভাপতি নিযু্ক্তি দিয়াৰ প্ৰস্তাৱ উত্থাপন হোৱাক লৈ সৃষ্টি হৈছে চৰ্চাৰ। এই দাবী কৰি কেৰালাৰ লোকসভাৰ সাংসদ তথা কংগ্ৰেছ নেতা টি এন প্ৰতাপনে কয় যে মূল কথাটো হ'ল কংগ্ৰেছ সভাপতি এজন পূৰ্ণকালীন ৰাজনীতিবিদ হ'ব লাগে। যিহেতু কংগ্ৰেছত সাংগঠনিক নিৰ্বাচনৰ প্ৰক্ৰিয়া চলি আছে, উদয়পুৰ চিন্তন শিবিৰত কংগ্ৰেছ সভাপতিৰ ওপৰত কোনো আনুষ্ঠানিক আলোচনা হোৱা নাই, কিন্তু নেতাসকলে দলৰ নেতৃত্বত স্পষ্টতা দাবী কৰিছে। একেটা খণ্ডতে, কেৰালাৰ লোকসভাৰ সাংসদজনে ৰাহুলক পুনৰ শাসনভাৰ প্ৰস্তাৱ দিয়ে। 

ইয়াৰ পূৰ্বে, কংগ্ৰেছ ৱৰ্কিং কমিটীৰ সকলো বৈঠকতে জ্যেষ্ঠ নেতাসকলে ৰাহুল গান্ধীক পুনৰ সভাপতি হিচাপে নিযুক্তি দিয়াৰ পোষকতা কৰিছিল। সূত্ৰ অনুসৰি, মাৰ্চত অনুষ্ঠিত এখন বৈঠকত ৰাহুলে নেতাসকলক আশ্বাস দিছিল যে তেওঁ এই প্ৰস্তাৱক গুৰুত্বসহকাৰে বিবেচনা কৰি আছে। ৰাহুল গান্ধীয়ে ২০১৯ ৰ লোকসভা নিৰ্বাচনত পৰাজয়ৰ পাছত দলৰ সভাপতি পদৰ পৰা পদত্যাগ কৰিছিল। ইয়াৰ পাছত, ছোনিয়া গান্ধীয়ে পুনৰ দলৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছিল। 

ৰাহুল গান্ধী এতিয়া দলৰ কোনো পদতে নাই, তেওঁ এগৰাকী সাংসদহে। কিন্তু দলীয় পদৱীত নাথাকিলেও ৰাহুল গান্ধীয়ে দলৰ সকলো গুৰুত্বপূৰ্ণ সিদ্ধান্ততে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰি আহিছে। তেওঁৰ নিৰ্দেশ তথা আঙুলিৰ ঠাৰতে যেন কংগ্ৰেছ দল পৰিচালিত হৈ আহিছে। মোডী চৰকাৰৰ টুইটাৰত ব্যাপক সক্ৰিয়তা দেখুওৱা ৰাহুলে কিন্তু দল পৰিচালনাত সমান দক্ষতা আৰু যোগ্যতা প্ৰতিপন্ন কৰিব নোৱৰাৰ অভিযোগ আছে। এই বিষয়টো সন্দৰ্ভত এক তীক্ষ্ণ খোঁচা মাৰি টি প্ৰতাপনে কয় যে, দলৰ সভাপতিজন নিয়মীয়াকৈ সক্ৰিয় হোৱা উচিত।

ৰাহুল গান্ধীয়ে দলৰ সংস্কাৰ সম্পৰ্কীয় গুৰুত্বপূ্ৰ্ণ আলোচনা চলি থকাৰ সময়তে বিদেশ ভ্ৰমণলৈ যোৱাৰ বাবে সমালোচনাৰ সন্মুখীন হৈছিল। শেহতীয়াকৈ নেপাল ভ্ৰমণৰ সময়ত,নাইট ক্লাবত তেওঁৰ উপস্থিতিক লৈও তীব্ৰ বিতৰ্ক সূত্ৰপাত ঘটাইছিল বিজেপি। ৰাহুল গান্ধী সন্মুখত থকাটো বিজেপিৰ বাবে এক সুবিধাজনক অৱস্থান হিচাপে চিহ্নিত হৈছে। এতিয়া সংস্কাৰৰ নামত পুনৰ ৰাহুলকে দলৰ দায়িত্ব চমজাই দিলে কংগ্ৰেছৰ স্থিতি সলনি হোৱাৰ সম্ভাৱনা ক্ষীণ বুলিবই পাৰি!

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান