--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : যেন কেৱল চৰ্চিত চৰ্বনহে! ঘূৰি পকি সিদ্ধান্ত একেটাই! যি সময়ত সমগ্ৰ দেশতে কংগ্ৰেছৰ অৱস্থা থৰক-বৰক হৈ পৰিছে। দলীয় নেতৃত্বৰ মাজতে সৃষ্টি হৈছে ব্যাপক সংঘাতৰ সেই সময়ত কংগ্ৰেছৰ আমূল সংস্কাৰ সাধন সময়ৰ দাবীত পৰিণত হৈছে। সকলোৱে বিচাৰিছে পূৰ্ণকালীন আৰু সক্ৰিয় এগৰাকী সভাপতি। কিন্তু গান্ধী পৰিয়ালক বাদ দি নেতৃত্বৰ সন্ধান কৰিবলৈ সক্ষম হোৱা নাই কংগ্ৰেছে। শেহতীয়াকৈ দলটোৱে দলৰ সংস্কাৰৰ লক্ষ্য আগত লৈ চিন্তন শিবিৰৰ আয়োজন কৰিছে যদিও সেই চিন্তন শিবিৰতো একেই কথাৰে পুনৰাবৃত্তি হ’বলৈহে যেন গৈ আছে। 

উদয়পুৰত চলি থকা কংগ্ৰেছ চিন্তন শিবিৰত ৰাহুল গান্ধীক দলৰ পূৰ্ণকালীন সভাপতি নিযু্ক্তি দিয়াৰ প্ৰস্তাৱ উত্থাপন হোৱাক লৈ সৃষ্টি হৈছে চৰ্চাৰ। এই দাবী কৰি কেৰালাৰ লোকসভাৰ সাংসদ তথা কংগ্ৰেছ নেতা টি এন প্ৰতাপনে কয় যে মূল কথাটো হ'ল কংগ্ৰেছ সভাপতি এজন পূৰ্ণকালীন ৰাজনীতিবিদ হ'ব লাগে। যিহেতু কংগ্ৰেছত সাংগঠনিক নিৰ্বাচনৰ প্ৰক্ৰিয়া চলি আছে, উদয়পুৰ চিন্তন শিবিৰত কংগ্ৰেছ সভাপতিৰ ওপৰত কোনো আনুষ্ঠানিক আলোচনা হোৱা নাই, কিন্তু নেতাসকলে দলৰ নেতৃত্বত স্পষ্টতা দাবী কৰিছে। একেটা খণ্ডতে, কেৰালাৰ লোকসভাৰ সাংসদজনে ৰাহুলক পুনৰ শাসনভাৰ প্ৰস্তাৱ দিয়ে। 

ইয়াৰ পূৰ্বে, কংগ্ৰেছ ৱৰ্কিং কমিটীৰ সকলো বৈঠকতে জ্যেষ্ঠ নেতাসকলে ৰাহুল গান্ধীক পুনৰ সভাপতি হিচাপে নিযুক্তি দিয়াৰ পোষকতা কৰিছিল। সূত্ৰ অনুসৰি, মাৰ্চত অনুষ্ঠিত এখন বৈঠকত ৰাহুলে নেতাসকলক আশ্বাস দিছিল যে তেওঁ এই প্ৰস্তাৱক গুৰুত্বসহকাৰে বিবেচনা কৰি আছে। ৰাহুল গান্ধীয়ে ২০১৯ ৰ লোকসভা নিৰ্বাচনত পৰাজয়ৰ পাছত দলৰ সভাপতি পদৰ পৰা পদত্যাগ কৰিছিল। ইয়াৰ পাছত, ছোনিয়া গান্ধীয়ে পুনৰ দলৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছিল। 

ৰাহুল গান্ধী এতিয়া দলৰ কোনো পদতে নাই, তেওঁ এগৰাকী সাংসদহে। কিন্তু দলীয় পদৱীত নাথাকিলেও ৰাহুল গান্ধীয়ে দলৰ সকলো গুৰুত্বপূৰ্ণ সিদ্ধান্ততে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰি আহিছে। তেওঁৰ নিৰ্দেশ তথা আঙুলিৰ ঠাৰতে যেন কংগ্ৰেছ দল পৰিচালিত হৈ আহিছে। মোডী চৰকাৰৰ টুইটাৰত ব্যাপক সক্ৰিয়তা দেখুওৱা ৰাহুলে কিন্তু দল পৰিচালনাত সমান দক্ষতা আৰু যোগ্যতা প্ৰতিপন্ন কৰিব নোৱৰাৰ অভিযোগ আছে। এই বিষয়টো সন্দৰ্ভত এক তীক্ষ্ণ খোঁচা মাৰি টি প্ৰতাপনে কয় যে, দলৰ সভাপতিজন নিয়মীয়াকৈ সক্ৰিয় হোৱা উচিত।

ৰাহুল গান্ধীয়ে দলৰ সংস্কাৰ সম্পৰ্কীয় গুৰুত্বপূ্ৰ্ণ আলোচনা চলি থকাৰ সময়তে বিদেশ ভ্ৰমণলৈ যোৱাৰ বাবে সমালোচনাৰ সন্মুখীন হৈছিল। শেহতীয়াকৈ নেপাল ভ্ৰমণৰ সময়ত,নাইট ক্লাবত তেওঁৰ উপস্থিতিক লৈও তীব্ৰ বিতৰ্ক সূত্ৰপাত ঘটাইছিল বিজেপি। ৰাহুল গান্ধী সন্মুখত থকাটো বিজেপিৰ বাবে এক সুবিধাজনক অৱস্থান হিচাপে চিহ্নিত হৈছে। এতিয়া সংস্কাৰৰ নামত পুনৰ ৰাহুলকে দলৰ দায়িত্ব চমজাই দিলে কংগ্ৰেছৰ স্থিতি সলনি হোৱাৰ সম্ভাৱনা ক্ষীণ বুলিবই পাৰি!

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ