--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় দলৰ প্ৰাক্তন বেটছমেন তথা কিংবদন্তি শচীন তেণ্ডুলকাৰৰ শৈশৱৰ বন্ধু বিনোদ কাম্বলী বৰ্তমান বাতৰিৰ শিৰোনামত। শেহতীয়াকৈ মহান প্ৰশিক্ষক ৰমাকান্ত আচ্ৰেকাৰৰ স্মৃতিচাৰণ কাৰ্যসূচীত কাম্বলীক দেখা গৈছিল, য’ত তেওঁ কিংবদন্তি তেণ্ডুলকাৰক লগ পাইছিল। সেই সময়ছোৱাত কাম্বলীৰ অসুস্থতা স্পষ্টকৈ দেখা গৈছিল। শচীনক লগ পাওঁতে তেওঁ ভালদৰে থিয় হ’বও পৰা নাছিল। এতিয়া কাম্বলীৰ অৱস্থা দেখি ১৯৮৩ চনৰ বিশ্বকাপ বিজয়ী তাৰকাসকলে তেওঁক সহায় কৰাৰ কথা ক’লে।

ইভেণ্টৰ কিছুদিন পিছতে কাম্বলীৰ শৈশৱৰ বন্ধু তথা প্ৰথম শ্ৰেণীৰ আম্পায়াৰ মাৰ্কাছ কৌটোৱে সংবাদ মাধ্যমত জনায় যে, "তেওঁৰ স্বাস্থ্যৰ বহু গুৰুতৰ সমস্যা আছে। তেওঁৰ বাবে ৰিহাবলৈ যোৱাৰ কোনো যুক্তি নাই। আমি বিগত ১৪ বাৰ তেওঁক ৰিহাবৰ বাবে ভাছাইলৈ লৈ গৈছো।"

উল্লেখ্য যে কাম্বলীৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পাছত ১৯৮৩ চনৰ বিশ্বকাপ বিজয়ী ভাৰতীয় অধিনায়ক কপিল দেৱ আৰু বলাৰ বলৱিন্দৰ সিঙে সহায়ৰ হাত আগবঢ়োৱাৰ কথা সদৰী কৰিছে । কম্বলীক সহায় কৰাৰ আগতে তেওঁক কোৱা হৈছিল যে তেওঁ প্ৰথমে নিজকে সহায় কৰিব লাগিব।

এক প্ৰতিবেদনত বলৱিন্দৰ সিঙৰ উদ্ধৃতিৰে কোৱা হৈছে যে, "কপিলে মোক স্পষ্টকৈ কৈছে যে যদি তেওঁ ৰিহাবলৈ যাব বিচাৰে তেন্তে আমি তেওঁক আৰ্থিকভাৱে সহায় কৰিবলৈ সাজু। অৱশ্যে তেওঁ প্ৰথমে নিজেই ৰিহাব পৰীক্ষা কৰিব লাগিব। যদি তেওঁ তেনে কৰে তেন্তে চিকিৎসা যিমানেই দিন নাথাকক কিয় আমি বিল পৰিশোধ কৰিবলৈ সাজু হৈ আছো।"

আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত বিনোদ কাম্বলিয়ে ১৭খন টেষ্ট আৰু ১০৪খন এদিনীয়া খেল খেলিছিল। টেষ্টত তেওঁ ৫৪.২০ গড়ে ১০৮৪ ৰান আৰু এদিনীয়াত ৩২.৫৯ গড়ে ২৪৭৭ ৰান সংগ্ৰহ কৰে। টেষ্টত তেওঁ ৪টা শতক আৰু ৩টা অৰ্ধশতক অৰ্জন কৰে। ইয়াৰ বাহিৰেও তেওঁ এদিনীয়াত ২টা শতক আৰু অৰ্ধশতক অৰ্জন কৰে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ