--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বছৰৰ  অন্তিম লীগ চৈয়দ মুস্তাক আলী ট্ৰফী-২০২৪ টি-২০ ক্ৰিকেটৰ ইতিহাসত সদায় সোণালী আখৰে লিপিবদ্ধ হৈ ৰ’ব৷ ভাৰতৰ এই ঘৰুৱা প্ৰতিযোগিতাখনত সৰ্বাধিক ৰাণ সংগ্ৰহৰ অভিলেখৰ লগতে টি-২০ ক্ৰিকেটত সৰ্বাধিক ছয় সংগ্ৰহ কাৰৰ অভিলেখ গঢ়ে৷

বৃহস্পতিবাৰে ইন্দোৰত ক্ৰুণাল পাণ্ডিয়াৰ নেতৃত্বত বৰোদাই ছিকিমৰ বিৰুদ্ধে নিৰ্ধাৰিত ২০ অভাৰত ৩৪৯ ৰান সংগ্ৰহ কৰি বৰোডাই টি-২০ ফৰ্মেটত সৰ্বাধিক ৰান সংগ্ৰহ কৰাৰ অভিলেখ গঢ়ে৷ছিকিমৰ বিৰুদ্ধে বৰোদাই আৰম্ভণিৰে পৰা আক্ৰমণাত্মক হৈ পৰিছিল।বৰোদাৰ  ভানু পানিয়াই ৫১টা বলত ১৩৪ ৰান সংগ্ৰহ কৰি এই অভিলেখ গঢ়াত অৰিহণা যোগাই।পানিয়াই ১৩৪ ৰানৰ ইনিংছত ১৫টা ছয় আৰু পাঁচটা চাৰি চামিল আছে। ইয়াৰোপৰি শিৱলিক শৰ্মাই ১৭ বলত ৫৫ৰান, অভিমন্যু সিঙে ১৭ বলত ৫৩ ৰান, বিষ্ণু সোলাংকীয়ে ১৬ বলত ৫৫ৰান আৰু শ্বাশ্বত ৰাৱাটে ১৬ বলত ৪৩ ৰানৰ অৰিহণা যোগায়। একেখন মেচতে টি-২০ত এটা ইনিংছত সৰ্বাধিক ছয় সংগ্ৰহ কৰাৰা অভিলেখো গঢ়িবলৈ সক্ষম হয়। 

বৰোদাই ভাৰতৰ ঘৰুৱা টি-২০ প্ৰতিযোগিতা খনত এই অভিলেৰ পাছত ৩০০ত কৈ অধিক ৰাণ সংগ্ৰহকাৰী প্ৰথমটো দলত পৰিণত হৈছে৷ ইয়াৰ পূৰ্বে ২০২৩ চনত পঞ্জাৱে অন্ধ্ৰৰ বিৰুদ্ধে ২৭৫ ৰাণ সংগ্ৰহ কৰি এই কৃতিত্বৰ অধিকাৰি হৈছিল৷

প্ৰসংগ ক্ৰমে টি-২০ত প্ৰথমবাৰৰ বাবে ৩০০ ৰান অতিক্ৰম কৰিছিল নেপালে। ২০২৩ৰ এছিয়ান গেমছত নেপেলে মংগোলিয়াৰ বিৰুদ্ধে ৩টা উইকেটৰ বনিময়ত ৩১৪ ৰান সংগ্ৰহ কৰিছিল। চলিত বৰ্ষৰ ২৩ অক্টোবৰত জিম্বাবুৱেই গাম্বিয়াৰ বিৰুদ্ধে ৪টা উইকেটৰ বনিময়ত ৩৪৪ ৰানৰে নেপালৰ অভিলেখ ভংগ কৰিছিল। চৈয়দ মুস্তাক আলী ট্ৰফীত বৰোদাই সেই অভিলেখ ভংগ কৰে।উল্লেখযোগ্য যে টেষ্ট খেলা দেশবোৰৰ ভিতৰত ভাৰতে সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখ সৃষ্টি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ