--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বছৰৰ  অন্তিম লীগ চৈয়দ মুস্তাক আলী ট্ৰফী-২০২৪ টি-২০ ক্ৰিকেটৰ ইতিহাসত সদায় সোণালী আখৰে লিপিবদ্ধ হৈ ৰ’ব৷ ভাৰতৰ এই ঘৰুৱা প্ৰতিযোগিতাখনত সৰ্বাধিক ৰাণ সংগ্ৰহৰ অভিলেখৰ লগতে টি-২০ ক্ৰিকেটত সৰ্বাধিক ছয় সংগ্ৰহ কাৰৰ অভিলেখ গঢ়ে৷

বৃহস্পতিবাৰে ইন্দোৰত ক্ৰুণাল পাণ্ডিয়াৰ নেতৃত্বত বৰোদাই ছিকিমৰ বিৰুদ্ধে নিৰ্ধাৰিত ২০ অভাৰত ৩৪৯ ৰান সংগ্ৰহ কৰি বৰোডাই টি-২০ ফৰ্মেটত সৰ্বাধিক ৰান সংগ্ৰহ কৰাৰ অভিলেখ গঢ়ে৷ছিকিমৰ বিৰুদ্ধে বৰোদাই আৰম্ভণিৰে পৰা আক্ৰমণাত্মক হৈ পৰিছিল।বৰোদাৰ  ভানু পানিয়াই ৫১টা বলত ১৩৪ ৰান সংগ্ৰহ কৰি এই অভিলেখ গঢ়াত অৰিহণা যোগাই।পানিয়াই ১৩৪ ৰানৰ ইনিংছত ১৫টা ছয় আৰু পাঁচটা চাৰি চামিল আছে। ইয়াৰোপৰি শিৱলিক শৰ্মাই ১৭ বলত ৫৫ৰান, অভিমন্যু সিঙে ১৭ বলত ৫৩ ৰান, বিষ্ণু সোলাংকীয়ে ১৬ বলত ৫৫ৰান আৰু শ্বাশ্বত ৰাৱাটে ১৬ বলত ৪৩ ৰানৰ অৰিহণা যোগায়। একেখন মেচতে টি-২০ত এটা ইনিংছত সৰ্বাধিক ছয় সংগ্ৰহ কৰাৰা অভিলেখো গঢ়িবলৈ সক্ষম হয়। 

বৰোদাই ভাৰতৰ ঘৰুৱা টি-২০ প্ৰতিযোগিতা খনত এই অভিলেৰ পাছত ৩০০ত কৈ অধিক ৰাণ সংগ্ৰহকাৰী প্ৰথমটো দলত পৰিণত হৈছে৷ ইয়াৰ পূৰ্বে ২০২৩ চনত পঞ্জাৱে অন্ধ্ৰৰ বিৰুদ্ধে ২৭৫ ৰাণ সংগ্ৰহ কৰি এই কৃতিত্বৰ অধিকাৰি হৈছিল৷

প্ৰসংগ ক্ৰমে টি-২০ত প্ৰথমবাৰৰ বাবে ৩০০ ৰান অতিক্ৰম কৰিছিল নেপালে। ২০২৩ৰ এছিয়ান গেমছত নেপেলে মংগোলিয়াৰ বিৰুদ্ধে ৩টা উইকেটৰ বনিময়ত ৩১৪ ৰান সংগ্ৰহ কৰিছিল। চলিত বৰ্ষৰ ২৩ অক্টোবৰত জিম্বাবুৱেই গাম্বিয়াৰ বিৰুদ্ধে ৪টা উইকেটৰ বনিময়ত ৩৪৪ ৰানৰে নেপালৰ অভিলেখ ভংগ কৰিছিল। চৈয়দ মুস্তাক আলী ট্ৰফীত বৰোদাই সেই অভিলেখ ভংগ কৰে।উল্লেখযোগ্য যে টেষ্ট খেলা দেশবোৰৰ ভিতৰত ভাৰতে সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখ সৃষ্টি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post