--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : সম্প্ৰতি ঘৰে প্ৰতি এতিয়া কৰ’না ভাইৰাছৰ সংক্ৰমিতৰ সংখ্যা বৃদ্ধি পাব লাগিছে। গতিকে কেৱল দৰব খোৱাতেই নহয়, দৈনিক খাদ্যভ্যাসৰ ওপৰতো সমানে গুৰুত্ব দিয়াৰ প্ৰয়োজন। এনে সময়ত কেৱল ভোকৰ খাদ্য খাব এনে নকৰি খাদ্যৰ তালিকাত কিছুমান বস্তু অন্তৰ্ভুক্ত কৰিলে ই আমাক শক্তি দিয়াৰ লগতে যথেষ্ট উদ্বেগো হ্ৰাস কৰিব। বিশেষজ্ঞসকলৰ মতে ক’ভিড ৰোগীয়ে কি খাব পাৰিব, কি খাব নোৱাৰে? বিশেষজ্ঞসকলৰ মতে, আঁহজাতীয় খাদ্যৰ লগতে ভিটামিন কে, চি আৰু ভিটামিন বি, আইৰণ, পটাছিয়াম, জিংক আৰু অমেগা-৬ আদিয়ে শৰীৰটোক স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে। ডালিম, কাজু, আলমণ্ড, মুৰ্গীৰ মাংস, মাছ, মটৰমাহ, কাঠফুলা আদি খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে। মুৰ্গীৰ মাংসত যথেষ্ট পৰিমাণে ট্ৰিপ্টোফেন থাকে, যি চেৰোটনিন উৎপাদনত সহায় কৰে ফলত টোপনি ভাল। মাছত অমেগা-৩, অমেগা-৬ আদি যথেষ্ট পৰিমাণো থাকে বাবে মাছ শৰীৰ সুস্থ কৰি ৰখাত সহায় কৰে। দেশৰ লগতে অসমতো কাঠফুলা বা মাশ্বৰুমৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে। স্নায়ু ৰোগ প্ৰতিৰোধত কাঠফুলা অতি উপকাৰী। মানসিক চাপ হ্ৰাস কৰাটো কাঠফুলাৰ যথেষ্ট ভূমিকা আছে। ক’ভিড ৰোগীৰ বাবে কাঠফুলা যথেষ্ট উপকাৰী গুণেৰে সমৃদ্ধ। ক’ভিড ৰোগীয়ে খাব নোৱাৰিব ৰেডমিট। ক'ভিড কালত কি কি আহাৰ বৰবিহস্বৰূপ? WHOৰ নতুন গাইডলাইন অনুসৰি খাদ্য তালিকাত কি কি সন্নিৱিষ্ট কৰিব? GMCHৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাৰ পৰামৰ্শ- ১৮০ গ্ৰাম ভাত-মাংস খাব পাৰে। শাক-পাচলি বেছি সিজাব নালাগে। পানী ৮-১০ গ্লাছ খাব পাৰে। চাহ খাব পাৰে কিন্তু কফি কমাই খাব লাগে। মাছ খাব পাৰে, বাটাৰ, ক্ৰিম আদি খাব নালাগে, তেলজাতীয়, ছুগাৰ আদি খাব নালাগে, হোৱাইট মিট খাব পাৰে কিন্তু ৰেডমিট খাব নালাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা