--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : সম্প্ৰতি ঘৰে প্ৰতি এতিয়া কৰ’না ভাইৰাছৰ সংক্ৰমিতৰ সংখ্যা বৃদ্ধি পাব লাগিছে। গতিকে কেৱল দৰব খোৱাতেই নহয়, দৈনিক খাদ্যভ্যাসৰ ওপৰতো সমানে গুৰুত্ব দিয়াৰ প্ৰয়োজন। এনে সময়ত কেৱল ভোকৰ খাদ্য খাব এনে নকৰি খাদ্যৰ তালিকাত কিছুমান বস্তু অন্তৰ্ভুক্ত কৰিলে ই আমাক শক্তি দিয়াৰ লগতে যথেষ্ট উদ্বেগো হ্ৰাস কৰিব। বিশেষজ্ঞসকলৰ মতে ক’ভিড ৰোগীয়ে কি খাব পাৰিব, কি খাব নোৱাৰে? বিশেষজ্ঞসকলৰ মতে, আঁহজাতীয় খাদ্যৰ লগতে ভিটামিন কে, চি আৰু ভিটামিন বি, আইৰণ, পটাছিয়াম, জিংক আৰু অমেগা-৬ আদিয়ে শৰীৰটোক স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে। ডালিম, কাজু, আলমণ্ড, মুৰ্গীৰ মাংস, মাছ, মটৰমাহ, কাঠফুলা আদি খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে। মুৰ্গীৰ মাংসত যথেষ্ট পৰিমাণে ট্ৰিপ্টোফেন থাকে, যি চেৰোটনিন উৎপাদনত সহায় কৰে ফলত টোপনি ভাল। মাছত অমেগা-৩, অমেগা-৬ আদি যথেষ্ট পৰিমাণো থাকে বাবে মাছ শৰীৰ সুস্থ কৰি ৰখাত সহায় কৰে। দেশৰ লগতে অসমতো কাঠফুলা বা মাশ্বৰুমৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে। স্নায়ু ৰোগ প্ৰতিৰোধত কাঠফুলা অতি উপকাৰী। মানসিক চাপ হ্ৰাস কৰাটো কাঠফুলাৰ যথেষ্ট ভূমিকা আছে। ক’ভিড ৰোগীৰ বাবে কাঠফুলা যথেষ্ট উপকাৰী গুণেৰে সমৃদ্ধ। ক’ভিড ৰোগীয়ে খাব নোৱাৰিব ৰেডমিট। ক'ভিড কালত কি কি আহাৰ বৰবিহস্বৰূপ? WHOৰ নতুন গাইডলাইন অনুসৰি খাদ্য তালিকাত কি কি সন্নিৱিষ্ট কৰিব? GMCHৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাৰ পৰামৰ্শ- ১৮০ গ্ৰাম ভাত-মাংস খাব পাৰে। শাক-পাচলি বেছি সিজাব নালাগে। পানী ৮-১০ গ্লাছ খাব পাৰে। চাহ খাব পাৰে কিন্তু কফি কমাই খাব লাগে। মাছ খাব পাৰে, বাটাৰ, ক্ৰিম আদি খাব নালাগে, তেলজাতীয়, ছুগাৰ আদি খাব নালাগে, হোৱাইট মিট খাব পাৰে কিন্তু ৰেডমিট খাব নালাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post