--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভাৰতত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ সংখ্যা বৃদ্ধি পাইছে আৰু দৈনিক ২ লাখৰো অধিক লোক সংক্ৰমণৰ স্বীকাৰ হৈছে। ইয়াৰ মাজতে ক’ভিড-১৯ৰ তৃতীয় ঢৌ অ’মিক্ৰন ইতিমধ্যে  দুটা প্ৰতিষেধক লোৱাসকলকো সংক্ৰমণৰ লক্ষ্য কৰি লৈছে। ভেকচিনক ক’ভিড মহামাৰীৰ বিপক্ষে যুঁজাৰ একমাত্ৰ শক্তি বুলি গণ্য কৰিলেও কিন্তু ভেকচিনৰ দুটা ড’জ লোৱাসকলো ক’ভিড-১৯ৰ স্বীকাৰ হৈ পৰিছে। স্মৰ্তব্য যে, ভেকচিনে মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ লগতে বিপজ্জনক অৱস্থাও যথেষ্ট কম কৰিছে। কিন্তু বিশেষজ্ঞসকলৰ তথ্য অনুসৰি ভেকচিন লোৱাৰ পাছত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়, সেয়েহে ভাইৰাছৰ সৈতে যুঁজিবলৈ সহায়ক হয়। ভেকচিন নোলোৱাসকলৰ সংক্ৰমণ হাৰ বৃদ্ধিৰ লগতে বিপজ্জনক অৱস্থাটো বেছি হয়। এটা অধ্যয়নত পোহৰলৈ আহিছে যে ক’ভিড ভাইৰাছ অ’মিক্ৰন ডেল্টাৰ তুলনাত সামান্য কম শক্তিশালী। কিন্তু অধিকাংশ সংক্ৰমিত ৰোগীৰে চৰ্দিৰ নিচিনা লক্ষণ পোৱা যায় গৈছে যদিও ই নিজে নিজে ঠিক হৈ যায়। ডিঙিত খচখচনি বাহিৰে অ’মিক্ৰমৰ আন লক্ষণবোৰ হৈছে-ভাগৰ, জ্বৰ, শৰীৰৰ বিষ, ৰাতি ঘামি যোৱা, হাঁচি অহা, নাকেৰে পানী ওলোৱা, ভোক নলগা ইত্যাদি। ডেল্টা প্ৰকাৰণৰ বিপৰীতে অ’মিক্ৰনত আক্ৰান্ত হ’লে গোন্ধ আৰু সোৱাদ নোপোৱাৰ সম্ভাৱনাও কমি যায়। কৰ’না ভেকচিনৰ দুটা পালি লোৱা ব্যক্তিয়ে অ’মিক্ৰনৰ সংক্ৰমিত হোৱাৰ পাছত ডিঙিৰ খচখচনি সমস্যাত ভোগা দেখা গৈছে। চিকাগো ডিপাৰ্টমেণ্ট অব পাব্লিক হেলথ কমিছনাৰ ডাঃ এলিছন অৰ্ৱাডীয়ে কয় যে ভেকচিনৰ দুটা পালি লোৱাসকলে ডিঙিত খচখচনি হোৱা লক্ষণটো অতিকৈ গুৰুত্বপূৰ্ণ। ক’ভিড-১৯ৰ তৃতীয় ঢৌ অ’মিক্ৰনৰ সংক্ৰমণৰ পৰা বাচিবলৈ মাস্ক ব্যৱহাৰ কৰাটো অত্যন্ত জৰুৰী কাৰণ ক’ভিডৰ নতুন প্ৰকাৰণ বেছি সংক্ৰামক হয় আৰু সম্পূৰ্ণকৈ দুয়োটা পালি লোৱাসকলো সমানে সংক্ৰমিত হোৱাৰ তথ্য প্ৰকাশ পাইছে। ইয়াৰ বাহিৰেও যিসকলৰ প্ৰথমেও কৰ’না হৈছিল, তেওঁলোকো অ’মিক্ৰনৰ দ্বাৰা আক্ৰান্ত হোৱা দেখা গৈছে। সেয়েহে কৰ’নাৰ সকলো নীতি-নিয়ম মানি চলক আৰু জৰুৰী নহ’লে বাহিৰলৈ ওলোৱা বন্ধ কৰি অ’মিক্ৰনৰ বিৰুদ্ধে যুঁজিব লাগিব সকলোৱে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক