--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভাৰতত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ সংখ্যা বৃদ্ধি পাইছে আৰু দৈনিক ২ লাখৰো অধিক লোক সংক্ৰমণৰ স্বীকাৰ হৈছে। ইয়াৰ মাজতে ক’ভিড-১৯ৰ তৃতীয় ঢৌ অ’মিক্ৰন ইতিমধ্যে  দুটা প্ৰতিষেধক লোৱাসকলকো সংক্ৰমণৰ লক্ষ্য কৰি লৈছে। ভেকচিনক ক’ভিড মহামাৰীৰ বিপক্ষে যুঁজাৰ একমাত্ৰ শক্তি বুলি গণ্য কৰিলেও কিন্তু ভেকচিনৰ দুটা ড’জ লোৱাসকলো ক’ভিড-১৯ৰ স্বীকাৰ হৈ পৰিছে। স্মৰ্তব্য যে, ভেকচিনে মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ লগতে বিপজ্জনক অৱস্থাও যথেষ্ট কম কৰিছে। কিন্তু বিশেষজ্ঞসকলৰ তথ্য অনুসৰি ভেকচিন লোৱাৰ পাছত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়, সেয়েহে ভাইৰাছৰ সৈতে যুঁজিবলৈ সহায়ক হয়। ভেকচিন নোলোৱাসকলৰ সংক্ৰমণ হাৰ বৃদ্ধিৰ লগতে বিপজ্জনক অৱস্থাটো বেছি হয়। এটা অধ্যয়নত পোহৰলৈ আহিছে যে ক’ভিড ভাইৰাছ অ’মিক্ৰন ডেল্টাৰ তুলনাত সামান্য কম শক্তিশালী। কিন্তু অধিকাংশ সংক্ৰমিত ৰোগীৰে চৰ্দিৰ নিচিনা লক্ষণ পোৱা যায় গৈছে যদিও ই নিজে নিজে ঠিক হৈ যায়। ডিঙিত খচখচনি বাহিৰে অ’মিক্ৰমৰ আন লক্ষণবোৰ হৈছে-ভাগৰ, জ্বৰ, শৰীৰৰ বিষ, ৰাতি ঘামি যোৱা, হাঁচি অহা, নাকেৰে পানী ওলোৱা, ভোক নলগা ইত্যাদি। ডেল্টা প্ৰকাৰণৰ বিপৰীতে অ’মিক্ৰনত আক্ৰান্ত হ’লে গোন্ধ আৰু সোৱাদ নোপোৱাৰ সম্ভাৱনাও কমি যায়। কৰ’না ভেকচিনৰ দুটা পালি লোৱা ব্যক্তিয়ে অ’মিক্ৰনৰ সংক্ৰমিত হোৱাৰ পাছত ডিঙিৰ খচখচনি সমস্যাত ভোগা দেখা গৈছে। চিকাগো ডিপাৰ্টমেণ্ট অব পাব্লিক হেলথ কমিছনাৰ ডাঃ এলিছন অৰ্ৱাডীয়ে কয় যে ভেকচিনৰ দুটা পালি লোৱাসকলে ডিঙিত খচখচনি হোৱা লক্ষণটো অতিকৈ গুৰুত্বপূৰ্ণ। ক’ভিড-১৯ৰ তৃতীয় ঢৌ অ’মিক্ৰনৰ সংক্ৰমণৰ পৰা বাচিবলৈ মাস্ক ব্যৱহাৰ কৰাটো অত্যন্ত জৰুৰী কাৰণ ক’ভিডৰ নতুন প্ৰকাৰণ বেছি সংক্ৰামক হয় আৰু সম্পূৰ্ণকৈ দুয়োটা পালি লোৱাসকলো সমানে সংক্ৰমিত হোৱাৰ তথ্য প্ৰকাশ পাইছে। ইয়াৰ বাহিৰেও যিসকলৰ প্ৰথমেও কৰ’না হৈছিল, তেওঁলোকো অ’মিক্ৰনৰ দ্বাৰা আক্ৰান্ত হোৱা দেখা গৈছে। সেয়েহে কৰ’নাৰ সকলো নীতি-নিয়ম মানি চলক আৰু জৰুৰী নহ’লে বাহিৰলৈ ওলোৱা বন্ধ কৰি অ’মিক্ৰনৰ বিৰুদ্ধে যুঁজিব লাগিব সকলোৱে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা