--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অগ্নিক সাক্ষী কৰি এগৰাকী যুৱতীক নিজৰ জীৱনসংগী ৰূপে মানি লৈছিল হাৰিয়ানাৰ কৰ্ণাল জিলাৰ নিবাসী এজন যুৱকে ৷ বহু সপোন আৰু আশাৰে জীৱনটো জীয়াম বুলি বিবাহপাশত আৱদ্ধ হৈছিল দুয়ো ৷ কিন্তু কইনাই বুজি নাপালে দৰাৰ মৰম আৰু আব্দাৰ ৷ 

আজিকালি জানো মৰম ভালপোৱাৰে পৃথিৱী ঘূৰে ৷ সেয়েহে বিয়াৰ পিছদিনাই কইনাজনীয়ে শহুৰেকৰ পৰা পোৱা গহনা আৰু নগদ ধন লৈ পলাই যায়। ঘটনা সন্দৰ্ভত আৰক্ষীক অভিযোগ দিছে ভুক্তভোগী দৰাজনে। আৰক্ষীয়ে ভুক্তভোগী দৰাৰ অভিযোগৰ ভিত্তিত গোচৰ ৰুজু কৰি কইনাৰ সন্ধান আৰম্ভ কৰিছে। আৰক্ষীক দিয়া এজাহাৰত ভুক্তভোগীয়ে কয় যে তেওঁ কুঞ্জপুৰা থানা এলেকাৰ বাসিন্দা। দিল্লীৰ লোধি ৰোডত এগৰাকী ছোৱালীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল তেওঁ। ১০ নৱেম্বৰত দুয়োৰে বিবাহ হয় ৷ 


বিয়াৰ পিছদিনা শাহু-বোৱাৰী ঘৰত আছিল। বোৱাৰীয়েকে শাহুৱেকক ঠগি ঘৰৰ পৰা ওলাই যায় কিন্তু আকৌ ঘৰলৈ ঘূৰি নাহিল। দৰাজনে আৰক্ষীক কয়,‘‘আমিও তেওঁক বিচাৰিলোঁ যদিও তেওঁৰ কোনো লেখ-জোখ পোৱা নাছিলো।’’ তেওঁ ক’লে যে তেওঁৰ পত্নীয়ে ঘৰৰ পৰা ওলাই অহাৰ সময়ত গোলাপী ৰঙৰ লেহেংগা পিন্ধিছিল। সোণৰ কাণফুলি, সোণৰ হাৰ, সোণৰ আঙঠি আৰু ৰূপৰ পায়ল এযোৰ লগতে লৈ যায়। লগতে প্ৰায় ৫ হাজাৰ টকা নগদ ধন। অতি সোনকালে পত্নীক বিচাৰি উলিয়াবলৈ তেওঁ আৰক্ষীক আবেদন জনাইছে।

এই গোচৰৰ সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়ে যে পত্নীৰ নিৰুদ্দেশৰ অভিযোগ ভুক্তভোগীৰ স্বামীয়ে কৰিছে। অভিযোগৰ ভিত্তিত গোচৰ ৰুজু কৰা হৈছে। তেওঁৰ সন্ধান বৰ্তমান অব্যাহত। আৰক্ষীয়ে জনোৱা মতে, চিচিটিভিৰ ফুটেজত তেওঁক ঘৰৰ পৰা ওলাই যোৱা দেখা গৈছে। অতি সোনকালে তেওঁক বিচাৰি উলিওৱা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ