--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অগ্নিক সাক্ষী কৰি এগৰাকী যুৱতীক নিজৰ জীৱনসংগী ৰূপে মানি লৈছিল হাৰিয়ানাৰ কৰ্ণাল জিলাৰ নিবাসী এজন যুৱকে ৷ বহু সপোন আৰু আশাৰে জীৱনটো জীয়াম বুলি বিবাহপাশত আৱদ্ধ হৈছিল দুয়ো ৷ কিন্তু কইনাই বুজি নাপালে দৰাৰ মৰম আৰু আব্দাৰ ৷ 

আজিকালি জানো মৰম ভালপোৱাৰে পৃথিৱী ঘূৰে ৷ সেয়েহে বিয়াৰ পিছদিনাই কইনাজনীয়ে শহুৰেকৰ পৰা পোৱা গহনা আৰু নগদ ধন লৈ পলাই যায়। ঘটনা সন্দৰ্ভত আৰক্ষীক অভিযোগ দিছে ভুক্তভোগী দৰাজনে। আৰক্ষীয়ে ভুক্তভোগী দৰাৰ অভিযোগৰ ভিত্তিত গোচৰ ৰুজু কৰি কইনাৰ সন্ধান আৰম্ভ কৰিছে। আৰক্ষীক দিয়া এজাহাৰত ভুক্তভোগীয়ে কয় যে তেওঁ কুঞ্জপুৰা থানা এলেকাৰ বাসিন্দা। দিল্লীৰ লোধি ৰোডত এগৰাকী ছোৱালীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল তেওঁ। ১০ নৱেম্বৰত দুয়োৰে বিবাহ হয় ৷ 


বিয়াৰ পিছদিনা শাহু-বোৱাৰী ঘৰত আছিল। বোৱাৰীয়েকে শাহুৱেকক ঠগি ঘৰৰ পৰা ওলাই যায় কিন্তু আকৌ ঘৰলৈ ঘূৰি নাহিল। দৰাজনে আৰক্ষীক কয়,‘‘আমিও তেওঁক বিচাৰিলোঁ যদিও তেওঁৰ কোনো লেখ-জোখ পোৱা নাছিলো।’’ তেওঁ ক’লে যে তেওঁৰ পত্নীয়ে ঘৰৰ পৰা ওলাই অহাৰ সময়ত গোলাপী ৰঙৰ লেহেংগা পিন্ধিছিল। সোণৰ কাণফুলি, সোণৰ হাৰ, সোণৰ আঙঠি আৰু ৰূপৰ পায়ল এযোৰ লগতে লৈ যায়। লগতে প্ৰায় ৫ হাজাৰ টকা নগদ ধন। অতি সোনকালে পত্নীক বিচাৰি উলিয়াবলৈ তেওঁ আৰক্ষীক আবেদন জনাইছে।

এই গোচৰৰ সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়ে যে পত্নীৰ নিৰুদ্দেশৰ অভিযোগ ভুক্তভোগীৰ স্বামীয়ে কৰিছে। অভিযোগৰ ভিত্তিত গোচৰ ৰুজু কৰা হৈছে। তেওঁৰ সন্ধান বৰ্তমান অব্যাহত। আৰক্ষীয়ে জনোৱা মতে, চিচিটিভিৰ ফুটেজত তেওঁক ঘৰৰ পৰা ওলাই যোৱা দেখা গৈছে। অতি সোনকালে তেওঁক বিচাৰি উলিওৱা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী