--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শনিবাৰে এক অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অভিনেতা অক্ষয় কুমাৰৰ সাক্ষাৎ হয়। প্ৰধানমন্ত্ৰীয়ে অভিনেতা অক্ষয় কুমাৰক হাত মিলাই সুধিলে, ‘ভাই কেনে আছা।’ দুয়োজনে ইজনে সিজনৰ খবৰ সুধিলে। এই সাক্ষাৎ এটা মিডিয়া হাউছৰ এক কাৰ্যসূচিত।


বলীউডৰ অভিনেতাগৰাকীয়ে প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ ফটো আৰু ভিডিঅ’ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে। এই ফটোত অক্ষয় কুমাৰে প্ৰধানমন্ত্ৰীৰ হাতত ধৰি হাঁহি থকা দেখা গ’ল। অক্ষয়ে লিখিছে, 'নতুন ভাৰতৰ প্ৰগতিৰ বিষয়ে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰেৰণাদায়ক কথা শুনিবলৈ সুযোগ পালোঁ।' ভিডিঅ’টোত প্ৰধানমন্ত্ৰী মোদী আৰু অক্ষয়ৰ উষ্ম সাক্ষাৎ হোৱা দেখা গৈছে। বহু সময় দুয়োৰে মাজত কথা-বতৰা চলি থাকে।

সংবাদ মাধ্যমৰ সন্মিলনত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই শতিকা ভাৰতৰ। স্বাধীনতা সংগ্ৰামৰ পিছৰে পৰা ভাৰতে আকাংক্ষা আৰু উন্নয়নৰ ঢৌত উঠি এক যাত্ৰা অতিক্ৰম কৰিছে। এই যাত্ৰা নিজৰ মাজতে অনন্য আৰু জাতিৰ অদম্য মনোভাৱক প্ৰতিফলিত কৰে। দহ বছৰৰ আগতে এনে পৰিৱৰ্তন কল্পনাতীত যেন লাগিলহেঁতেন।

প্ৰধানমন্ত্ৰীয়ে দেশৰ নাগৰিকসকলকো প্ৰশংসা কৰে। তেওঁ কয় যে স্বাধীনতাৰ পূৰ্বে আৰু স্বাধীনতাৰ পিছত ভাৰতক যি শক্তিয়ে দিশ দিছে সেয়া সাধাৰণ নাগৰিকৰ। ইংৰাজ গুচি যোৱাৰ সময়ত বহু লোকে ভাৰতৰ ভৱিষ্যতক লৈ সন্দেহ কৰিছিল। জৰুৰীকালীন সময়ত গণতন্ত্ৰ চিৰদিনৰ বাবে হেৰাই যাব বুলি মানুহে আশংকা কৰিছিল।

কিছুমান অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে শাসন ব্যৱস্থাৰ ওচৰত আত্মসমৰ্পণ কৰে। কিন্তু নাগৰিকে দৃঢ়তাৰে থিয় দি গণতন্ত্ৰ ক্ষিপ্ৰতাৰে পুনৰুদ্ধাৰ হ’ল। একেদৰে দেশৰ নাগৰিকে ক’ভিড মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত অসাধাৰণ সংকল্প প্ৰদৰ্শন কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে যেতিয়া নাগৰিকে নিজৰ চৰকাৰক বিশ্বাস কৰে তেতিয়া ইয়াৰ গভীৰ প্ৰভাৱ দেশৰ উন্নয়নত পৰে। ভাৰতৰ যুৱক-যুৱতীসকলে এক সজীৱ ষ্টাৰ্টআপ ইক’চিষ্টেমৰ প্ৰসাৰৰ কামত নিয়োজিত। আজি প্ৰায় ১০ কোটি মহিলা উদ্যোগীয়ে মৰমেৰে ‘লাখপতি দিদি’ বুলি অভিহিত হৈ দেশৰ গাঁৱে-ভূঞে ব্যৱসায় চলাই আছে।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ