--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শনিবাৰে এক অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অভিনেতা অক্ষয় কুমাৰৰ সাক্ষাৎ হয়। প্ৰধানমন্ত্ৰীয়ে অভিনেতা অক্ষয় কুমাৰক হাত মিলাই সুধিলে, ‘ভাই কেনে আছা।’ দুয়োজনে ইজনে সিজনৰ খবৰ সুধিলে। এই সাক্ষাৎ এটা মিডিয়া হাউছৰ এক কাৰ্যসূচিত।


বলীউডৰ অভিনেতাগৰাকীয়ে প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ ফটো আৰু ভিডিঅ’ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে। এই ফটোত অক্ষয় কুমাৰে প্ৰধানমন্ত্ৰীৰ হাতত ধৰি হাঁহি থকা দেখা গ’ল। অক্ষয়ে লিখিছে, 'নতুন ভাৰতৰ প্ৰগতিৰ বিষয়ে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰেৰণাদায়ক কথা শুনিবলৈ সুযোগ পালোঁ।' ভিডিঅ’টোত প্ৰধানমন্ত্ৰী মোদী আৰু অক্ষয়ৰ উষ্ম সাক্ষাৎ হোৱা দেখা গৈছে। বহু সময় দুয়োৰে মাজত কথা-বতৰা চলি থাকে।

সংবাদ মাধ্যমৰ সন্মিলনত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই শতিকা ভাৰতৰ। স্বাধীনতা সংগ্ৰামৰ পিছৰে পৰা ভাৰতে আকাংক্ষা আৰু উন্নয়নৰ ঢৌত উঠি এক যাত্ৰা অতিক্ৰম কৰিছে। এই যাত্ৰা নিজৰ মাজতে অনন্য আৰু জাতিৰ অদম্য মনোভাৱক প্ৰতিফলিত কৰে। দহ বছৰৰ আগতে এনে পৰিৱৰ্তন কল্পনাতীত যেন লাগিলহেঁতেন।

প্ৰধানমন্ত্ৰীয়ে দেশৰ নাগৰিকসকলকো প্ৰশংসা কৰে। তেওঁ কয় যে স্বাধীনতাৰ পূৰ্বে আৰু স্বাধীনতাৰ পিছত ভাৰতক যি শক্তিয়ে দিশ দিছে সেয়া সাধাৰণ নাগৰিকৰ। ইংৰাজ গুচি যোৱাৰ সময়ত বহু লোকে ভাৰতৰ ভৱিষ্যতক লৈ সন্দেহ কৰিছিল। জৰুৰীকালীন সময়ত গণতন্ত্ৰ চিৰদিনৰ বাবে হেৰাই যাব বুলি মানুহে আশংকা কৰিছিল।

কিছুমান অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে শাসন ব্যৱস্থাৰ ওচৰত আত্মসমৰ্পণ কৰে। কিন্তু নাগৰিকে দৃঢ়তাৰে থিয় দি গণতন্ত্ৰ ক্ষিপ্ৰতাৰে পুনৰুদ্ধাৰ হ’ল। একেদৰে দেশৰ নাগৰিকে ক’ভিড মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত অসাধাৰণ সংকল্প প্ৰদৰ্শন কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে যেতিয়া নাগৰিকে নিজৰ চৰকাৰক বিশ্বাস কৰে তেতিয়া ইয়াৰ গভীৰ প্ৰভাৱ দেশৰ উন্নয়নত পৰে। ভাৰতৰ যুৱক-যুৱতীসকলে এক সজীৱ ষ্টাৰ্টআপ ইক’চিষ্টেমৰ প্ৰসাৰৰ কামত নিয়োজিত। আজি প্ৰায় ১০ কোটি মহিলা উদ্যোগীয়ে মৰমেৰে ‘লাখপতি দিদি’ বুলি অভিহিত হৈ দেশৰ গাঁৱে-ভূঞে ব্যৱসায় চলাই আছে।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
চাবুৱাৰ থানাই চাহ বাগিছাত পুনৰ প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ
গোলাঘাটৰ পাহাৰলাইন বন শিবিৰত ভয়ংকৰ ঘটনা! মাতাল বনকর্মীৰ গুলীত আহত এজন
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী
ভাৰতীয় ৰে’লৱে সুৰক্ষা অপাৰেচন চেণ্টাৰৰ বাবে এয়াৰটেল বিজনেছৰ বহু বছৰীয়া চুক্তি লাভ