--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশৰ প্ৰথম পাঁচখন ৰাজ্যৰ তালিকাত অসমকো স্থান দিয়াৰ লক্ষ্যত উপনীত হোৱাৰ দিশে অগ্ৰসৰ হৈছে চৰকাৰ। শেহতীয়া এক তথ্য অনুসৰি এটা পৰিসংখ্যাত দেশৰ শীৰ্ষ ১০খন ৰাজ্যৰ ভিতৰত অসমৰ স্থান হৈছে ৬ষ্ঠ। পশ্চিম বংগ, মধ্যপ্ৰদেশ, তেলেংগানা, হাৰিয়ানা, মহাৰাষ্ট্ৰৰ পাছতে অসমৰ স্থান। অসমৰ পাছতে আছে উত্তৰ প্ৰদেশ, গুজৰাট, ৰাজস্থান. ওড়িশা।

 

এতিয়া নিশ্চয় পঢ়ুৱৈৰ জানিবলৈ মন গৈছে যে, কি পৰিসংখ্যাত অসমে এনে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে? তাৰ উত্তৰটো কিন্তু বৰ সুখকৰ নহয়। কাৰণ অসমে বিকাশ, উন্নয়ন বা অন্যান্য ইতিবাচক দিশত অসমে এই পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হোৱা নাই। অসমে দেশৰ ভিতৰতে ৬ষ্ঠ স্থান লাভ কৰিছে মূল্যবৃদ্ধিৰ দিশতহে। ভাৰতৰ যি দহখন ৰাজ্যক আটাইতকৈ বেছি মূল্যবৃদ্ধিয়ে প্ৰভাৱিত কৰিছে তাৰ ভিতৰত অসমৰ স্থান হৈছে ছয় নম্বৰ।

 

দেশত মুদ্ৰাস্ফীতিৰ গড় হাৰ হৈছে ৭.৭৯ শতাংশ। কিন্তু অসমত ৰাষ্ট্ৰীয় হাৰতকৈ অধিক মূল্যবৃদ্ধি হৈছে। অসমত মূল্যবৃদ্ধিৰ হাৰ হৈছে ৮.৫৪ শতাংশ। এইক্ষেত্ৰত শীৰ্ষত থকা ৰাজ্যখন হৈছে পশ্চিম বংগ। পশ্চিম বংগত এই মুদ্ৰাস্ফীতিৰ হাৰ হৈছে ৯.১২ শতাংশ তাৰ পাছতে অৰ্থাৎ দ্বিতীয় স্থানত অৱস্থান কৰা মধ্যপ্ৰদেশত এই হাৰ ৯.১০ শতাংশ। আটাইতকৈ বেছি মূল্যবৃদ্ধিৰ গ্ৰাসত পৰা দেশৰ আন ৰাজ্যকেইখন হৈছে ক্ৰমে তেলেংগানা ৯.০২ শতাংশ, হাৰিয়ানা ৮.৯৫ শতাংশ, মহাৰাষ্ট্ৰ ৮.৭৮ শতাংশ, অসম ৮.৫৪ শতাংশ, উত্তৰ প্ৰদেশ ৮.৪৬ শতাংশ, গুজৰাট ৮.২০ শতাংশ, ৰাজস্থান ৮.১২ শতাংশ আৰু ওড়িশা ৮.০৮ শতাংশ।

অসমত চৰকাৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈ পৰাটো এতিয়া স্পষ্ট হৈ পৰিছে। আটাইতকৈ বেছি মূল্যবৃদ্ধি হোৱা ১০খন ৰাজ্যৰ ভিতৰত অসমে ৬ষ্ঠ স্থান লাভ কৰাটো দুৰ্ভাগ্যজনক বিবেচিত হৈছে। উল্লেখ্য যে, এই পৰিসংখ্যা চৰকাৰে প্ৰকাশ কৰা খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ, ২০২২ৰ তথ্যৰ পৰা সংগ্ৰহ কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ