--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এইবাৰ ব্যক্তিগত খণ্ডৰ হাতলৈ যাব এয়াৰ ইণ্ডিয়া। এয়াৰ ইণ্ডিয়াক ব্যক্তিগত খণ্ডক গটোৱাৰ কেন্দ্ৰীয় চৰকাৰৰ পৰিকল্পনা এতিয়া কাৰ্যকৰী হোৱাৰ দিশে অগ্ৰসৰ হৈছে। ‘টাটা ছন্স’ৰ হাতলৈ যাব দেশৰ ৰাজহুৱা খণ্ডৰ এই অসামৰিক বিমান পৰিবহণ সংস্থাটো। ব্লুমবাৰ্গত শুকুৰবাৰে প্ৰকাশ পোৱা মতে, টাটা ছন্সে লোকচানত জৰ্জৰিত হোৱা ৰাজহুৱা খণ্ডৰ বিমান পৰিবহন সংস্থাটো ক্ৰয় কৰাৰ বাবে আহ্বান জনোৱা নিবিদাত জয়ী হৈছে।

কেন্দ্ৰীয় মন্ত্ৰীগোটৰ এখন পেনেলে কোম্পানীটোৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে বুলি প্ৰকাশ পাইছে। অৱশ্যে টাটা ছন্সৰ মুখপাত্ৰই এই পদক্ষেপ সন্দৰ্ভত কোনো মন্তব্য কৰিবলৈ অস্বীকাৰ কৰিছে। আনহাতে এয়াৰ ইণ্ডিয়ায়ো এই বিষয়ে মন্তব্য কৰিবলৈ অস্বীকাৰ কৰিছে। নৰেন্দ্ৰ মোদী চৰকাৰে লোকচানত জৰ্জৰিত এই বিমান পৰিবহন সংস্থাটো সম্পূৰ্ণৰূপে বিক্ৰীৰ প্ৰচেষ্টা গ্ৰহণ কৰি আহিছিল।

জানিব পৰা মতে, ৰাজহুৱা খণ্ডৰ এই সংস্থাটোৱে প্ৰতিদিনে ২০ কোটি টকাকৈ লোকচান ভৰি আহিছে। এতিয়ালৈ ৭০হাজাৰ কোটিৰো অধিক লোকচানক সন্মুখীন হৈছে এয়াৰ ইণ্ডিয়া। তিনি বছৰ পূৰ্বেই ইয়াৰ সৰহসংখ্যক অংশীদাৰিত্ব বিক্ৰীৰ বাবে কেন্দ্ৰই প্ৰচেষ্টা চলাইছিল যদিও কোনো নিবিদা লাভ নকৰিলে। তাৰ পাছত ইয়াৰে জড়িত চৰ্তসমূহ শিথিল কৰাৰ জৰিয়তে পুনৰ ইয়াক ব্যক্তিগত খণ্ডৰ হাতত গতোৱাৰ ব্যৱস্থা গ্ৰহণ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা
১২৫ বছৰৰ পাছত ২০২৬ চনৰ আগষ্ট মাহটো আছিল ভাৰতৰ আটাইতকৈ উষ্ণ আগষ্ট মাহ