--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এইবাৰ ব্যক্তিগত খণ্ডৰ হাতলৈ যাব এয়াৰ ইণ্ডিয়া। এয়াৰ ইণ্ডিয়াক ব্যক্তিগত খণ্ডক গটোৱাৰ কেন্দ্ৰীয় চৰকাৰৰ পৰিকল্পনা এতিয়া কাৰ্যকৰী হোৱাৰ দিশে অগ্ৰসৰ হৈছে। ‘টাটা ছন্স’ৰ হাতলৈ যাব দেশৰ ৰাজহুৱা খণ্ডৰ এই অসামৰিক বিমান পৰিবহণ সংস্থাটো। ব্লুমবাৰ্গত শুকুৰবাৰে প্ৰকাশ পোৱা মতে, টাটা ছন্সে লোকচানত জৰ্জৰিত হোৱা ৰাজহুৱা খণ্ডৰ বিমান পৰিবহন সংস্থাটো ক্ৰয় কৰাৰ বাবে আহ্বান জনোৱা নিবিদাত জয়ী হৈছে।

কেন্দ্ৰীয় মন্ত্ৰীগোটৰ এখন পেনেলে কোম্পানীটোৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে বুলি প্ৰকাশ পাইছে। অৱশ্যে টাটা ছন্সৰ মুখপাত্ৰই এই পদক্ষেপ সন্দৰ্ভত কোনো মন্তব্য কৰিবলৈ অস্বীকাৰ কৰিছে। আনহাতে এয়াৰ ইণ্ডিয়ায়ো এই বিষয়ে মন্তব্য কৰিবলৈ অস্বীকাৰ কৰিছে। নৰেন্দ্ৰ মোদী চৰকাৰে লোকচানত জৰ্জৰিত এই বিমান পৰিবহন সংস্থাটো সম্পূৰ্ণৰূপে বিক্ৰীৰ প্ৰচেষ্টা গ্ৰহণ কৰি আহিছিল।

জানিব পৰা মতে, ৰাজহুৱা খণ্ডৰ এই সংস্থাটোৱে প্ৰতিদিনে ২০ কোটি টকাকৈ লোকচান ভৰি আহিছে। এতিয়ালৈ ৭০হাজাৰ কোটিৰো অধিক লোকচানক সন্মুখীন হৈছে এয়াৰ ইণ্ডিয়া। তিনি বছৰ পূৰ্বেই ইয়াৰ সৰহসংখ্যক অংশীদাৰিত্ব বিক্ৰীৰ বাবে কেন্দ্ৰই প্ৰচেষ্টা চলাইছিল যদিও কোনো নিবিদা লাভ নকৰিলে। তাৰ পাছত ইয়াৰে জড়িত চৰ্তসমূহ শিথিল কৰাৰ জৰিয়তে পুনৰ ইয়াক ব্যক্তিগত খণ্ডৰ হাতত গতোৱাৰ ব্যৱস্থা গ্ৰহণ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post