--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: এতিয়াও বিশ্বৰ বহু দেশত অব্যাহত আছে ক’ভিডৰ ত্ৰাস৷ ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কেইবাখনো দেশত জাৰি কৰা হৈছে লকডাউন৷ ভাৰতৰো কেইবাখনো ৰাজ্যত জাৰি কৰা হৈছে নাইট কাৰ্ফিউ আৰু সতৰ্কতা৷ শেহতীয়াকৈ খবৰ অনুসৰি, ক’ভিডৰ আতংক এতিয়াও মাৰ যোৱা নাই চীনত৷ চীনৰ কেইবাখনো চহৰত অব্যাহত আছে লকডাউন৷ লকডাউন হোৱা স্বত্বেও নতুন বছৰত প্ৰথম দুদিনত কৰ’না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে৷

যোৱা দহদিন ধৰি লকডাউনৰ কবলত থকা চীনৰ জিয়ানত নৱবৰ্ষৰ দিনা ক’ভিড-১৯ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে। চহৰখনত প্ৰায় তিনি সপ্তাহত ১৫০০ৰো অধিক সংক্ৰমণৰ ঘটনা সংঘটিত হৈছে, আনহাতে দেশখনৰ আন প্ৰান্তত ২০০ লোক ক’ভিডত আক্ৰান্ত হৈছে৷ উল্লেখযোগ্য যে, চীনৰ জিয়ান হৈছে এখন জনপ্ৰিয় পৰ্যটন কেন্দ্ৰ আৰু ইয়াত বিখ্যাত টেৰাকোটা যোদ্ধা সংগ্ৰহালয় আছে। চহৰখনত শনিবাৰে ১২২টা ক’ভিড সংক্ৰমণৰ ঘটনা ঘটিছে৷

চৰকাৰী ছিনহুয়া সংবাদ সংস্থাৰ মতে, ৯ ডিচেম্বৰৰ পৰা উত্তৰ-পশ্চিম শ্যানক্সি প্ৰদেশৰ ৰাজধানী জিয়ানত ১,৫৭৩ৰো অধিক সংক্ৰমণৰ ঘটনা সংঘটিত হৈছে। আনহাতে, কৰ’নাৰ সংহাৰ অব্যাহত আছে লণ্ডনতো৷ লণ্ডনতো চৰকাৰে দেওবাৰে কয় যে মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে কৰ’না ভাইৰাছৰ নতুন প্ৰকাৰ অ’মিক্ৰনৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ‘মাস্ক’ পিন্ধিব লাগিব। খ্ৰীষ্টমাছৰ বন্ধৰ পাছত অহা সপ্তাহৰ পৰা বিদ্যালয়লৈ শিক্ষাৰ্থীসকলক ঘূৰাই অনাৰ প্ৰতি লক্ষ্য ৰাখি কিছুমান নিয়ম অস্থায়ীভাৱে বলবৎ কৰা হৈছে। আনকি, বিদ্যালয়সমূহত এণ্টিজেন কোভিড পৰীক্ষা কৰিবলৈও কোৱা হৈছে।


ব্ৰিটিছ শিক্ষা মন্ত্ৰী নাদিম জাহিয়ে কয়, প্ৰধানমন্ত্ৰী আৰু মই অতি স্পষ্ট যে শিক্ষা আমাৰ প্ৰথম অগ্ৰাধিকাৰ। তেওঁ কয়, এই পদক্ষেপে বিদ্যালয়সমূহক সহায় কৰিব, কিয়নো আমি যিকোনো বাধা হ্ৰাস কৰাত সমৰ্থন কৰোঁ৷ শ্ৰেণীসমূহৰ বাবে আৱদন কৰা নিয়মবোৰ ২৬ জানুৱাৰীলৈকে বলবৎ থাকিব, তাৰ পাছত পৰিস্থিতিৰ পুনৰীক্ষণ কৰা হ’ব। অৱশ্যে, শিক্ষকসকলক এই নিয়মৰ পৰা ৰেহাই দিয়া হৈছে। শনিবাৰে লণ্ডনত কৰ’না ভাইৰাছ সংক্ৰমণৰ ১,৬২,৫৭২টা নতুন সংক্ৰমণৰ পাছত চৰকাৰে এই ঘোষণা কৰে। প্ৰধানমন্ত্ৰী জনছনে তেওঁৰ মন্ত্ৰীসভাৰ সদস্যসকলক সম্ভাৱ্য আটাইতকৈ বেয়া পৰিস্থিতিৰ বাবে প্ৰস্তুতি পুনৰীক্ষণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা
১২৫ বছৰৰ পাছত ২০২৬ চনৰ আগষ্ট মাহটো আছিল ভাৰতৰ আটাইতকৈ উষ্ণ আগষ্ট মাহ