--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ প্ৰাক্তন পত্নী ৰেহাম খানৰ গাড়ীলৈ লক্ষ্য কৰি অচিনাক্ত লোকৰ গুলীচালনা। ৰেহাম খানে আক্ৰমণৰ বিষয়টো টুইট কৰি সদৰী কৰিছে। তেওঁ টুইটটোত পাকিস্তানক কাপুৰুষ, ঠগ আৰু লোভী দেশ বুলিও অভিহিত কৰিছিল। ৰেহাম খানে এই আক্ৰমণক লৈ তেওঁৰ প্ৰাক্তন স্বামী তথা পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানক আক্ৰমণ কৰি সুধিছিল যে এয়া নতুন পাকিস্তান নেকি?

ৰেহাম খানে নিজেই টুইট কৰি তেওঁৰ ওপৰত হোৱা আক্ৰমণৰ খবৰ দিছিল। ৰেহাম খানে টুইট কৰি লিখিছিল যে মই মোৰ ভতিজাৰ বিয়াৰ পৰা উভতি ঘৰলৈ আহি আছিলোঁ। সেইসময়তে এখন বাইকত অহা দুজন লোকে আমাৰ গাড়ীলৈ গুলীচালনা কৰে। অচিনাক্ত লোক দুজনে আমাৰ গাড়ীখন ৰখাবলৈ চেষ্টা কৰিছিল কিন্তু নিৰাপত্তাকৰ্মী আৰু চালকৰ তৎপৰতাত এক ভয়ংকৰ বিপদৰ পৰা আমি ৰক্ষা পৰোঁ। এয়া ইমৰান খানৰ নতুন পাকিস্তান নেকি? ডকাইত, কাপুৰুষ আৰু লোভী লোকৰ দেশলৈ স্বাগতম।"

ইয়াৰ পাছত আন এটা টুইটত ৰেহাম খানে লিখিছে, "মই এজন সাধাৰণ নাগৰিকৰ দৰে পাকিস্তানত থাকিব আৰু মৰিব বিচাৰো। সেয়া মোৰ ওপৰত আক্ৰমণ হওঁক বা ৰাস্তাৰ মাজত আইন-শৃংখলাজনিত কিবা কথাই হওঁক, এই তথাকথিত চৰকাৰখনে ইয়াৰ দায়িত্ব লোৱা উচিত। মই মোৰ দেশৰ বাবে গুলী খাবলৈও সাজু।"

ৰেহাম খানে আৰু লিখিছিল, "মই মৃত্যু বা আঘাতক ভয় নকৰোঁ কিন্তু মোৰ বাবে কাম কৰা লোকসকলৰ বাবে মই চিন্তিত।" উল্লেখ্য যে  ৰেহাম খানক ইমৰান খানৰ অন্যতম ডাঙৰ সমালোচক হিচাপে গণ্য কৰা হয়। তেওঁ প্ৰায়ে ইমৰান খান চৰকাৰক লক্ষ্য কৰি তীব্ৰ সমালোচনা কৰে। তেওঁ ছ'চিয়েল মিডিয়াত পাকিস্তানৰ মূল্যবৃদ্ধি, পাকিস্তানী টকাৰ মূল্য হ্ৰাস, আক্ৰমণৰ ঘটনাৰ দৰে বিভিন্ন বিষয়ত ইমৰান চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি আহিছে। 

আৰু পঢ়কঃ ছেলিম খানৰ আত্মীয় হ’ব শত্ৰুঘ্ন সিনহা! অতি শীঘ্ৰেই খান পৰিয়ালৰ বোৱাৰী হ’ব সোণাক্ষী


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post