--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ প্ৰাক্তন পত্নী ৰেহাম খানৰ গাড়ীলৈ লক্ষ্য কৰি অচিনাক্ত লোকৰ গুলীচালনা। ৰেহাম খানে আক্ৰমণৰ বিষয়টো টুইট কৰি সদৰী কৰিছে। তেওঁ টুইটটোত পাকিস্তানক কাপুৰুষ, ঠগ আৰু লোভী দেশ বুলিও অভিহিত কৰিছিল। ৰেহাম খানে এই আক্ৰমণক লৈ তেওঁৰ প্ৰাক্তন স্বামী তথা পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানক আক্ৰমণ কৰি সুধিছিল যে এয়া নতুন পাকিস্তান নেকি?

ৰেহাম খানে নিজেই টুইট কৰি তেওঁৰ ওপৰত হোৱা আক্ৰমণৰ খবৰ দিছিল। ৰেহাম খানে টুইট কৰি লিখিছিল যে মই মোৰ ভতিজাৰ বিয়াৰ পৰা উভতি ঘৰলৈ আহি আছিলোঁ। সেইসময়তে এখন বাইকত অহা দুজন লোকে আমাৰ গাড়ীলৈ গুলীচালনা কৰে। অচিনাক্ত লোক দুজনে আমাৰ গাড়ীখন ৰখাবলৈ চেষ্টা কৰিছিল কিন্তু নিৰাপত্তাকৰ্মী আৰু চালকৰ তৎপৰতাত এক ভয়ংকৰ বিপদৰ পৰা আমি ৰক্ষা পৰোঁ। এয়া ইমৰান খানৰ নতুন পাকিস্তান নেকি? ডকাইত, কাপুৰুষ আৰু লোভী লোকৰ দেশলৈ স্বাগতম।"

ইয়াৰ পাছত আন এটা টুইটত ৰেহাম খানে লিখিছে, "মই এজন সাধাৰণ নাগৰিকৰ দৰে পাকিস্তানত থাকিব আৰু মৰিব বিচাৰো। সেয়া মোৰ ওপৰত আক্ৰমণ হওঁক বা ৰাস্তাৰ মাজত আইন-শৃংখলাজনিত কিবা কথাই হওঁক, এই তথাকথিত চৰকাৰখনে ইয়াৰ দায়িত্ব লোৱা উচিত। মই মোৰ দেশৰ বাবে গুলী খাবলৈও সাজু।"

ৰেহাম খানে আৰু লিখিছিল, "মই মৃত্যু বা আঘাতক ভয় নকৰোঁ কিন্তু মোৰ বাবে কাম কৰা লোকসকলৰ বাবে মই চিন্তিত।" উল্লেখ্য যে  ৰেহাম খানক ইমৰান খানৰ অন্যতম ডাঙৰ সমালোচক হিচাপে গণ্য কৰা হয়। তেওঁ প্ৰায়ে ইমৰান খান চৰকাৰক লক্ষ্য কৰি তীব্ৰ সমালোচনা কৰে। তেওঁ ছ'চিয়েল মিডিয়াত পাকিস্তানৰ মূল্যবৃদ্ধি, পাকিস্তানী টকাৰ মূল্য হ্ৰাস, আক্ৰমণৰ ঘটনাৰ দৰে বিভিন্ন বিষয়ত ইমৰান চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি আহিছে। 

আৰু পঢ়কঃ ছেলিম খানৰ আত্মীয় হ’ব শত্ৰুঘ্ন সিনহা! অতি শীঘ্ৰেই খান পৰিয়ালৰ বোৱাৰী হ’ব সোণাক্ষী


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা
১২৫ বছৰৰ পাছত ২০২৬ চনৰ আগষ্ট মাহটো আছিল ভাৰতৰ আটাইতকৈ উষ্ণ আগষ্ট মাহ