--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চেম্পিয়নছ ট্ৰফী ২০২৫ৰ আয়োজন সম্পৰ্কীয় পৰিস্থিতি এতিয়াও স্পষ্ট হোৱা নাই। টুৰ্ণামেণ্টৰ বাবে পাকিস্তানলৈ যাবলৈ সাজু হোৱা নাই ভাৰতীয় দল। একে সময়তে পাকিস্তানো বৰ্তমান হাইব্ৰিড মডেলৰ বাবে সাজু নহয়। আনহাতে ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ উপ-সভাপতি ৰাজীৱ শুক্লাই এটা নতুন আপডেট দিছে। তেওঁ কয় যে ‘বৰ্তমান চেম্পিয়নছ ট্ৰফীৰ বিষয়টো কিমান দূৰ আগবাঢ়িছে।’

ভাৰত-পাকিস্তান আৰু চেম্পিয়নছ ট্ৰফী বিষয়ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাজীৱ শুক্লাই। এক সংবাদ মাধ্যমত তেওঁ কয় যে ‘‘বৰ্তমান আলোচনা চলি আছে। সকলো চূড়ান্ত হ’লে আপোনালোকক জনোৱা হ’ব। পৰিস্থিতি বিবেচনা কৰি আমি এটা সিদ্ধান্ত ল’ম। খেলুৱৈসকলৰ সুৰক্ষা আমাৰ বাবে সৰ্বোচ্চ অগ্ৰাধিকাৰ। হাইব্ৰিড মডেলটোও এটা বিকল্প আৰু আন বিকল্পও আছে। এতিয়াও আলোচনা অব্যাহত আছে।’’

চেম্পিয়নছ ট্ৰফী বিষয়ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ শ্বাহিদ আফ্ৰিদীয়েও। তেওঁ কয় যে ক্ৰিকেটক ৰাজনীতিৰ সৈতে সংযোগ কৰাটো উচিত নহয়। বিচিচিআই সন্দৰ্ভত এক্সত এটা পোষ্ট শ্বেয়াৰ কৰিছে আফ্ৰিদীয়ে। পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ কথা ক’বলৈ গ’লে এতিয়াও চূড়ান্ত সিদ্ধান্ত লোৱা নাই। কিন্তু বৰ্তমান ই হাইব্ৰিড মডেলৰ বাবে সাজু হোৱা যেন নালাগে। অৱশ্যে এই সন্দৰ্ভত এতিয়াও চৰকাৰী তথ্য লাভ কৰা হোৱা নাই। আইচিচিৰ বৈঠকৰ পিছতো সকলো স্পষ্ট হৈ পৰিব।

উল্লেখ্য যে পাকিস্তানে ভাৰতীয় দলক নিমন্ত্ৰণ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল। কিন্তু বিচিচিআইয়ে নিৰাপত্তাজনিত কাৰণত পাকিস্তানলৈ যাবলৈ অস্বীকাৰ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post