--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চেম্পিয়নছ ট্ৰফী ২০২৫ৰ আয়োজন সম্পৰ্কীয় পৰিস্থিতি এতিয়াও স্পষ্ট হোৱা নাই। টুৰ্ণামেণ্টৰ বাবে পাকিস্তানলৈ যাবলৈ সাজু হোৱা নাই ভাৰতীয় দল। একে সময়তে পাকিস্তানো বৰ্তমান হাইব্ৰিড মডেলৰ বাবে সাজু নহয়। আনহাতে ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ উপ-সভাপতি ৰাজীৱ শুক্লাই এটা নতুন আপডেট দিছে। তেওঁ কয় যে ‘বৰ্তমান চেম্পিয়নছ ট্ৰফীৰ বিষয়টো কিমান দূৰ আগবাঢ়িছে।’

ভাৰত-পাকিস্তান আৰু চেম্পিয়নছ ট্ৰফী বিষয়ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাজীৱ শুক্লাই। এক সংবাদ মাধ্যমত তেওঁ কয় যে ‘‘বৰ্তমান আলোচনা চলি আছে। সকলো চূড়ান্ত হ’লে আপোনালোকক জনোৱা হ’ব। পৰিস্থিতি বিবেচনা কৰি আমি এটা সিদ্ধান্ত ল’ম। খেলুৱৈসকলৰ সুৰক্ষা আমাৰ বাবে সৰ্বোচ্চ অগ্ৰাধিকাৰ। হাইব্ৰিড মডেলটোও এটা বিকল্প আৰু আন বিকল্পও আছে। এতিয়াও আলোচনা অব্যাহত আছে।’’

চেম্পিয়নছ ট্ৰফী বিষয়ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ শ্বাহিদ আফ্ৰিদীয়েও। তেওঁ কয় যে ক্ৰিকেটক ৰাজনীতিৰ সৈতে সংযোগ কৰাটো উচিত নহয়। বিচিচিআই সন্দৰ্ভত এক্সত এটা পোষ্ট শ্বেয়াৰ কৰিছে আফ্ৰিদীয়ে। পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ কথা ক’বলৈ গ’লে এতিয়াও চূড়ান্ত সিদ্ধান্ত লোৱা নাই। কিন্তু বৰ্তমান ই হাইব্ৰিড মডেলৰ বাবে সাজু হোৱা যেন নালাগে। অৱশ্যে এই সন্দৰ্ভত এতিয়াও চৰকাৰী তথ্য লাভ কৰা হোৱা নাই। আইচিচিৰ বৈঠকৰ পিছতো সকলো স্পষ্ট হৈ পৰিব।

উল্লেখ্য যে পাকিস্তানে ভাৰতীয় দলক নিমন্ত্ৰণ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল। কিন্তু বিচিচিআইয়ে নিৰাপত্তাজনিত কাৰণত পাকিস্তানলৈ যাবলৈ অস্বীকাৰ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ