--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চেম্পিয়নছ ট্ৰফীত ভাৰতৰ অংশগ্ৰহণক লৈ এই পৰ্যন্ত কোনো সিদ্ধান্ত অহা নাই৷ ক্ৰিকেট ব’ৰ্ডৰ মুৰব্বী মহছিন নাকভিয়ে স্পষ্টভাৱে 'হাইব্ৰিড’ মডেল নাকচ কৰাৰ পিছতে চেম্পিয়নছ ট্ৰফীৰ বাবে আইচিচিৰ বৈঠক অনুষ্ঠিত হয়। আৰু পিচিবিয়ে 'হাইব্ৰিড’ মডেল স্বীকাৰ কৰিলেহে 

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ কাৰ্যবাহী ব’ৰ্ডৰ জৰুৰী বৈঠকতো বহু প্ৰত্যাশিত চেম্পিয়নছ ট্ৰফীৰ সূচী সন্দৰ্ভত একমতত উপনীত হ’ব নোৱাৰিলে  আয়োজক পাকিস্তান আৰু পাকিস্তানে এই অনুষ্ঠান আয়োজন কৰাৰ ‘হাইব্ৰিড’ মডেল পুনৰবাৰ নাকচ কৰাৰ পিছত শনিবাৰে পুনৰ বৈঠক অনুষ্ঠিত হ’ব।

২০২৫ চনৰ সংস্কৰণৰ আইচিচি চেম্পিয়নছ ট্ৰফীৰ বাবে  মুঠ ৮টা দল-ভাৰত, পাকিস্তান, অষ্ট্ৰেলিয়া, ইংলেণ্ড, দক্ষিণ আফ্ৰিকা, নিউজিলেণ্ড, আফগানিস্তান, আৰু বাংলাদেশে  যোগ্যতা অৰ্জন কৰিছে।

উল্লেখযোগ্য যে এই পৰ্যন্ত অনুস্থিত হৈ যোৱা আই চি চি চেম্পিয়নছ ট্ৰফীৰ আটাইকেইটা সংস্কৰণতে ভাৰতে অংশগ্ৰহণ কৰিছে। ২০১৩ চনত এম এছ ধোনীৰ নেতৃত্বত ফাইনেলত ইংলেণ্ডক পৰাস্ত কৰি খিতাপ দখল কৰা মেন ইন ব্লু দলে ২০০২ চনত যৌথ বিজয়ী হিচাপে ঘোষণা কৰা হৈছিল বৰষুণৰ বাবে খেল অনুস্থিত কৰিব নোৱাৰা বাবে। ২০০০ আৰু ২০১৭ চনৰ চেম্পিয়নছ ট্ৰফীৰ ফাইনেলতো ভাৰতে খেলিছিল যদিও খিতাপ দখল কৰিবলৈ সক্ষম হোৱা নাছিল। 

প্ৰসংগক্ৰমে ২০২৩ চনৰ এছিয়া কাপত হাইব্ৰিড মডেল ব্যৱহাৰ কৰা হৈছিল আৰু পাকিস্তান আৰু শ্ৰীলংকাই প্ৰতিযোগিতাখনৰ বাবে আয়োজক হিচাপে খেলিছিল। ইয়াৰে চাৰিখন খেল পাকিস্তানত অনুষ্ঠিত হোৱাৰ বিপৰীতে বাকী ৯খন খেল শ্ৰীলংকাত অনুষ্ঠিত হৈছিল।

আইচিচি চেম্পিয়নছ ট্ৰফীত অংশগ্ৰহণৰ বাবে পাকিস্তান ভ্ৰমণ সন্দৰ্ভত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে স্পষ্ট কৰি দিছে যে ভাৰত চৰকাৰে অনুমতি দিলেহে দলটোক পাকিস্তানলৈ প্ৰেৰণ কৰিব। দুয়োখন দেশৰ মাজত ৰাজনৈতিক উত্তেজনাক সম্ভাৱ্য কাৰণ হিচাপে চৰকাৰে পাকিস্তান ভ্ৰমণৰ অনুৰোধ নাকচ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ