--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চেম্পিয়নছ ট্ৰফীত ভাৰতৰ অংশগ্ৰহণক লৈ এই পৰ্যন্ত কোনো সিদ্ধান্ত অহা নাই৷ ক্ৰিকেট ব’ৰ্ডৰ মুৰব্বী মহছিন নাকভিয়ে স্পষ্টভাৱে 'হাইব্ৰিড’ মডেল নাকচ কৰাৰ পিছতে চেম্পিয়নছ ট্ৰফীৰ বাবে আইচিচিৰ বৈঠক অনুষ্ঠিত হয়। আৰু পিচিবিয়ে 'হাইব্ৰিড’ মডেল স্বীকাৰ কৰিলেহে 

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ কাৰ্যবাহী ব’ৰ্ডৰ জৰুৰী বৈঠকতো বহু প্ৰত্যাশিত চেম্পিয়নছ ট্ৰফীৰ সূচী সন্দৰ্ভত একমতত উপনীত হ’ব নোৱাৰিলে  আয়োজক পাকিস্তান আৰু পাকিস্তানে এই অনুষ্ঠান আয়োজন কৰাৰ ‘হাইব্ৰিড’ মডেল পুনৰবাৰ নাকচ কৰাৰ পিছত শনিবাৰে পুনৰ বৈঠক অনুষ্ঠিত হ’ব।

২০২৫ চনৰ সংস্কৰণৰ আইচিচি চেম্পিয়নছ ট্ৰফীৰ বাবে  মুঠ ৮টা দল-ভাৰত, পাকিস্তান, অষ্ট্ৰেলিয়া, ইংলেণ্ড, দক্ষিণ আফ্ৰিকা, নিউজিলেণ্ড, আফগানিস্তান, আৰু বাংলাদেশে  যোগ্যতা অৰ্জন কৰিছে।

উল্লেখযোগ্য যে এই পৰ্যন্ত অনুস্থিত হৈ যোৱা আই চি চি চেম্পিয়নছ ট্ৰফীৰ আটাইকেইটা সংস্কৰণতে ভাৰতে অংশগ্ৰহণ কৰিছে। ২০১৩ চনত এম এছ ধোনীৰ নেতৃত্বত ফাইনেলত ইংলেণ্ডক পৰাস্ত কৰি খিতাপ দখল কৰা মেন ইন ব্লু দলে ২০০২ চনত যৌথ বিজয়ী হিচাপে ঘোষণা কৰা হৈছিল বৰষুণৰ বাবে খেল অনুস্থিত কৰিব নোৱাৰা বাবে। ২০০০ আৰু ২০১৭ চনৰ চেম্পিয়নছ ট্ৰফীৰ ফাইনেলতো ভাৰতে খেলিছিল যদিও খিতাপ দখল কৰিবলৈ সক্ষম হোৱা নাছিল। 

প্ৰসংগক্ৰমে ২০২৩ চনৰ এছিয়া কাপত হাইব্ৰিড মডেল ব্যৱহাৰ কৰা হৈছিল আৰু পাকিস্তান আৰু শ্ৰীলংকাই প্ৰতিযোগিতাখনৰ বাবে আয়োজক হিচাপে খেলিছিল। ইয়াৰে চাৰিখন খেল পাকিস্তানত অনুষ্ঠিত হোৱাৰ বিপৰীতে বাকী ৯খন খেল শ্ৰীলংকাত অনুষ্ঠিত হৈছিল।

আইচিচি চেম্পিয়নছ ট্ৰফীত অংশগ্ৰহণৰ বাবে পাকিস্তান ভ্ৰমণ সন্দৰ্ভত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে স্পষ্ট কৰি দিছে যে ভাৰত চৰকাৰে অনুমতি দিলেহে দলটোক পাকিস্তানলৈ প্ৰেৰণ কৰিব। দুয়োখন দেশৰ মাজত ৰাজনৈতিক উত্তেজনাক সম্ভাৱ্য কাৰণ হিচাপে চৰকাৰে পাকিস্তান ভ্ৰমণৰ অনুৰোধ নাকচ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ প্ৰদেশৰ বলৰামপুৰত ভয়ংকৰ দুৰ্ঘটনা; ট্ৰাকত খুন্দা মাৰি বাগৰিল যাত্ৰীবাহী বাছ
মানাহত অসম বিধানসভাৰ প্ৰতিনিধি দল ; পৰ্যটন ক্ষেত্ৰৰ বিকাশ পৰ্যবেক্ষণৰ বাবে আহিছে কেবাজনো বিধায়কৰ প্ৰতিনিধি দল
পুটিনৰ ভাৰত ভ্ৰমণে দেশলৈ কি কঢ়িয়াই আনিব?
ছোনিয়া, ৰাহুল গান্ধীৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগ, নেশ্যনেল হেল্ড গোচৰত নতুনকৈ এজাহাৰ
বাংলাদেশৰ গ্ৰামীণ বেংকত আল-কায়দাৰ পুঁজি, চি আই এৰ প্ৰতিবেদনৰ উদ্ধৃতিৰে ৱাল ষ্ট্ৰীট জার্নেলত প্রকাশিত বাতৰিক লৈ চাঞ্চল্য
গুৱাহাটীৰ যান-জঁট সমস্যাৰ নতুন সমাধানসূত্ৰ ; ITMS প্ৰযুক্তিৰে এতিয়াৰে পৰা গুৱাহাটীত চলিব ASTCৰ বাছ
৫০খন আন্তর্জাতিক মহোৎসৱত সাফল্য 'লাচিত দ্য ৱাৰিয়ৰ'ৰ, সর্বশ্রেষ্ঠ ডকুমেন্টৰী, এনিমেটেড ফিল্মকে ধৰি বিভিন্ন বঁটা লাভ
খাদ্য খোৱাৰ পিছত ইলাচি কিয় চোবাই খাব লাগে? জানিলে আচৰিত হ’ব আপুনি
থলুৱাভাৱে নিৰ্মিত আই এন এছ 'মাহে'ক নৌ সেনাত অন্তর্ভুক্তি, শক্তি বৃদ্ধি হ'ল নৌ-প্ৰতিৰক্ষা খণ্ডৰ
কৃষকৰ সপোন ছাৰখাৰ; মাজুলীৰ বৰুণচুক গাঁৱৰ ধাননি পথাৰত দপদপকৈ জ্বলি উঠিল জুই
জুৰীয়াত জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী