--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পাকিস্তানত অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্ৰফী ২০২৫ অৱশ্যে আই চি চিয়ে এতিয়ালৈকে খেলৰ সময়সূচী ঘোষণা কৰা নাই।বিগত ৭ বৰ্ষৰ অন্তত অনুষ্ঠিত হ’ব লগীয়া চেম্পিয়নছ ট্ৰফী ৮টা দলৰ মাজত অনুষ্ঠিত হ’ব। ইতিমধ্যে চেম্পিয়নছ ট্ৰফী ২০২৫ ভাৰতৰ অংশগ্ৰহণ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত অৱগত কৰিছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদক। 

প্ৰাপ্ত খবৰ অনুসৰি ২০২৫ চনত অনুষ্ঠিত হ’বলগীয়া চেম্পিয়নছ ট্ৰফীত ভাৰতে অংশগ্ৰহণ কৰিবলৈ পাকিস্তান ভ্ৰমণত নাযায় বুলি।দুয়োখন দেশৰ মাজত চলিথকা সংঘাটপূৰ্ণ সম্পৰ্কৰ বাবে ভাৰত চৰকাৰে পাকিস্তানলৈ দল প্ৰেৰণ নকৰিবলৈ পৰামৰ্শ দিছে বুলি আইচিচিক সদৰি কৰিছে।২০০৮ চনৰ এছিয়া কাপৰ পিছত ভাৰতৰ দলটো পাকিস্তান ভ্ৰমণলৈ যোৱা নাই।

চেম্পিয়নছ ট্ৰফীত অংশগ্ৰহণৰ বাবে টিম ইণ্ডিয়াই পাকিস্তান ভ্ৰমণত নাযায় তেন্তে এই মেচখনো হাইব্ৰিড মডেলত খেলিব পাৰিব। এনে ক্ষেত্ৰত ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফী ইউএইত ভাৰতৰ বিৰুদ্ধে খেলিব পাৰে। ইয়াৰ পূৰ্বে ২০২৩ চনত এছিয়া কাপো হাইব্ৰিড মডেলত অনুষ্ঠিত হৈছিল। তেতিয়াও আয়োজক পাকিস্তানৰ সৈতে টিম ইণ্ডিয়াৰ মেচসমূহ শ্ৰীলংকাত অনুষ্ঠিত হৈছিল। ফাইনেল মেচখনো শ্ৰীলংকাত অনুষ্ঠিত হয়। 

শেহতীয়াকৈ পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষ মহছিন নাকৱীয়ে ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফী সন্দৰ্ভত  তেওঁ কয় যে কিছুদিনৰ পৰা ভাৰতীয় দলটোৱে চেম্পিয়নছ ট্ৰফীৰ বাবে পাকিস্তান ভ্ৰমণত নাহে বুলি খবৰ আহিছে। পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষগৰাকীয়ে কয় যদি কিবা সমস্যা আছে তেন্তে তেওঁলোকে স্থিতি লিখিতভাৱে জনাব লাগে বুলি কয়। যদি ভাৰতীয় দল পাকিস্তনলৈ নাহে,তেন্তে চৰকাৰৰ ওচৰলৈ যাব লাগিব। তাৰ পিছত পাকিস্তান চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰে সেইটো মানি চলিব লাগিব বুলি সদৰি কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post