--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়াকৈ ঘোষণা কৰা হ’ল আইচিচি টেষ্ট ৰেংকিঙৰ তালিকা৷  বিগত দুখন টেষ্ট ছিৰিজ-বাংলাদেশ আৰু নিউজিলেণ্ডৰ লগত দুয়োখন টেষ্ট ছিৰিজত ভাৰতীয় তাৰকা বেটছমেন বিৰাট কোহলীৰ প্ৰদৰ্শন অতি দুৰ্বল আছিল যাৰ বাবে বৰ্তমান সময়ৰ শ্ৰেষ্ঠ বেটছমেন হিচাপে পৰিগণিত ক্ৰিকেটাৰ গৰাকীয়ে বিগত ১০টা বৰ্ষৰ পাছত আইচিচি টেষ্ট ৰেংকিঙৰ তালিকাত ২২নম্বৰলৈ অবনমিত হৈছে৷

ইফালে আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ শৃংখলাৰ অন্তিম টেষ্টত আকৰ্ষণীয় প্ৰদৰ্শনৰ পাছত ভাৰতীয় ক্ৰিকেটাৰ ঋষভ পণ্ট আৰু নিউজিলেণ্ডৰ ক্ৰিকেটাৰ ডেৰিল মিচেলে আইচিচি পুৰুষৰ টেষ্ট বেটিং ৰেংকিঙৰ শীৰ্ষ দহটা স্থানত পুনৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ 

আই চি চি টেষ্ট ৰেংকিঙত শ্ৰেষ্ঠ ২০ গৰাকী বেটছমেনৰ তালিকাত ভাৰতীয় বেটছমেন যশস্বী জয়ছোৱাল চতুৰ্থ স্থান লাভ কৰিছে ষষ্ঠ স্থানত আছে ঋষভ পন্ত। ১৬ নম্বৰত আছে শুভ্মান গিল। ইয়াৰ পৰিৱৰ্তে আই চি চি টেষ্ট ৰেংকিঙত বিৰাট কোহলী ২২ নম্বৰ স্থানলৈ ৰোহিত শৰ্মা ২৬ নম্বৰ স্থানলৈ অৱনমিত হোৱা পৰিলক্ষিত হ’ল।

আনহাতে আই চি চি টেষ্ট ৰেংকিঙত শীৰ্ষ ২০ গৰাকী বলাৰৰ তালিকাত ভৰাতীয় বলাৰ যশপ্ৰীত বুমৰাহ আছে তৃতীয় স্থানত, ৰবিচন্দ্ৰন অশ্বিন আছে পঞ্চম স্থানত আৰু ৰবীন্দ্ৰ জাডেজা ষষ্ঠস্থান লাভ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post