--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫। এই প্ৰতিযোগিতাখনৰ আয়োজন কৰিব পাকিস্তানে । কিন্তু, এইবাৰ খেলখন হ’ব হাইব্ৰিড মডেলত। আটাইকেইখন খেল পাকিস্তান, কৰাচী, লাহোৰ আৰু ৰাৱালপিণ্ডিৰ তিনিখন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। আনহাতে, ভাৰতৰ সকলো খেল ডুবাইত অনুষ্ঠিত হ’ব। এই অনুষ্ঠান আৰম্ভ হ’বলৈ এমাহ নৌহওঁতেই এটা নতুন সমস্যাৰ উন্মেষ ঘটিছে। আচলতে টিম ইণ্ডিয়াৰ জাৰ্চিত লিখা নাথাকিব আয়োজক পাকিস্তানৰ নাম ।

৮ বছৰৰ পাছত পুনৰ আৰম্ভ হোৱা চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে আৰম্ভ হৈছে এক নতুন বিতৰ্ক। য’ত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে টিম ইণ্ডিয়াৰ জাৰ্চিত আয়োজক পাকিস্তানৰ নাম লিখিবলৈ অস্বীকাৰ কৰিছে। ভাৰতীয় দলটোৱে ইতিমধ্যে পাকিস্তানলৈ যাবলৈ অস্বীকাৰ কৰিছিল আৰু এতিয়া জাৰ্চিত নিজৰ নাম লিখিবলৈও অস্বীকাৰ কৰিছে। এনে পৰিস্থিতিত আকৌ এবাৰ পাকিস্তান ক্ৰিকেট কণ্ট্ৰল ব’ৰ্ডে বিচিচিআইৰ পৰা ডাঙৰ আঘাত পাইছে।

ভাৰতৰ জাৰ্চিত নাথাকিব পাকিস্তানৰ নাম। এই তথ্য দি পিচিবিৰ এজন বিষয়াই কয় যে "ভাৰতত ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে ভাৰতীয় জাৰ্চিত পাকিস্তানৰ নাম লিখা নথকাৰ বাবে ক্ৰিকেটত ৰাজনীতিৰ আশ্ৰয় লৈছে।" ইয়াৰ পূৰ্বেও ব’ৰ্ডে ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাক চেম্পিয়নছ ট্ৰফীত অনুষ্ঠিত হ’বলগীয়া অধিনায়ক বৈঠকৰ বাবে পাকিস্তানলৈ পঠিয়াবলৈ অস্বীকাৰ কৰিছিল। ক্ৰীড়াৰ দৃষ্টিকোণৰ পৰা এইটো ভাল নহয়। তেওঁ পাকিস্তানলৈ আহিবলৈ অস্বীকাৰ কৰিলে। উন্মোচনী অনুষ্ঠানৰ বাবে অধিনায়ককো পঠিয়াব নিবিচাৰে আৰু এতিয়া খবৰ ওলাইছে যে জাৰ্চিতো পাকিস্তানৰ নাম নাথাকিব। আমি বিশ্বাস কৰোঁ যে আইচিচিয়ে এনে হ’বলৈ নিদিয়ে আৰু নিশ্চিতভাৱে সিদ্ধান্ত ল’ব।”

ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ইতিমধ্যে পাকিস্তানলৈ যাবলৈ অস্বীকাৰ কৰিছিল, যাৰ বাবে পিচিবিয়ে হাইব্ৰিড মডেলত এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিবলৈ সন্মত হৈছিল। তাৰ লগতে তেওঁলোকে এটা চৰ্তও ৰাখিলে যে ভৱিষ্যতে যেতিয়াই ভাৰতত আই চি চি টুৰ্ণামেণ্ট হ’ব তেতিয়াই পাকিস্তানৰ দল নাযায়। টিম ইণ্ডিয়াইও এই প্ৰতিযোগিতাৰ বাবে ১৫ জনীয়া দল ঘোষণা কৰে। কিন্তু, পাকিস্তানে এতিয়াও ঘোষণা কৰা নাই।

আইচিচি চেম্পিয়নছ ট্ৰফী ২০২৫ৰ বাবে ১৫ জনীয়া ভাৰতীয় দল:

ৰোহিত শৰ্মা (অধিনায়ক), শুবমান গীল (উপ অধিনায়ক), যশস্বী জয়ছৱাল, বিৰাট কোহলী, শ্ৰেয়াছ আয়েৰ, কে এল ৰাহুল, ঋষভ পন্ত, হাৰ্দিক পাণ্ডিয়া, অক্ষৰ পেটেল, ৰবীন্দ্ৰ জাদেজা, ৱাশ্বিংটন সুন্দৰ, মহম্মদ শামী, আৰ্শদীপ সিং, যশপ্ৰীত বুমৰাহ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ প্ৰদেশৰ বলৰামপুৰত ভয়ংকৰ দুৰ্ঘটনা; ট্ৰাকত খুন্দা মাৰি বাগৰিল যাত্ৰীবাহী বাছ
মানাহত অসম বিধানসভাৰ প্ৰতিনিধি দল ; পৰ্যটন ক্ষেত্ৰৰ বিকাশ পৰ্যবেক্ষণৰ বাবে আহিছে কেবাজনো বিধায়কৰ প্ৰতিনিধি দল
পুটিনৰ ভাৰত ভ্ৰমণে দেশলৈ কি কঢ়িয়াই আনিব?
ছোনিয়া, ৰাহুল গান্ধীৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগ, নেশ্যনেল হেল্ড গোচৰত নতুনকৈ এজাহাৰ
বাংলাদেশৰ গ্ৰামীণ বেংকত আল-কায়দাৰ পুঁজি, চি আই এৰ প্ৰতিবেদনৰ উদ্ধৃতিৰে ৱাল ষ্ট্ৰীট জার্নেলত প্রকাশিত বাতৰিক লৈ চাঞ্চল্য
গুৱাহাটীৰ যান-জঁট সমস্যাৰ নতুন সমাধানসূত্ৰ ; ITMS প্ৰযুক্তিৰে এতিয়াৰে পৰা গুৱাহাটীত চলিব ASTCৰ বাছ
শীতকালত মৰ্ণি ৱাক নে ইভিণিং ৱাক! ওজন কমোৱাত কোনটো সঠিক ?
৫০খন আন্তর্জাতিক মহোৎসৱত সাফল্য 'লাচিত দ্য ৱাৰিয়ৰ'ৰ, সর্বশ্রেষ্ঠ ডকুমেন্টৰী, এনিমেটেড ফিল্মকে ধৰি বিভিন্ন বঁটা লাভ
খাদ্য খোৱাৰ পিছত ইলাচি কিয় চোবাই খাব লাগে? জানিলে আচৰিত হ’ব আপুনি
থলুৱাভাৱে নিৰ্মিত আই এন এছ 'মাহে'ক নৌ সেনাত অন্তর্ভুক্তি, শক্তি বৃদ্ধি হ'ল নৌ-প্ৰতিৰক্ষা খণ্ডৰ
কৃষকৰ সপোন ছাৰখাৰ; মাজুলীৰ বৰুণচুক গাঁৱৰ ধাননি পথাৰত দপদপকৈ জ্বলি উঠিল জুই
জুৰীয়াত জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা