--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমলৈ গৌৰৱ কঢ়িয়ালে অসম সন্তানে। ভাৰতীয় ফুটবলৰ ২০ বছৰ অনূর্ধ্বৰ দলত অন্তর্ভুক্ত হ'ল মৰিগাঁৱৰ প্রতিভাৱান ফুটবলাৰ মহম্মদ ছামী।

মৰিগাঁও জিলাৰ দলবাৰী গাঁৱত ঘৰ মহম্মদ ছামীৰ। ফুটবলাৰগৰাকীৰ কৃতিত্বত আনন্দৰ জোৱাৰ উঠিছে মৰিগাঁৱত। 

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ১৭বছৰ অনূর্ধ্বৰ ভাৰতীয় ফুটবল দলৰ হৈ ইণ্ডোনেছিয়া, থাইলেণ্ড আৰু ভূটানত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ফুটবলত অংশগ্রহণ কৰি পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছিল জিলাখনৰ দলবাৰীৰ সু-সন্তান মহম্মদ ছামীয়ে। 

এই খেলুৱৈগৰাকীয়ে ভাৰতীয় দলৰ হৈ এইবাৰো ইণ্ডোনেছিয়াত মিডফিল্ডাৰ হিচাপে খেলিব। 

দিল্লীৰ সুদেভা একাডেমিত ২০২১ চনৰ পৰা প্ৰশিক্ষণৰত আছিল মৰিগাঁৱৰ মহম্মদ ছামী। 

ছামীৰ এই যাত্রা সফল হোৱাৰ লগতে খেলুৱৈ জীৱনৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিছে মৰিগাঁওবাসীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post