--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত দুদিনীয়াকৈ আয়োজিত জি ২০ সন্মিলনৰ আজি সামৰণি পৰে। জি ২০ সন্মিলনৰ সামৰণি পৰ্বত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক বিবৃতি প্ৰকাশ কৰে। বিশ্ব সম্প্ৰদায়ক সম্বোধন কৰি মোদীয়ে লিখা বিবৃতিটো এনে ধৰণৰ-

বন্ধুগণ,ত্ৰইকা (ত্ৰিশক্তি) উদ্যমত আমাৰ পূৰ্ণ বিশ্বাস আছে।ব্ৰাজিলক আমি পূৰ্ণ সহযোগ দিম আৰু আমাৰ বিশ্বাস যে তেওঁলোকৰ নেতৃত্বত জি-২০ত নিৰ্ধাৰণ হোৱা উমৈহতীয়া লক্ষ্য প্ৰাপ্তিৰ দিশে আগবাঢ়ি যাব।মই ব্ৰাজিলৰ ৰাষ্ট্ৰপতি তথা মোৰ মিত্ৰ লুলা ডি ছিলভাক হৃদয়ৰ পৰা শুভকামনা জনাইছোঁ।আৰু মই তেওঁক জি-২০ৰ সভাপতিৰ দায়িত্ব অৰ্পন কৰিছোঁ।মই এই সুযোগতে ৰাষ্ট্ৰপতি লুলাক নিজৰ বিচাৰ ভাগ-বটোৱাৰা কৰিবৰ বাবে আমন্ত্ৰণ জনালোঁ।মান্যবৰ,আপোনালোক সকলোৱে জানে যে জি-২০ৰ সভাপতিত্ব ভাৰতৰ হাতত নৱেম্বৰলৈ আছে। এতিয়াও আঢ়ৈ মাহ বাকী আছে।এই দুদিনত আপোনালোক সকলোৱে নিজৰ মন্তব্য, পৰামৰ্শৰ লগতে অনেক প্ৰস্তাৱ দিছে।  

এয়া আমাৰ সকলোৰে দায়িত্ব যে যিবোৰ পৰামৰ্শ আহিছে সেয়া আমি পুনৰাই পৰ্যালোচনা কৰি সেইবোৰক প্ৰগতিৰ গতিত আনিবলৈ চেষ্টা কৰোঁ।মোৰ এক প্ৰস্তাৱ আছে যে আমি নৱেম্বৰ মাহৰ শেষত জি-২০ সন্মিলনৰ অন্য এক ভাৰ্চুৱেল বৈঠক অনুষ্ঠিত কৰিব লাগে।সেই বৈঠকত আমি এই সন্মিলনত গ্ৰহণ কৰা বিষয়বস্তুৰ পুনঃ আলোচনা তথা সমীক্ষা কৰিব পাৰোঁ।এই সকলো কথাৰ সৱিশেষ আমাৰ বিভাগীয় দলে আপোনালোকৰ সৈতে ভাগ-বটোৱাৰা কৰিব।

মই আশা কৰিছো যে আপোনালোক সকলো ইয়াৰ অংশ হৈ পৰিব।মান্যবৰ,ইয়াৰ লগতে মই জি-২০ সন্মিলনৰ সমাপ্তিৰ ঘোষণা কৰিলোঁ।ৱান আৰ্থ, ৱান ফেমিলী, ৱান ফিউচাৰৰ ৰোডমেপ সকলোৰে বাবে সুখময় হওক।স্তুতি অস্তু বিশ্বস্য!অৰ্থাৎ সম্পূৰ্ণ বিশ্বত আশা আৰু শান্তি সঞ্চাৰ হওক।১৪০ কোটি ভাৰতীয়ৰ এই মংগলকামনাৰ জৰিয়তে আপোনালোক সকলোকে অশেষ ধন্যবাদ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
জ্যোতিচিত্ৰবনত অনুষ্ঠিত হৈছে আমাৰ ভূপেন দা ছিজন ৯ ৰ গুৱাহাটী অডিচন
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল ৰিম্পী বুঢ়াগোহাঁই ; নিজ গাঁৱত উষ্ম আদৰণি খেলুৱৈ গৰাকীক
কৰিশ্মা নাথৰ দলক নিষিদ্ধ ঘোষণাৰ দাবী কলাগুৰুৰ পুত্ৰৰ
অসমৰ যুৱকৰ থাইলেণ্ডত ৰহস্যজনক মৃত্যু
খালী পেটত কেঁচা নহৰু খালে নানা উপকাৰ পোৱা যায়! জানি লওক সৱিশেষ
নিতৌ চুৰিকাণ্ডৰে ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰৰ দলক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক