--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰিলায়েন্স গ্ৰুপ অফ ইণ্ডাষ্ট্ৰিজৰ সহ-অধ্যক্ষ মুকেশ আম্বানী হৈছে ভাৰতৰ সম্ভ্ৰান্ত লোকৰ ভিতৰত এজন। তেওঁৰ আৰু তেওঁৰ পত্নী নীতা আম্বানীয়ে বিলাসী জীৱন যাপনৰ বিষয়ে জানিবলৈ বহুজন আগ্ৰহী । মুম্বাইত থকা তেওঁলোকৰ অট্টালিকা 'এণ্টিলিয়া'ত সুসজ্জিত হৈ আছে বহু দেশ আৰু বিদেশৰ বহু বিলাসী সামগ্ৰী। মুকেশ আম্বানীৰ পত্নী নীতা আম্বানীয়ে বহুত ব্যয়বহুল বস্তু ব্যৱহাৰ কৰে৷ ইয়াৰ উপৰিও তেওঁৰ দৈনিক ৰুটিন সাধাৰণ মানুহৰ পৰা বহুত পৃথক।

অৱশ্যে, নীতা আম্বানীক কেৱল মুকেশ আম্বানীৰ পত্নী হিচাপেই নহয়, আই পি এলৰ দল মুম্বাই ইণ্ডিয়ানছৰ এটি চিনাকি মুখ হিচাপেও জনা যায়। আমি প্ৰায়ে তেওঁক সামাজিক মাধ্যমত ফটো পোষ্ট কৰা দেখা পাওঁ। অৱশ্যে, এই মুহূৰ্তত, নীতা আম্বানীৰ এখন ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, য'ত বিদেশৰ এগৰাকী জনপ্ৰিয় ক্ৰিকেটাৰক সৱাটি ধৰে নীতা আম্বানীয়ে৷ কোনজন ক্ৰিকেটাৰে নীতা আম্বানীক নিজৰ বাহুত ল'লে আকোৱালী আৰু ইয়াৰ কাৰণ কি হ'ব পাৰে?


নীতা আম্বানীৰ এই ফটোখনে ছ'চিয়েল মিডিয়াত পোষ্ট কৰাৰ লগে লগে ভাইৰেল হৈ পৰে৷ সামাজিক মাধ্যমত ভাইৰেল ফটোখনৰ বাবে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে নীতা। এই ফটোখনত নিউজিলেণ্ডৰ আটাইতকৈ বেগী দ্ৰুত বলাৰ-তথা-বেটছমেন কেৰী এণ্ডাৰছনক নীতা আম্বানীক বাহুত ধৰি থকা দেখিবলৈ পোৱা যায়। এই ফটোখন এখন বিশেষ খেলৰ পৰা লোৱা হৈছিল য'ত মুম্বাই ইণ্ডিয়ানছে এটা ডাঙৰ লক্ষ্যৰ উপনীত হ'বলৈ প্ৰয়াস কৰি আছিল। সেই খেলখনত কোৰি এণ্ডাৰচনৰ বেটিঙে ৰোমাঞ্চক কৰি তুলিছিল আইপিএলৰ খেলপথাৰ৷ আৰু এণ্ডাৰচনৰ সুদক্ষ পৰাদৰ্শিতাৰ বাবে বিজয়ৰ মুকুট পিন্ধিবলৈ পাৰিছিল মুম্বাইয়ে৷ যাৰ লৈ সেই সময়ত মুম্বাই ইণ্ডিয়ানছৰ প্ৰতিজন সদস্য অত্যন্ত উৎসাহিত আৰু আনন্দিত দেখা গৈছিল। এই আনন্দৰ বাবেই এণ্ডাৰছনৰ অভিনন্দন জনাবলৈ গৈ নীতাই সকলোৰে সন্মুখতে সাবটি ধৰে।

এই ঘটনা আছিল ২০১৪ বৰ্ষৰ আইপিএলৰ৷ এইবৰ্ষটো আই পি এল চলি থকাৰ লগে লগে এই ছবিখনে ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীক দিছে যথেষ্ট আমোদ৷ যাৰবাবে মুহুৰ্ততে ভাইৰেল হৈ পৰে ফটোখন৷ উল্লেখ্য যে, কেৱল এণ্ডাৰছনৰ লগতেই নহয় বহু ক্ৰেকেট তাৰকাৰ লগত উঠা ফটোৱে চৰ্চিত কৰে ভাৰতৰ সম্ভ্ৰান্ত মহিলাগৰাকীক৷

এই ছিজনত ১০ টা দলে আই পি এল ট্ৰফীৰ বাবে প্ৰতিদ্বণ্ডিতা কৰিব। মুম্বাই ইণ্ডিয়ানছ এই দলবোৰৰ ভিতৰত অন্যতম। কিন্তু তাৰ আগতে, কাৰি এণ্ডাৰছনৰ সৈতে নীতা আম্বানীৰ এনে এখন ফটো ভাইৰেল হোৱাত নীতাই নিজেই সংকোচবোধ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২৭ত মহাকাশলৈ মানৱসহ ভাৰতে প্ৰেৰণ কৰিব প্ৰথমখন মহাকাশ যান, ২০২৮ চনত চন্দ্রলৈ প্ৰেৰণৰ লক্ষ্য চন্দ্রযান-৪
সেমেকা মন, সেমেকা দুচকু; ‘হিয়াৰ আমঠু’ অবিহনে আজি প্ৰথমটো জন্মদিন উদযাপন অসমীয়াৰ
নগৰবেৰাত ১২টা চুৰি গৰু জব্দ; গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী চাত্তাৰ আলী আৰু আবেদ আলী
ডিগবৈত ভয়ংকৰ পথ দুৰ্ঘটনা; ডাম্পাৰ-মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত সেনা জোৱান
মহাৰাষ্ট্ৰত মহাবিকাশ অঘাড়ীত বিভাজনৰ সম্ভাৱনা, BMCৰ নিৰ্বাচনত অকলে যুঁজিব কংগ্ৰেছে
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপজা দিন ৩ দিনীয়াকৈ উদযাপন আছুৰ
কেপচিকামৰ নানা স্বাস্থ্য উপকাৰী গুণ
হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হুৱাদুৱা! বিদ্যালয়খনৰ পুৰণি বিজ্ঞান ভৱনৰ দুৱাৰত দুৰ্বৃত্তই লগাই দিলে জুই
দিল্লীত বছৰটোৰ ভিতৰতে সবাতোকৈ শোচনীয় বায়ুৰ মান সূচকাংক
ফতেহপুৰৰ ঘৰে ঘৰে চলালে তালাচী; ফালাহ বিশ্ববিদ্যালয়ত এহাজাৰ আৰক্ষীৰ
ঘৰত অপৰাজিতাৰ ফুল থকাটো অতি শুভ! কোন দিশত ৰোপণ কৰিলে শুভফল পোৱা যায়, জানেনে?
দিল্লী ৰক্তাক্ত কৰা ৫ ডাক্তৰৰ গেং
ৰাজ্যত পুনৰ বন্যহস্তীৰ কৰুণ মৃত্যু , এমাহৰ ভিতৰতে চাৰিটাকৈ বন্যহস্তীৰ মৃত্যু ওদালগুৰিত
ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ সফল অভিযান, লক্ষীপুৰত জব্দ বৃহৎ পৰিমাণৰ হেৰ’ইন