--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সাম্প্ৰদায়িক সংঘৰ্ষৰ ক’লা ছায়া মণিপুৰত৷ গোষ্ঠী সংঘৰ্ষই মণিপুৰৰ শিশুসকলৰ মনত সিঁচি দিলে আতংকৰ বীজ৷ হেৰুৱালে ঘৰ, হেৰুৱালে আপোনজনক৷ আৰু হেৰুৱালে আপোন বিদ্যালয়খন৷ মণিপুৰত সংঘটিত গোষ্ঠীগত সংঘৰ্ষৰ ফলত ১৪,০০০তকৈও অধিক স্কুলীয়া ছাত্ৰ-ছাত্ৰী স্থানচ্যুত হৈছে বুলি বুধবাৰে ৰাজ্যসভাত কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা মন্ত্ৰণালয়ে সদৰী কৰে৷

কেন্দ্ৰীয় শিক্ষা ৰাজ্যমন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে ৰাজ্যসভাত এক লিখিত উত্তৰত কয় যে মণিপুৰৰ ৯৩ শতাংশতকৈও অধিক শিশুক নিকটতম বিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে।

ৰাজ্যসভাত দেৱীয়ে কয়, মণিপুৰৰ বৰ্তমানৰ পৰিস্থিতিৰ বাবে মুঠ ১৪,৭৬৩গৰাকী স্কুলীয়া শিশু স্থানচ্যুত হৈছে। এইসকল শিক্ষাৰ্থীৰ নামভৰ্তি প্ৰক্ৰিয়াৰ সুবিধাৰ বাবে প্ৰতিটো সাহায্য শিবিৰৰ বাবে এজন নোডেল বিষয়া নিয়োগ কৰা হৈছে৷ মন্ত্ৰীগৰাকীয়ে কয়, প্ৰায় ৯৩.৫ শতাংশ স্থানচ্যুত শিক্ষাৰ্থীক বিনামূলীয়াকৈ নিকটতম বিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে।

মণিপুৰত মেইটিইৰ জনসংখ্যা ৫০ শতাংশতকৈও অধিক, আনহাতে প্ৰায় ৪৩ শতাংশ জনসংখ্যা যুটীয়াভাৱে কুকি, নগা আৰু অন্যান্য জনজাতিৰ।
এই বছৰৰ মে’ মাহত আৰম্ভ হোৱা হিংসাত্মক ঘটনাত ১৫০জনৰো অধিক লোক নিহত আৰু কেইবাজনো আহত হৈছে। মণিপুৰ চৰকাৰৰ প্ৰতিবেদনত কোৱা হৈছে যে ৬০,০০০ৰো অধিক লোকক তেওঁলোকৰ ঘৰৰ পৰা স্থানান্তৰিত কৰা হৈছে। যেতিয়া মণিপুৰৰ কুকিসকলে মেইটেইসকলক চৰকাৰী জনজাতীয় মৰ্যাদা দিয়াৰ দাবীৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰিছিল তেতিয়াই উত্তেজনা ক্ৰমাৎ বৃদ্ধি পাইছিল। প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল যে কুকি মহিলাৰ ওপৰত হোৱা আক্ৰমণে ভাৰতক লজ্জিত কৰিছে।

মণিপুৰত সংঘটিত হিংসা ৰোধ কৰিবলৈ চৰকাৰে ৰাজ্যখনত ৪০,০০০ নিৰাপত্তাকৰ্মী মোতায়েন কৰিছে। 
মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ নেতৃত্বত ৰাজ্যখনৰ বিজেপি চৰকাৰে কুকি বিদ্ৰোহী গোটবোৰক সম্প্ৰদায়টোক উচটনি দিয়াৰ অভিযোগ উত্থাপন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ