--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বয়স মাথোঁ এটা সংখ্যা। সময়ৰ লগে লগে বাঢ়িব! কিন্তু আইনাত নিজৰ উজ্জ্বল মুখখন দেখি কোনেনো ভাল নাপায়? কেৱল বজাৰৰ পৰা অনা এন্টি এজিং ক্ৰীমেই নহয়, ছালত বয়সৰ আৱিৰ্ভাৱ ৰোধ কৰিবলৈ শৰীৰটোক ভিতৰৰ পৰা সুস্থ কৰি ৰখাটো প্ৰয়োজন। চিৰযৌৱনা হৈ থাকিবলৈ দৈনন্দিন খাদ্য তালিকাত আপুনিও অন্তৰ্ভুক্ত কৰক এইসমূহ বস্তু।

 দৈ:-দৈত প্ৰচুৰ পৰিমাণে কেলছিয়াম থাকে, যাৰ ফলত ছালখন মসৃণ আৰু সতেজ হৈ থাকে। দৈত থকা লেক্টিক এচিডে ছালৰ মৃত কোষবোৰ আঁতৰাই ছালৰ সতেজতা বজাই ৰখাত সহায় কৰে।

আলমণ্ডঃ-ছালত থকা বলিৰেখা আঁতৰাই বাৰ্ধক্য ৰোধ কৰাত আলমণ্ডে বিশেষ ভূমিকা পালন কৰে। ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন-ই থাকে যিয়ে ছালখন সতেজ কৰি ৰাখে।

 পকা অমিতাঃ-এই ফলত এন্টি অক্সিডেন্ট, ভিটামিন আৰু মিনাৰেল প্ৰচুৰ পৰিমাণে থাকে। যদি আপুনি ছালত বয়সৰ চাপ ৰোধ কৰিব বিচাৰে তেন্তে দৈনন্দিন খাদ্য তালিকাত অমিতা অন্তৰ্ভুক্ত কৰক। অমিতাই ছালৰ হেৰাই যোৱা জিলিকনি ঘূৰাই আনিব পাৰে। ছালৰ দাগ আঁতৰোৱাতো ই অতি উপযোগী।

 ৰেড ৱাইনঃ-ছালখন সুস্থ কৰি ৰাখিবলৈ ৰেড ৱাইনো অতি উপযোগী। ৰেড ৱাইন উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত, তেজত বেয়া কলেষ্টেৰলৰ পৰিমাণ হ্ৰাস কৰাত, ৰক্ত সঞ্চালন বজাই ৰখাৰ লগতে ছালত বয়সৰ প্ৰভাৱ ৰোধ কৰাত অতি ফলপ্ৰসূ। কিন্তু বৃহৎ পৰিমাণত নহয়। ছোৱালীৰ বাবে দিনটোত এটা গিলাচ আৰু পুৰুষৰ বাবে দিনটোত দুটা গিলাচেই যথেষ্ট।

 পানীঃ-ছালত বয়সৰ দাগ ৰোধ কৰিবলৈ পানীয়েই উত্তম ঔষধ। যেনেকৈ পানী খোৱাটোৱে শৰীৰৰ একাধিক ৰোগ নিৰাময় কৰিব পাৰে, তেনেদৰে ছালৰ বিভিন্ন সমস্যাৰ সমাধানো কৰিব পাৰে, কিন্তু দিনটোত ডেৰ-দুই-তিনি লিটাৰ পানী খোৱাৰ অভ্যাস কৰিব লাগে। শৰীৰত বিষাক্ত পদাৰ্থৰ মাত্ৰা বৃদ্ধি হোৱাৰ লগে লগে ব্ৰণ আৰু ফোহাৰ সমস্যা বাঢ়ি যায় যাৰ ফলত ছালখন বেয়া হ’বলৈ আৰম্ভ কৰে। দিনটোত পৰ্যাপ্ত পৰিমাণে পানী খালে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰ হয় আৰু ছাল সুস্থ হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত