--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বয়স মাথোঁ এটা সংখ্যা। সময়ৰ লগে লগে বাঢ়িব! কিন্তু আইনাত নিজৰ উজ্জ্বল মুখখন দেখি কোনেনো ভাল নাপায়? কেৱল বজাৰৰ পৰা অনা এন্টি এজিং ক্ৰীমেই নহয়, ছালত বয়সৰ আৱিৰ্ভাৱ ৰোধ কৰিবলৈ শৰীৰটোক ভিতৰৰ পৰা সুস্থ কৰি ৰখাটো প্ৰয়োজন। চিৰযৌৱনা হৈ থাকিবলৈ দৈনন্দিন খাদ্য তালিকাত আপুনিও অন্তৰ্ভুক্ত কৰক এইসমূহ বস্তু।

 দৈ:-দৈত প্ৰচুৰ পৰিমাণে কেলছিয়াম থাকে, যাৰ ফলত ছালখন মসৃণ আৰু সতেজ হৈ থাকে। দৈত থকা লেক্টিক এচিডে ছালৰ মৃত কোষবোৰ আঁতৰাই ছালৰ সতেজতা বজাই ৰখাত সহায় কৰে।

আলমণ্ডঃ-ছালত থকা বলিৰেখা আঁতৰাই বাৰ্ধক্য ৰোধ কৰাত আলমণ্ডে বিশেষ ভূমিকা পালন কৰে। ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন-ই থাকে যিয়ে ছালখন সতেজ কৰি ৰাখে।

 পকা অমিতাঃ-এই ফলত এন্টি অক্সিডেন্ট, ভিটামিন আৰু মিনাৰেল প্ৰচুৰ পৰিমাণে থাকে। যদি আপুনি ছালত বয়সৰ চাপ ৰোধ কৰিব বিচাৰে তেন্তে দৈনন্দিন খাদ্য তালিকাত অমিতা অন্তৰ্ভুক্ত কৰক। অমিতাই ছালৰ হেৰাই যোৱা জিলিকনি ঘূৰাই আনিব পাৰে। ছালৰ দাগ আঁতৰোৱাতো ই অতি উপযোগী।

 ৰেড ৱাইনঃ-ছালখন সুস্থ কৰি ৰাখিবলৈ ৰেড ৱাইনো অতি উপযোগী। ৰেড ৱাইন উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত, তেজত বেয়া কলেষ্টেৰলৰ পৰিমাণ হ্ৰাস কৰাত, ৰক্ত সঞ্চালন বজাই ৰখাৰ লগতে ছালত বয়সৰ প্ৰভাৱ ৰোধ কৰাত অতি ফলপ্ৰসূ। কিন্তু বৃহৎ পৰিমাণত নহয়। ছোৱালীৰ বাবে দিনটোত এটা গিলাচ আৰু পুৰুষৰ বাবে দিনটোত দুটা গিলাচেই যথেষ্ট।

 পানীঃ-ছালত বয়সৰ দাগ ৰোধ কৰিবলৈ পানীয়েই উত্তম ঔষধ। যেনেকৈ পানী খোৱাটোৱে শৰীৰৰ একাধিক ৰোগ নিৰাময় কৰিব পাৰে, তেনেদৰে ছালৰ বিভিন্ন সমস্যাৰ সমাধানো কৰিব পাৰে, কিন্তু দিনটোত ডেৰ-দুই-তিনি লিটাৰ পানী খোৱাৰ অভ্যাস কৰিব লাগে। শৰীৰত বিষাক্ত পদাৰ্থৰ মাত্ৰা বৃদ্ধি হোৱাৰ লগে লগে ব্ৰণ আৰু ফোহাৰ সমস্যা বাঢ়ি যায় যাৰ ফলত ছালখন বেয়া হ’বলৈ আৰম্ভ কৰে। দিনটোত পৰ্যাপ্ত পৰিমাণে পানী খালে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰ হয় আৰু ছাল সুস্থ হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ