--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাজকোটত অনুষ্ঠিত তৃতীয় টি-২০ত ইংলেণ্ডে ভাৰতক ২৬ ৰানত পৰাস্ত কৰে। এতিয়া ৩১ জানুৱাৰী শুকুৰবাৰে ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব চতুৰ্থ টি-২০ মেচ। যদি ভাৰতীয় দলে পুনেত অনুষ্ঠিত হ’বলগীয়া চতুৰ্থ টি-২০ত জয়ী হ’ব বিচাৰে তেন্তে ৫টা প্ৰশ্নৰ উত্তৰ বিচাৰিব লাগিব।

আকৌ ধ্ৰুৱ জুৰেলক বিশ্বাস কৰা উচিত নেকি?

ৰিংকু সিং আঘাত পোৱাৰ পাছত উইকেটকীপাৰ বেটছমেন ধ্ৰুৱ জুৰেলক সাত নম্বৰ স্থানত সুযোগ দিয়া হয়। জুৰেলে দ্বিতীয় আৰু তৃতীয় টি-২০ত ভাৰতীয় দলৰ অংশ আছিল যদিও দুয়োটা সময়তে তেওঁ ব্যৰ্থ হয়। এনে পৰিস্থিতিত প্ৰশিক্ষক গৌতম গম্ভীৰ আৰু অধিনায়ক সূৰ্যকুমাৰ যাদৱৰ সন্মুখত আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল ধ্ৰুৱ জুৰেলক পুনৰ বিশ্বাস কৰিব নে নকৰে?

দ্ৰুত গতিৰ সন্মুখত সঞ্জু চেমচনৰ দুৰ্বলতা

দক্ষিণ আফ্ৰিকাত তিনিটা শতক অৰ্জন কৰা সঞ্জু চেমছনে ইংলেণ্ডৰ বিৰুদ্ধে তিনিওখন খেলতে আশা কৰা ধৰণে প্ৰদৰ্শন কৰিব পৰা নাই। দ্ৰুত গতিৰ সন্মুখত সঞ্জু চেমচনৰ দুৰ্বলতা স্পষ্টকৈ দেখা যায়। চতুৰ্থ টি-২০ মেচৰ পূৰ্বে ভাৰতীয় দল পৰিচালনাৰ বাবে চেমছনৰ দুৰ্বল ফৰ্ম চিন্তাৰ বিষয় হৈ পৰিব। চলিত শৃংখলাত তেওঁৰ স্ক’ৰ ২৬, ০৫ আৰু ০৩, যিটো চিন্তাৰ বিষয়। ঘণ্টাত ১৪৫ কিলোমিটাৰতকৈ অধিক বেগত কৰা বলৰ সন্মুখীন হ’ব নোৱাৰে তেওঁ। ইংলেণ্ডৰ জফ্ৰা আৰ্চাৰ আৰু মাৰ্ক উডে ঘণ্টাত ১৪৫ৰ পৰা ১৫৫ কিলোমিটাৰ বেগত বল কৰে, যিটো চেমছনৰ বাবে বিপদৰ কাৰণ হৈ পৰিছে।

ৰমনদ্বীপ সিঙক সুযোগ দিয়া উচিত নেকি?

ৰিংকু সিঙৰ কঁকালৰ সমস্যাৰ বাবে ধ্ৰুৱ জুৰেলক সাত নম্বৰত পঠিওৱা হৈছিল যদিও তেওঁ এই ফৰ্মেটত ফিট হ’ব পৰা নাই। এনে পৰিস্থিতিত প্ৰশিক্ষক গৌতম গম্ভীৰ আৰু অধিনায়ক সূৰ্যকুমাৰ যাদৱে ভাবিব লাগিব যে ৰমনদ্বীপ সিঙক এতিয়াই সুযোগ দিয়া উচিত নেকি? ৰমনদ্বীপ সিং এজন ভাল বেগী বলাৰ হোৱাৰ লগতে ফিনিছাৰো৷

ফাইনেল এঘাৰত অন্তৰ্ভুক্ত হ’ব নেকি শিৱম ডুবে?

ইংলেণ্ডৰ লেগ স্পিনাৰ আদিল ৰছিদৰ বিৰুদ্ধে খেলিব পৰা নাই ভাৰতৰ মিডল অৰ্ডাৰ। একে সময়তে নীতিশ ৰেড্ডী আঘাতপ্ৰাপ্ত হোৱাৰ পাছত দলত স্থান লাভ কৰা শিৱম ডুবেক সুযোগ দিয়াৰ যোগ্য৷ স্পিনৰ বিৰুদ্ধে ডাঙৰ ছয় মাৰিবলৈ ডুবে বিশেষজ্ঞ। এনে পৰিস্থিতিত এতিয়া ডুবেই সুযোগ পায় নে নাপায় সেয়া চাবলৈ সকলোৱে আগ্ৰহী।

ছামীৰ ঠাইত অৰ্ষদ্বীপ সিং?

তৃতীয় টি-২০ত বাওঁহাতৰ বেগী বলাৰ অৰ্ষদ্বীপ সিঙক জিৰণি দিয়া হয়। ফলত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হ’ল টিম ইণ্ডিয়া। এনে পৰিস্থিতিত এতিয়া এটা প্ৰশ্ন হৈছে মহম্মদ ছামীৰ ঠাইত অৰ্ষদ্বীপ সিঙক ঘূৰাই অনা উচিত নেকি? বহুদিনৰ মূৰত দললৈ ঘূৰি অহা মহম্মদ ছামীয়ে ৰাজকোটত ভাল কামবেক কৰিছিল।





FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ