--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক সুখবৰ ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰলৈ! এইবাৰ ৰাজ্য জিলাই জিলাই অনুষ্ঠিত হ'ব বৰদলৈ ট্ৰফী ফুটবল টুৰ্ণামেন্ট৷ জানিব পৰা মতে জিলা পৰ্যায়ত ২৯ জানুৱাৰীৰ পৰা ৩৫জিলাত আৰম্ভ হ'ব খেল৷

জিলা পৰ্যায়ৰ ২৮০ টা ক্লাবে অংশগ্ৰহণ কৰিব টুৰ্ণামেন্টখনত৷ আৰু বৰদলৈ ট্ৰফী টুৰ্ণামেন্টত অৱতীৰ্ণ হ'ব ৮৪০০ খেলুৱৈ৷ জিলা পৰ্যায়ৰ পিছত ক্লাষ্টাৰ ৰাউণ্ড অনুষ্ঠিত হ’ব৷ ডিমা হাছাওত ৪ ফেব্ৰুৱাৰী আৰু চিৰাংত ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব খেল৷পৰৱৰ্তী পৰ্যায়ৰ খেল সমূহ গুৱাহাটীত অনুষ্ঠিত হ’ব বুলি জনাইছে আয়োজকে৷ 

গুৱাহাটী প্ৰিমিয়াৰ লীগৰ ফাইনেলিষ্ট দল দুটিয়ে পোনে পোনে অংশগ্ৰহণ কৰিব পাৰিব বৰদলৈ ট্ৰফী ফুটবলত৷আৰু ১৬ টা দলৰ মাজত অনুষ্ঠিত হব তৃতীয় ৰাউণ্ডৰ খেল৷

জিলা পৰ্যায়ৰ চেম্পিয়ন দলে ১ লাখ টকাৰ প্ৰাইজমানি লাভ কৰিব, ক্লাষ্টাৰ ৰাউণ্ডৰ চেম্পিয়ন দললৈ আগবঢ়োৱা হ’ব আঢ়ৈ লাখ টকাৰ প্ৰাইজমানি৷ জিলা পৰ্যায়ৰ আৰু ক্লাষ্টাৰ ৰাউণ্ডত প্ৰতিটো দলে অনুৰ্ধ্ব ১৯ ৰ দুজনকৈ খেলুৱৈ ৰখাটো বাধ্যতামূলক বুলি জনাইছে৷

প্ৰতিযোগিতাখনত অনুষ্ঠিত হ’ব মুঠ ৬১০ খনকৈ খেল৷ প্ৰতিযোগিতাৰ চেম্পিয়ন দলে লাভ কৰিব ১০ লাখ আৰু ৰাণাৰ্চআপ দলে লাভ কৰিব ৫ লাখ টকাৰ প্ৰাইজমানি৷প্ৰতিযোগিতাখনত শ্ৰেষ্ঠ খেলুৱৈৰ বাবে থাকিব গ'ল্ডেন বুট, গ'ল্ডেন গ্লভচ,ফেয়াৰ প্লেয়াৰকে ধৰি বিভিন্ন বঁটা৷

গুৱাহাটীৰ ছাই প্ৰকল্পত অনুষ্ঠিত হ’ব কামৰূপ (মহানগৰ)জিলাৰ জিলা পৰ্যায়ৰ খেলসমূহ৷ জজ ফিল্ডত অনুষ্ঠিত হ’ব ফাইনেল ৰাউণ্ডৰ খেলসমূহ৷ গুৱাহাটীত খেলিব NRL ফুটবল একাডেমী, গুৱাহাটী টাউন ক্লাব, সোণাপুৰ স্পৰ্টচ ক্লাৱকে ধৰি ৮ টাকৈ দলে। প্ৰতিযোগিতাখন অনুষ্ঠিতৰ ক্ষেত্ৰত খৰচ বহন কৰিব গুৱাহাটী ক্ৰীড়া সন্থাই। প্ৰতিযোগিতাখন অনুষ্ঠিত হোৱাৰ পূৰ্বে বেষ্ট অৱ ইউ সৈতে এক বুজাবুজি চুক্তি স্বাক্ষৰ সম্পন্ন হয় গুৱাহাটী ক্ৰীড়া সন্থাৰ। আজি গুৱাহাটী ক্ৰীড়া সন্থাই এক সংবাদমেল যোগে এই কথা সদৰি কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ