--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ভাৰতীয় লোকসকল অধিক পৰিশ্ৰমী। আন্তৰ্জাতিক শ্ৰমিক সংস্থাৰ প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতীয় লোকসকল বিশ্বৰ ভিতৰতে সৰ্বাধিক ঘণ্টা কাম কৰে। ভাৰতৰ মানুহে সপ্তাহত ৪৮ ঘণ্টাতকৈ অধিক অতিৰিক্ত কাম কৰে। এনে পৰিস্থিতিত দীৰ্ঘ সময় ধৰি কাম কৰা বাবে তেওঁলোকৰ স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পৰে। নিতৌ কাৰ্যালয়ত ১০ৰ পৰা ১২ ঘণ্টা কাম কৰা লোকসকলে বিভিন্ন ধৰণৰ স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'বলগা হয়। দীৰ্ঘ সময় ধৰি বহি চাকৰি কৰা লোকসকল শৰীৰ, কঁকাল আৰু মুৰত বিষত আক্ৰান্ত হয়। এনে লোকসকল মানসিক চাপ আৰু কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ আশংকাও বৃদ্ধি পায়। যদি আপুনি দীঘলীয়া সময়ৰ বাবে বহি থকা চাকৰি কৰে, তেনেহ’লে আপোনাৰ স্বাস্থ্যৰ অধিক যত্ন লোৱা উচিত।

 উল্লেখ্য যে, দীঘলীয়া সময় বহি থকা চাকৰিয়ে ৰোগৰ আশংকা বৃদ্ধি কৰে। যিসকল লোকে বিৰতি নোহোৱাকৈ ঘণ্টাৰ পিছত ঘণ্টা বহি কাম কৰে, তেওঁলোকে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হয়। এনে লোকসকল পিঠিৰ বিষ, গেৰুৱা বিষ, ৰক্তচাপ, মেদবহুলতা, উচ্চ কলেষ্টেৰল, হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগ, মানসিক চাপ আৰু পেশী বিষৰ সমস্যা আৰম্ভ হয়। যেতিয়া আপুনি সক্ৰিয় অৱস্থাৰে চলা-ফিৰা কৰি কাম কৰিলে শৰীৰত মুড বাষ্টাৰ হৰমন মুকলি হয়, কিন্তু যেতিয়া দীঘলীয়া সময় বহি থকা হয়, এই হৰমনবোৰ মুকলি নহৈ চাপ বৃদ্ধি কৰে।

 কেনেদৰে স্বাস্থ্যৰ যতন লোৱা উচিত-

 ১. প্ৰতি ঘণ্টাত ৫ মিনিটৰ বাবে হ’লেও বিৰতি লওঁক আৰু অলপ খোজকাঢ়ি ইফালে-সিফালে কৰক।

২. কাম কৰোতে সময়ে সময়ে হাত-ভৰি সম্প্ৰসাৰিত কৰি থাকিব।

৩. ডিঙি অগা-পিছা কৰি থকাৰ লগতে দুয়োখন হাত কান্ধৰ ফালে স্পৰ্শ কৰি ৫ মিনিটৰ বাবে আৰাম কৰক।

৪. সদায় কঁকাল পোন কৰি বহিব।

৫. সঘনাই চাহ বা কফি খোৱা পৰিহাৰ কৰিব।

৬. চাহৰ ঠাইত গ্ৰীণ টি বা হাৰ্বেল টি ব্যৱহাৰ কৰক।

৭. কামৰ মাজে মাজে দীঘলীয়া উশাহ লওঁক, ই শৰীৰক যথেষ্ট অক্সিজেন দিয়াৰ লগতে আৰামো দিব।

৮. আপোনাৰ কাৰ্যালয়ত প্ৰিয় কিবা এটা ৰাখিব যিয়ে আপোনাক সুখী কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অদ্ভুত ৰোগত আক্ৰান্ত মহিলা! দৈনিক ৭০খন ৰুটী খায়ো অনুভৱ কৰে তেওঁ একো খোৱা নাই
আজি প্ৰধানমন্ত্ৰী মোদীৰে দ্বিপাক্ষিক বৈঠক মৰিছাছৰ প্রধানমন্ত্রী নবীন ৰামগোলামৰ
সুস্থ আৰু ফিট হৈ থাকিবলৈ এই ৫বিধ বীজ দৈনিক খাওক
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী