--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ভাৰতীয় লোকসকল অধিক পৰিশ্ৰমী। আন্তৰ্জাতিক শ্ৰমিক সংস্থাৰ প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতীয় লোকসকল বিশ্বৰ ভিতৰতে সৰ্বাধিক ঘণ্টা কাম কৰে। ভাৰতৰ মানুহে সপ্তাহত ৪৮ ঘণ্টাতকৈ অধিক অতিৰিক্ত কাম কৰে। এনে পৰিস্থিতিত দীৰ্ঘ সময় ধৰি কাম কৰা বাবে তেওঁলোকৰ স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পৰে। নিতৌ কাৰ্যালয়ত ১০ৰ পৰা ১২ ঘণ্টা কাম কৰা লোকসকলে বিভিন্ন ধৰণৰ স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'বলগা হয়। দীৰ্ঘ সময় ধৰি বহি চাকৰি কৰা লোকসকল শৰীৰ, কঁকাল আৰু মুৰত বিষত আক্ৰান্ত হয়। এনে লোকসকল মানসিক চাপ আৰু কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ আশংকাও বৃদ্ধি পায়। যদি আপুনি দীঘলীয়া সময়ৰ বাবে বহি থকা চাকৰি কৰে, তেনেহ’লে আপোনাৰ স্বাস্থ্যৰ অধিক যত্ন লোৱা উচিত।

 উল্লেখ্য যে, দীঘলীয়া সময় বহি থকা চাকৰিয়ে ৰোগৰ আশংকা বৃদ্ধি কৰে। যিসকল লোকে বিৰতি নোহোৱাকৈ ঘণ্টাৰ পিছত ঘণ্টা বহি কাম কৰে, তেওঁলোকে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হয়। এনে লোকসকল পিঠিৰ বিষ, গেৰুৱা বিষ, ৰক্তচাপ, মেদবহুলতা, উচ্চ কলেষ্টেৰল, হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগ, মানসিক চাপ আৰু পেশী বিষৰ সমস্যা আৰম্ভ হয়। যেতিয়া আপুনি সক্ৰিয় অৱস্থাৰে চলা-ফিৰা কৰি কাম কৰিলে শৰীৰত মুড বাষ্টাৰ হৰমন মুকলি হয়, কিন্তু যেতিয়া দীঘলীয়া সময় বহি থকা হয়, এই হৰমনবোৰ মুকলি নহৈ চাপ বৃদ্ধি কৰে।

 কেনেদৰে স্বাস্থ্যৰ যতন লোৱা উচিত-

 ১. প্ৰতি ঘণ্টাত ৫ মিনিটৰ বাবে হ’লেও বিৰতি লওঁক আৰু অলপ খোজকাঢ়ি ইফালে-সিফালে কৰক।

২. কাম কৰোতে সময়ে সময়ে হাত-ভৰি সম্প্ৰসাৰিত কৰি থাকিব।

৩. ডিঙি অগা-পিছা কৰি থকাৰ লগতে দুয়োখন হাত কান্ধৰ ফালে স্পৰ্শ কৰি ৫ মিনিটৰ বাবে আৰাম কৰক।

৪. সদায় কঁকাল পোন কৰি বহিব।

৫. সঘনাই চাহ বা কফি খোৱা পৰিহাৰ কৰিব।

৬. চাহৰ ঠাইত গ্ৰীণ টি বা হাৰ্বেল টি ব্যৱহাৰ কৰক।

৭. কামৰ মাজে মাজে দীঘলীয়া উশাহ লওঁক, ই শৰীৰক যথেষ্ট অক্সিজেন দিয়াৰ লগতে আৰামো দিব।

৮. আপোনাৰ কাৰ্যালয়ত প্ৰিয় কিবা এটা ৰাখিব যিয়ে আপোনাক সুখী কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ