--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ দেশৰ দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ অসামৰিক সন্মান ক্ৰমে পদ্মবিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী বিজয়ীসকলৰ তালিকাত অন্তৰ্ভুক্ত হৈছে ভাৰতীয় ক্ৰীড়াক্ষেত্ৰৰ কেইবাগৰাকীও খেলুৱৈৰ নাম। ভাৰতীয় ক্ৰীড়াক্ষেত্ৰলৈ আগবঢ়োৱা উল্লেখনীয় অৱদানক স্বীকৃতি স্বৰূপে এইবাৰ দেশৰ পাঁচগৰাকী খেলুৱৈলৈ পদ্ম সন্মান আগবঢ়োৱা হৈছে।

ভাৰতীয় ক্ৰীড়াক্ষেত্ৰলৈ আগবঢ়োৱা উল্লেখনীয় অৱদানক স্বীকৃতি জনাই দেশৰ পাঁচগৰাকী খেলুৱৈক পদ্ম সন্মানেৰে সন্মানিত কৰা হৈছে। দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মানিত কৰা হৈছে হকী তাৰকা পি আৰ শ্ৰীজেশক। ১৮ বছৰীয়া বৰ্ণাঢ্য কেৰিয়াৰত খেলুৱৈ গৰাকীয়ে ভাৰতীয় হকীক এক অনন্য মাত্ৰা প্ৰদান কৰিলে। ভাৰতীয় পুৰুষ দলে একেৰাহে দুটাকৈ অলিম্পিক পদক জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল হকী তাৰকাগৰাকীয়ে। উল্লেখ্য যে ভাৰতীয় হকী দলেপেৰিছ অলিম্পিকত ঐতিহাসিক ব্ৰঞ্জ পদক জয়ৰ পিছতে আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ অৱসান ঘটাই এই তাৰকাগাৰীকয়ে। পেৰিছ অলিম্পিকৰ পূৰ্বে ২০২০ চনৰ টকিঅ’ অলিম্পিকতো ব্ৰঞ্জ জয়ত অন্যতম প্ৰধান ভূমিকা লৈছিল শ্ৰীজেশে। 

ইফালে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা আকস্মিকভাৱে অৱসৰ ঘোষণা কৰা ভাৰতীয় ক্ৰিকেট ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনলৈও ২০২৫বৰ্ষৰ পদ্মশ্ৰী বঁটা আগবঢ়োৱা হৈছে। বিগত এটা দশকতকৈয়ো অধিক সময় টেষ্ট ক্ৰিকেটত ভাৰতীয় দলৰ সাফল্যৰ অন্যতম নায়ক গৰাকীয়ে ১০৬খন টেষ্টত ৫৩৭টা উইকেট দখল কৰাৰ লগতে ৩০০০ৰো অধিক ৰান সংগ্ৰহ কৰিছিল। ২০১১ চনত বিশ্বকাপ আৰু ২০১৩ চনত চেম্পিয়নছ ট্ৰফী জয়ী ভাৰতীয় দলৰো অংশ আছিল ৰবিচন্দ্ৰন অশ্বিন।

আনহাতে বিগত বৰ্ষত পেৰিছ পেৰালিম্পিকত স্বৰ্ণ পদক লাভ কৰি ইতিহাস ৰচনা কৰা হৰবিন্দৰ সিঙলৈকো প্ৰদান কৰা হৈছে পদ্মশ্ৰী বঁটা। উল্লেখ্য যে হৰবিন্দৰ সিং অলিম্পিক বা পেৰালিম্পিকত আৰ্চাৰীত স্বৰ্ণ পদক লাভ কৰা প্ৰথমজন ভাৰতীয় খেলুৱৈ। এনে অসাধাৰণ কৃতিত্বৰ স্বীকৃতি হিচাপে দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা প্ৰদান কৰা হৈছে। 

২০২৫ বৰ্ষৰ আন এগৰাকী পদ্মশ্ৰী জয়ী তাৰকা খেলুৱৈ হৈছে ভাৰতীয় ফুটবলৰ কিংবদন্তি আই এম বিজয়ন। নব্বৈৰ দশকত ভাৰতীয় ফুটবলৰ মহাতাৰকা হিচাপে পৰিগণিত হৈছিল বিজয়ন।ফুটবলাৰ হিচাপে কেৰিয়াৰ সামৰাৰ পিছত দেশৰ যুৱ প্ৰজন্মৰ মাজত ফুটবলৰ প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে কিংবদন্তি তাৰকাগৰাকীয়ে। এই তাৰকা খেলুৱৈ সকলৰ লগতে ২০২৫ বৰ্ষৰ পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছে দ্ৰানাচাৰ্য বঁটা বিজয়ী সত্যপাল সিঙকো।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ