--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ দেশৰ দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ অসামৰিক সন্মান ক্ৰমে পদ্মবিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী বিজয়ীসকলৰ তালিকাত অন্তৰ্ভুক্ত হৈছে ভাৰতীয় ক্ৰীড়াক্ষেত্ৰৰ কেইবাগৰাকীও খেলুৱৈৰ নাম। ভাৰতীয় ক্ৰীড়াক্ষেত্ৰলৈ আগবঢ়োৱা উল্লেখনীয় অৱদানক স্বীকৃতি স্বৰূপে এইবাৰ দেশৰ পাঁচগৰাকী খেলুৱৈলৈ পদ্ম সন্মান আগবঢ়োৱা হৈছে।

ভাৰতীয় ক্ৰীড়াক্ষেত্ৰলৈ আগবঢ়োৱা উল্লেখনীয় অৱদানক স্বীকৃতি জনাই দেশৰ পাঁচগৰাকী খেলুৱৈক পদ্ম সন্মানেৰে সন্মানিত কৰা হৈছে। দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মানিত কৰা হৈছে হকী তাৰকা পি আৰ শ্ৰীজেশক। ১৮ বছৰীয়া বৰ্ণাঢ্য কেৰিয়াৰত খেলুৱৈ গৰাকীয়ে ভাৰতীয় হকীক এক অনন্য মাত্ৰা প্ৰদান কৰিলে। ভাৰতীয় পুৰুষ দলে একেৰাহে দুটাকৈ অলিম্পিক পদক জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল হকী তাৰকাগৰাকীয়ে। উল্লেখ্য যে ভাৰতীয় হকী দলেপেৰিছ অলিম্পিকত ঐতিহাসিক ব্ৰঞ্জ পদক জয়ৰ পিছতে আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ অৱসান ঘটাই এই তাৰকাগাৰীকয়ে। পেৰিছ অলিম্পিকৰ পূৰ্বে ২০২০ চনৰ টকিঅ’ অলিম্পিকতো ব্ৰঞ্জ জয়ত অন্যতম প্ৰধান ভূমিকা লৈছিল শ্ৰীজেশে। 

ইফালে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা আকস্মিকভাৱে অৱসৰ ঘোষণা কৰা ভাৰতীয় ক্ৰিকেট ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনলৈও ২০২৫বৰ্ষৰ পদ্মশ্ৰী বঁটা আগবঢ়োৱা হৈছে। বিগত এটা দশকতকৈয়ো অধিক সময় টেষ্ট ক্ৰিকেটত ভাৰতীয় দলৰ সাফল্যৰ অন্যতম নায়ক গৰাকীয়ে ১০৬খন টেষ্টত ৫৩৭টা উইকেট দখল কৰাৰ লগতে ৩০০০ৰো অধিক ৰান সংগ্ৰহ কৰিছিল। ২০১১ চনত বিশ্বকাপ আৰু ২০১৩ চনত চেম্পিয়নছ ট্ৰফী জয়ী ভাৰতীয় দলৰো অংশ আছিল ৰবিচন্দ্ৰন অশ্বিন।

আনহাতে বিগত বৰ্ষত পেৰিছ পেৰালিম্পিকত স্বৰ্ণ পদক লাভ কৰি ইতিহাস ৰচনা কৰা হৰবিন্দৰ সিঙলৈকো প্ৰদান কৰা হৈছে পদ্মশ্ৰী বঁটা। উল্লেখ্য যে হৰবিন্দৰ সিং অলিম্পিক বা পেৰালিম্পিকত আৰ্চাৰীত স্বৰ্ণ পদক লাভ কৰা প্ৰথমজন ভাৰতীয় খেলুৱৈ। এনে অসাধাৰণ কৃতিত্বৰ স্বীকৃতি হিচাপে দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা প্ৰদান কৰা হৈছে। 

২০২৫ বৰ্ষৰ আন এগৰাকী পদ্মশ্ৰী জয়ী তাৰকা খেলুৱৈ হৈছে ভাৰতীয় ফুটবলৰ কিংবদন্তি আই এম বিজয়ন। নব্বৈৰ দশকত ভাৰতীয় ফুটবলৰ মহাতাৰকা হিচাপে পৰিগণিত হৈছিল বিজয়ন।ফুটবলাৰ হিচাপে কেৰিয়াৰ সামৰাৰ পিছত দেশৰ যুৱ প্ৰজন্মৰ মাজত ফুটবলৰ প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে কিংবদন্তি তাৰকাগৰাকীয়ে। এই তাৰকা খেলুৱৈ সকলৰ লগতে ২০২৫ বৰ্ষৰ পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছে দ্ৰানাচাৰ্য বঁটা বিজয়ী সত্যপাল সিঙকো।
FOLLOW US F
POPULAR
FEATURE
TRENDY
ফেচবুক, ইনষ্টাগ্ৰামে ভাঙিলে সোমনাথ বাঢ়ৈৰ সুখৰ সংসাৰ! ৭ বছৰীয়া কন্যাৰ সৈতে নিৰুদ্দেশ পত্নী
প্ৰথমটো হাইড্ৰ’জেন চালিত ডবাৰ সফল পৰীক্ষণ ভাৰতীয় ৰে’ল বিভাগৰ
প্ৰথম ইনিংছত ভাৰতৰ ৩৫৮ ৰান
চৌদিশে কটকটীয়া নিৰাপত্তা ব্যৱস্থা
মেঘালয়ত অসমৰ উচ্ছেদিতৰ প্ৰৱেশ নিষিদ্ধ
স্মার্ট জলসিঞ্চন পদ্ধতিৰ উদ্ভাৱন আই আই টি, বম্বেৰ
বৃহৎ উপাৰ্জনেৰে সৰ্বকালৰ অভিলেখ ভংগ কৰিলে বিচিচিআইয়ে ; দুবছৰত ৫ হাজাৰ কোটি টকাৰ লাভ
অসমৰ ৪৬ শতাংশ লোকে পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে ড° হিমন্ত বিশ্ব শর্মাক, ৪৫শতাংশই গৌৰৱ গগৈক
এ কে-২০৩ ৰাইফল : সশস্ত্র বাহিনীলৈ নতুন উপহাৰ
মাজুলীৰ পথাৰত ছিঁৰাল ফাট
কাজিৰঙাৰ ৰাজপথত গৰমক নেওচি ইংলেণ্ডৰ যুৱকে চলাইছে প্ৰদূষণমুক্ত ৰিক্সা
মুক্তিৰ বাবে সাজু 'আইৰন গাৰ্লছ' , ২৫ জুলাইৰ পৰা প্ৰদৰ্শিত হ'ব অসমৰ ছবিগৃহত
ছেচং কিৰিৰ সফলতাই‌ গৌৰৱ কঢ়িয়াই আনিলে পশ্চিম কাৰ্বিআংলং জিলালৈ
গৰমৰ পৰা সকাহ পাবলৈ আপুনিও আইচক্ৰীম খায় নেকি ? আইচক্ৰীমে নষ্ট কৰিব পাৰে আপোনাৰ স্বাস্থ্য!