--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত-অষ্ট্ৰেলিয়া শৃংখলাৰ পঞ্চম টেষ্ট খেলৰ সময়ত পিঠিৰ আঘাতৰ বাবে খেলপথাৰৰ বাহিৰত আছে জস্প্ৰিত বুমৰাহ। শাৰীৰিক সমস্যা সত্ত্বেও বুমৰাহক আইচিচি চেম্পিয়নছ ট্ৰফী ২০২৫ৰ বাবে ভাৰতৰ দলত অন্তৰ্ভুক্ত কৰা হৈছে। কিন্তু এতিয়া যশপ্ৰীত বুমৰাহ সম্পৰ্কীয় এটা বেয়া খবৰ ওলাইছে। চেম্পিয়নছ ট্ৰফীত খেলাটো যেন জস্প্ৰিত বুমৰাহৰ বাবে কঠিন।

টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত এক বাতৰি অনুসৰি ১৯ ফেব্ৰুৱাৰীৰ পৰা ৯ মাৰ্চলৈ অনুষ্ঠিত হ’বলগীয়া আঠটা দলৰ আই চি চি ইভেণ্টত বুমৰাহৰ অংশগ্ৰহণ সন্দেহজনক। ৩১ বছৰীয়া বেগী বলাৰগৰাকীৰ পিঠিৰ আঘাতৰ মূল্যায়ন কৰিব নিউজিলেণ্ডৰ অস্থিৰোগ বিশেষজ্ঞ ডাঃ ৰ’ৱান স্কাউটেনে। চেম্পিয়নছ ট্ৰফীত বুমৰাৰ অংশগ্ৰহণ নিৰ্ভৰ কৰিব ২০২২ চনতো তেওঁৰ চিকিৎসা কৰা নিউজিলেণ্ডৰ চিকিৎসকগৰাকীৰ প্ৰতিবেদন আৰু মতামতৰ ওপৰত। সেই সময়ছোৱাত পিঠিৰ আঘাতৰ বাবে প্ৰায় এবছৰ ধৰি খেলপথাৰৰ বাহিৰত আছিল তেওঁ।

ইতিমধ্যে বিচিচিআইয়ে জস্প্ৰিত বুমৰাহৰ বিকল্পৰ পৰিকল্পনা কৰিছে বুলি খবৰ ওলাইছে। কাৰণ তেওঁৰ আইচিচি টুৰ্ণামেণ্টৰ বাবে ফিট হোৱাৰ সম্ভাৱনা অতি কম। দল ঘোষণা সংবাদমেলৰ সময়ত মুখ্য নিৰ্বাচক অজিত আগৰকাৰে কৈছিল যে বুমৰাহে অহা ১২ ফেব্ৰুৱাৰীত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন এদিনীয়া খেল খেলিব পাৰে।

বিচিচিআইৰ এক সূত্ৰই দ্য টাইমছ অৱ ইণ্ডিয়াক জনোৱা মতে, বিচিচিআইৰ চিকিৎসা দলটো নিউজিলেণ্ডৰ শ্বাউটেনৰ সৈতে যোগাযোগত আছে। ব’ৰ্ডে বুমৰাহৰ নিউজিলেণ্ড ভ্ৰমণৰ পৰিকল্পনাও কৰিছিল। কিন্তু এতিয়ালৈকে এনে হোৱা নাই। নিৰ্বাচকসকলে জানে যে নিৰ্ধাৰিত সময়ত বুমৰাহ ১০০% ফিট হ’লে এক অলৌকিকতা হ’ব। সীমান্ত-গাভাস্কাৰ ট্ৰফীৰ পাঁচখন টেষ্ট খেলতে খেলা বুমৰাহক ভাৰতলৈ উভতি অহাৰ পিছত তিনি সপ্তাহৰ অফলোডিং প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ পৰামৰ্শ দিয়া হৈছিল।

উল্লেখ্য যে অফলোডিং প্ৰক্ৰিয়াৰ সময়ত খেলুৱৈক কোনো ধৰণৰ ক্লান্তিকৰ শাৰীৰিক কাৰ্য্যকলাপ নকৰিবলৈ পৰামৰ্শ দিয়া হয়, য’ত মৌলিক ফিটনেছ প্ৰশিক্ষণো অন্তৰ্ভুক্ত। এই প্ৰতিবেদন নিউজিলেণ্ডত থকা তেওঁৰ চিকিৎসকৰ সৈতে শ্বেয়াৰ কৰা হ’ব। বুমৰাহক নিউজিলেণ্ডলৈ পঠোৱাটো প্ৰতিক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰিব। 

যদি বুমৰাহ এই প্ৰতিযোগিতাৰ পৰা বাহিৰ হয়, তেন্তে নিৰ্বাচকসকলে বিকল্প বাছনি কৰিব লাগিব । অৱশ্যে শেহতীয়াকৈ হৰ্ষিত ৰাণাক ঘৰুৱা খেলপথাৰত ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম দুখন খেলৰ বাবে ভাৰতীয় এদিনীয়া দলত অন্তৰ্ভুক্ত কৰা হৈছিল ।

খবৰ অনুসৰি, আইচিচি টুৰ্ণামেণ্টখনৰ বাবে দলত নিৰ্বাচিত নোহোৱা মহম্মদ চিৰাজক বুমৰাহৰ বিকল্প পেচাৰ হিচাপে নিৰ্বাচিত কৰাৰ সম্ভাৱনা আছে ৷ যদি নিৰ্দিষ্ট সময়ৰ লগে লগে বুমৰাহ ১০০ শতাংশ সুস্থ হৈ উঠে, তেন্তে সেয়া হ’ব চমৎকাৰ বুলি নিৰ্বাচকসকলে মন্তব্য কৰে ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ