--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি‌ উত্তৰাখণ্ডৰ বাবে এক বিশেষ দিন।সম নাগৰিক সংহিতা প্ৰণয়নকাৰী দেশৰ প্ৰথমখন ৰাজ্যত পৰিণত উত্তৰাখণ্ড।
আজি দিনৰ ১২-৩০ বজাত মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে উত্তৰাখণ্ড সচিবালয়ত পৰ্টেল মুকলি কৰি ৰাজ্যত আনুষ্ঠানিকভাৱে সম নাগৰিক সংহিতা প্ৰণয়ন কৰে।

সম নাগৰিক সংহিতা হৈছে দেশখনক এখন উন্নত, সংগঠিত, সুষম আৰু স্বাৱলম্বী ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলা।আজি এই সংহিতা প্ৰণয়ন কৰে উত্তৰাখণ্ড চৰকাৰে।সম নাগৰিক সংহিতা অনুসৰি সমলিংগ বিবাহ, বহু বিবাহ, বাল্য বিবাহত নিষেধাজ্ঞা আৰোপ হ’ব।লগতে সকলো নাগৰিকৰ বাবে একেই আইন প্ৰযোজ্য হ’ব। স্বামী বহুগামী হ’লে পত্নীয়ে বিবাহ বিচ্ছেদ বিচাৰিব পাৰিব।

উল্লেখযোগ্য যে ২০২২ চনৰ নিৰ্বাচনী প্ৰচাৰত বিজেপিয়ে সম নাগৰিক সংহিতা প্ৰণয়নৰ প্ৰতিশ্ৰুতি দিছিল।ৰাজ্যখনৰ জনজাতি আৰু কেইটামান বিশেষ সম্প্ৰদায়ৰ বাহিৰে সকলোৰে ক্ষেত্ৰত একেখন আইন প্ৰযোজ্য হ’ব।

এই আইনখনে বিবাহ আৰু বিবাহ বিচ্ছেদ, উত্তৰাধিকাৰ, বিবাহ বহিৰ্ভূতভাৱে যুৱক-যুৱতীয়ে সহবাস কৰাৰ ক্ষেত্ৰত বহু বাধ্যবাধকতা আনিব।একেদৰে বহুগামী আৰু ইছলাম ধৰ্মীয় ‘হালালা’ৰ ক্ষেত্ৰত বাধা আনিব। পুৰুষৰ ক্ষেত্ৰত ন্যূনতম ২১ বছৰ আৰু মহিলাৰ ক্ষেত্ৰত ন্যূনতম ১৮ বছৰ বয়সত বিবাহত বহিব পাৰিব। তদুপৰি এই সম নাগৰিক সংহিতাই সমাজলৈ সমতা আনিব আৰু সকলো শ্ৰেণীৰ নাগৰিকৰ বাবে সম অধিকাৰ আৰু দায়িত্ব নিশ্চিত কৰিব ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বজালীত শোকাৱহ অঘটন; কালদিয়া নৈ পাৰ হ’বলৈ গৈ উটি গ’ল বৃদ্ধ কৃষক
কমনৱেলথ গেমছলৈ নির্বাচিত তেজপুৰৰ লিছা দাস
NHPCয়ে সোৱণশিৰিত, নীপকোৱে ৰঙানদীত এৰিলে পানী
কেৱল সোৱাদতেই নহয়, বহু উপকাৰী গুণেৰেও অতুলনীয় খৰিচা
বৰপেটাৰোডত যান-বাহনৰ ভাড়া বৃদ্ধিৰ বিৰুদ্ধে ৰাজপথত কলেজীয়া ছাত্ৰৰ তীব্ৰ প্ৰতিবাদ
বিশ্বত পুনৰ শক্তি সংকটৰ আশংকা; ইৰানী সেনাই বন্ধ কৰিলে হৰমুজ প্রণালী
ৰাজ্যত পঞ্জীয়নকৃত নিবনুৱাৰ সংখ্যা ১৫,৪৩,৩৫০জন
‘ডিজিটেল স্ক্ৰীনৰ পৰা আঁতৰি মামাৰ ঘৰলৈ যোৱা...’ গৰমৰ বন্ধত ভাগিনসকললৈ মুখ্যমন্ত্ৰীৰ মুকলি চিঠি
গুৱাহাটী ৰে’লৱে ষ্টেচনত ১১ সন্দেহজনক বাংলাদেশী আটক; চেন্নাইলৈ যোৱাৰ চেষ্টা ব্যৰ্থ কৰিলে RPFএ
চামগুৰিত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ
ৰাষ্ট্ৰপতিয়ে মুকলি কৰিলে ডুৰাণ্ড কাপৰ ট্ৰফী; ১৬-১৭ জুলাইত গুৱাহাটীত হ’ব প্রদর্শন
মহাকাব্যিক প্ৰত্যাৱৰ্তন
অতি উপকাৰী পাচলি কোমোৰা; গুণাগুণসমূহ জানো আহক
বিষ্ণয় গেঙৰ সন্ধানত অপাৰেশ্যন ‘হার্ড বল’
Advertisement