--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি‌ উত্তৰাখণ্ডৰ বাবে এক বিশেষ দিন।সম নাগৰিক সংহিতা প্ৰণয়নকাৰী দেশৰ প্ৰথমখন ৰাজ্যত পৰিণত উত্তৰাখণ্ড।
আজি দিনৰ ১২-৩০ বজাত মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে উত্তৰাখণ্ড সচিবালয়ত পৰ্টেল মুকলি কৰি ৰাজ্যত আনুষ্ঠানিকভাৱে সম নাগৰিক সংহিতা প্ৰণয়ন কৰে।

সম নাগৰিক সংহিতা হৈছে দেশখনক এখন উন্নত, সংগঠিত, সুষম আৰু স্বাৱলম্বী ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলা।আজি এই সংহিতা প্ৰণয়ন কৰে উত্তৰাখণ্ড চৰকাৰে।সম নাগৰিক সংহিতা অনুসৰি সমলিংগ বিবাহ, বহু বিবাহ, বাল্য বিবাহত নিষেধাজ্ঞা আৰোপ হ’ব।লগতে সকলো নাগৰিকৰ বাবে একেই আইন প্ৰযোজ্য হ’ব। স্বামী বহুগামী হ’লে পত্নীয়ে বিবাহ বিচ্ছেদ বিচাৰিব পাৰিব।

উল্লেখযোগ্য যে ২০২২ চনৰ নিৰ্বাচনী প্ৰচাৰত বিজেপিয়ে সম নাগৰিক সংহিতা প্ৰণয়নৰ প্ৰতিশ্ৰুতি দিছিল।ৰাজ্যখনৰ জনজাতি আৰু কেইটামান বিশেষ সম্প্ৰদায়ৰ বাহিৰে সকলোৰে ক্ষেত্ৰত একেখন আইন প্ৰযোজ্য হ’ব।

এই আইনখনে বিবাহ আৰু বিবাহ বিচ্ছেদ, উত্তৰাধিকাৰ, বিবাহ বহিৰ্ভূতভাৱে যুৱক-যুৱতীয়ে সহবাস কৰাৰ ক্ষেত্ৰত বহু বাধ্যবাধকতা আনিব।একেদৰে বহুগামী আৰু ইছলাম ধৰ্মীয় ‘হালালা’ৰ ক্ষেত্ৰত বাধা আনিব। পুৰুষৰ ক্ষেত্ৰত ন্যূনতম ২১ বছৰ আৰু মহিলাৰ ক্ষেত্ৰত ন্যূনতম ১৮ বছৰ বয়সত বিবাহত বহিব পাৰিব। তদুপৰি এই সম নাগৰিক সংহিতাই সমাজলৈ সমতা আনিব আৰু সকলো শ্ৰেণীৰ নাগৰিকৰ বাবে সম অধিকাৰ আৰু দায়িত্ব নিশ্চিত কৰিব ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post