--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কলকাতাৰ আৰ জি কৰকাণ্ডৰ মাষ্টাৰ মাইণ্ড সঞ্জয় ৰায়ৰ মৃত্যুদণ্ডৰ শাস্তি বিচৰা নাই ভুক্তভোগীৰ পিতৃ-মাতৃয়ে।আদালতে সঞ্জয় ৰায়ক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তিৰ ৰায়দান কৰাৰ পাছত পাছত সঞ্জয়ৰ সৰ্বোচ্চ শাস্তিৰ দাবী উত্থাপন কৰি উচ্চ ন্যায়ালয়ত আবেদন জনোৱা হৈছিল৷কিন্তু  কলিকতা উচ্চ ন্যায়ালয়ত শুনানিৰ সময়ত তেওঁলোকৰ অধিবক্তা গাৰ্গী গোস্বামীয়ে এই স্থিতি প্ৰকাশ কৰি কয় যে তেওঁলোকৰ কন্যাই যদিও কৰুণভাৱে প্ৰাণ হেৰুৱাইছে, দোষীজনে নিজৰ জীৱন হেৰুৱাটো নিবিছাৰে ভুক্তভোগীৰ পিতৃ-মাতৃয়ে।

পশ্চিম বংগ চৰকাৰ আৰু কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ আবেদনৰ প্ৰাৰম্ভিক শুনানিৰ অন্তত উচ্চ ন্যায়ালয়ে নিজৰ ৰায় সংৰক্ষিত কৰি ৰাখিছে। দুই পক্ষই ছিলদাহ সত্ৰ আদালতত দোষী সঞ্জয় ৰয়ক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তিৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই মৃত্যুদণ্ডৰ আহ্বান জনাইছিল।

পশ্চিম বংগ চৰকাৰৰ হৈ এডভোকেট জেনেৰেল কিশোৰ দত্তই আদালতৰ ৰায় অপৰ্যাপ্ত বুলি যুক্তি আগবঢ়ায় কয় ৰাজ্য চৰকাৰসমূহে শাস্তি অপৰ্যাপ্ত বুলি গণ্য কৰা গোচৰত শাস্তিৰ বিৰুদ্ধে আপীল কৰিব পাৰে। তেওঁ ৩৭৭ নং ধাৰা সংশোধনীত এনে অধিকাৰৰ বিশদ বিৱৰণ দিয়া হৈছে বুলি উল্লেখ কৰে।

এডভোকেট জেনেৰেলগৰাকীয়ে কয় যে উচ্চতম ন্যায়ালয়ে পূৰ্বে ৰায় অনুসৰি এনে গোচৰত কেৱল কেন্দ্ৰীয় চৰকাৰে আবেদন কৰিব পাৰে, কিন্তু সংশোধনীৰ জৰিয়তে স্পষ্ট কৰা হৈছে যে ৰাজ্যসমূহেও কঠোৰ শাস্তি বিচাৰি আবেদন কৰিব পাৰে।

গোচৰটোৰ অধ্যক্ষতা কৰা ন্যায়াধীশ দেবাংছু বাছাকে যুক্তৰাষ্ট্ৰীয় গাঁথনিৰ অধীনত ৰাজ্যখনৰ আবেদনৰ অধিকাৰ স্বীকাৰ কৰে যদিও কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাৰ সৈতে ইয়াৰ ভাৰসাম্য ৰক্ষাৰ প্ৰয়োজনীয়তা উপৰতা গুৰুত্ব প্ৰদান কৰে। ন্যায়াধীশগৰাকীয়ে এইটোও স্বীকাৰ কৰে যে ৰাজ্য আৰু চিবিআইৰ আবেদনৰ উদ্দেশ্য একেই দুয়ো পক্ষই বিছাৰে যে দোষীয়ে কঠোৰ শাস্তি লাভ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান