--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কলকাতাৰ আৰ জি কৰকাণ্ডৰ মাষ্টাৰ মাইণ্ড সঞ্জয় ৰায়ৰ মৃত্যুদণ্ডৰ শাস্তি বিচৰা নাই ভুক্তভোগীৰ পিতৃ-মাতৃয়ে।আদালতে সঞ্জয় ৰায়ক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তিৰ ৰায়দান কৰাৰ পাছত পাছত সঞ্জয়ৰ সৰ্বোচ্চ শাস্তিৰ দাবী উত্থাপন কৰি উচ্চ ন্যায়ালয়ত আবেদন জনোৱা হৈছিল৷কিন্তু  কলিকতা উচ্চ ন্যায়ালয়ত শুনানিৰ সময়ত তেওঁলোকৰ অধিবক্তা গাৰ্গী গোস্বামীয়ে এই স্থিতি প্ৰকাশ কৰি কয় যে তেওঁলোকৰ কন্যাই যদিও কৰুণভাৱে প্ৰাণ হেৰুৱাইছে, দোষীজনে নিজৰ জীৱন হেৰুৱাটো নিবিছাৰে ভুক্তভোগীৰ পিতৃ-মাতৃয়ে।

পশ্চিম বংগ চৰকাৰ আৰু কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ আবেদনৰ প্ৰাৰম্ভিক শুনানিৰ অন্তত উচ্চ ন্যায়ালয়ে নিজৰ ৰায় সংৰক্ষিত কৰি ৰাখিছে। দুই পক্ষই ছিলদাহ সত্ৰ আদালতত দোষী সঞ্জয় ৰয়ক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তিৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই মৃত্যুদণ্ডৰ আহ্বান জনাইছিল।

পশ্চিম বংগ চৰকাৰৰ হৈ এডভোকেট জেনেৰেল কিশোৰ দত্তই আদালতৰ ৰায় অপৰ্যাপ্ত বুলি যুক্তি আগবঢ়ায় কয় ৰাজ্য চৰকাৰসমূহে শাস্তি অপৰ্যাপ্ত বুলি গণ্য কৰা গোচৰত শাস্তিৰ বিৰুদ্ধে আপীল কৰিব পাৰে। তেওঁ ৩৭৭ নং ধাৰা সংশোধনীত এনে অধিকাৰৰ বিশদ বিৱৰণ দিয়া হৈছে বুলি উল্লেখ কৰে।

এডভোকেট জেনেৰেলগৰাকীয়ে কয় যে উচ্চতম ন্যায়ালয়ে পূৰ্বে ৰায় অনুসৰি এনে গোচৰত কেৱল কেন্দ্ৰীয় চৰকাৰে আবেদন কৰিব পাৰে, কিন্তু সংশোধনীৰ জৰিয়তে স্পষ্ট কৰা হৈছে যে ৰাজ্যসমূহেও কঠোৰ শাস্তি বিচাৰি আবেদন কৰিব পাৰে।

গোচৰটোৰ অধ্যক্ষতা কৰা ন্যায়াধীশ দেবাংছু বাছাকে যুক্তৰাষ্ট্ৰীয় গাঁথনিৰ অধীনত ৰাজ্যখনৰ আবেদনৰ অধিকাৰ স্বীকাৰ কৰে যদিও কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাৰ সৈতে ইয়াৰ ভাৰসাম্য ৰক্ষাৰ প্ৰয়োজনীয়তা উপৰতা গুৰুত্ব প্ৰদান কৰে। ন্যায়াধীশগৰাকীয়ে এইটোও স্বীকাৰ কৰে যে ৰাজ্য আৰু চিবিআইৰ আবেদনৰ উদ্দেশ্য একেই দুয়ো পক্ষই বিছাৰে যে দোষীয়ে কঠোৰ শাস্তি লাভ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ