--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সমগ্ৰ বিশ্বৰ লগতে দেশজুৰি ক’ভিডৰ তৃতীয় ঢৌৰ অব্যাহত থকাৰ সময়তে এইবাৰ নতুনকৈ মাংকি ফিভাৰৰ ঘটনা পোহৰলৈ আহিছে। কেৰালাত ধৰা পৰিছে প্ৰথমটো ‘মাংকি ফিভাৰ’ সংক্ৰমণৰ ঘটনা। কেৰালাৰ পানাভেলীত ২৪ বছৰীয়া এজন যুৱকৰ ক্যাছানুৰ ফৰেষ্ট ডিজিজ চমুকৈ মাংকি ফিভাৰৰ দ্বাৰা আক্ৰান্ত হোৱাৰ তথ্য লাভ কৰিছে স্বাস্থ্য বিভাগে। বৰ্তমান মাংকি ফিভাৰত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত থকা যুৱকজনৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে। কেৰালাত মাংকি ফিভাৰত আক্ৰান্ত এইটো প্ৰথম ঘটনা। মাংকি ফিভাৰৰ আক্ৰান্ত হোৱাৰ লক্ষণসমূহ হ’ল-মূৰৰ বিষ, অচেতন হোৱা, বমি, শৰীৰৰ বিষ আৰু তীব্ৰ জ্বৰ। এই লক্ষণসমূহ এজন ৰোগীৰ শৰীৰত এসপ্তাহৰ পৰা ১২দিন পৰ্যন্তলৈ থাকে। মাংকি ফিভাৰ সাধাৰণতে ভাৰতৰ দক্ষিণাত্য অঞ্চলতে হয়। ‘Flaviviridae’ নামৰ এবিধ ভাইৰাছৰ পৰা এই ৰোগ বিয়পে। এই ভাইৰাছবিধ আকৌ বান্দৰৰ দেহৰ পৰা মানুহৰ দেহলৈ বিয়পে বাবে ইয়াক মাংকি ফিভাৰ বুলি কোৱা হয়। বান্দৰৰ দেহত থকা পোক-পতংগই মানুহৰ দেহত পৰিলে বা দংশন কৰে তেতিয়া এই ৰোগ হয়। য়েলো ফিভাৰ বা ডেংগুৰ দৰে মাৰাত্মক ৰোগো ‘Flaviviridae’ নামৰ ভাইৰাছৰ বাবে হয়। মাংকি ফিভাৰৰ কোনো নিৰ্দিষ্ট নিৰাময় এতিয়াও চিকিৎসা বিজ্ঞানত নাই। অৱশ্যে কোনো লক্ষণ দেখা দিলে আপুনি লগে লগে চিকিৎসকৰ কাষ চপা উচিত। কেৰালা চৰকাৰে মাংকি ফিভাৰৰ সংক্ৰমণ ধৰা পৰাৰ লগে লগে ইতিমধ্যে সতৰ্কতা জাৰি কৰিছে। বৰ্তমান ক’ভিডৰ সংক্ৰমণৰ লগে লগে মাংকি ফিভাৰ ভাইৰাছ পোহৰলৈ অহাৰ বাবে স্থানীয় লোকক সজাগতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে কেৰালা প্ৰশাসনে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা
১২৫ বছৰৰ পাছত ২০২৬ চনৰ আগষ্ট মাহটো আছিল ভাৰতৰ আটাইতকৈ উষ্ণ আগষ্ট মাহ