--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সমগ্ৰ বিশ্বৰ লগতে দেশজুৰি ক’ভিডৰ তৃতীয় ঢৌৰ অব্যাহত থকাৰ সময়তে এইবাৰ নতুনকৈ মাংকি ফিভাৰৰ ঘটনা পোহৰলৈ আহিছে। কেৰালাত ধৰা পৰিছে প্ৰথমটো ‘মাংকি ফিভাৰ’ সংক্ৰমণৰ ঘটনা। কেৰালাৰ পানাভেলীত ২৪ বছৰীয়া এজন যুৱকৰ ক্যাছানুৰ ফৰেষ্ট ডিজিজ চমুকৈ মাংকি ফিভাৰৰ দ্বাৰা আক্ৰান্ত হোৱাৰ তথ্য লাভ কৰিছে স্বাস্থ্য বিভাগে। বৰ্তমান মাংকি ফিভাৰত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত থকা যুৱকজনৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে। কেৰালাত মাংকি ফিভাৰত আক্ৰান্ত এইটো প্ৰথম ঘটনা। মাংকি ফিভাৰৰ আক্ৰান্ত হোৱাৰ লক্ষণসমূহ হ’ল-মূৰৰ বিষ, অচেতন হোৱা, বমি, শৰীৰৰ বিষ আৰু তীব্ৰ জ্বৰ। এই লক্ষণসমূহ এজন ৰোগীৰ শৰীৰত এসপ্তাহৰ পৰা ১২দিন পৰ্যন্তলৈ থাকে। মাংকি ফিভাৰ সাধাৰণতে ভাৰতৰ দক্ষিণাত্য অঞ্চলতে হয়। ‘Flaviviridae’ নামৰ এবিধ ভাইৰাছৰ পৰা এই ৰোগ বিয়পে। এই ভাইৰাছবিধ আকৌ বান্দৰৰ দেহৰ পৰা মানুহৰ দেহলৈ বিয়পে বাবে ইয়াক মাংকি ফিভাৰ বুলি কোৱা হয়। বান্দৰৰ দেহত থকা পোক-পতংগই মানুহৰ দেহত পৰিলে বা দংশন কৰে তেতিয়া এই ৰোগ হয়। য়েলো ফিভাৰ বা ডেংগুৰ দৰে মাৰাত্মক ৰোগো ‘Flaviviridae’ নামৰ ভাইৰাছৰ বাবে হয়। মাংকি ফিভাৰৰ কোনো নিৰ্দিষ্ট নিৰাময় এতিয়াও চিকিৎসা বিজ্ঞানত নাই। অৱশ্যে কোনো লক্ষণ দেখা দিলে আপুনি লগে লগে চিকিৎসকৰ কাষ চপা উচিত। কেৰালা চৰকাৰে মাংকি ফিভাৰৰ সংক্ৰমণ ধৰা পৰাৰ লগে লগে ইতিমধ্যে সতৰ্কতা জাৰি কৰিছে। বৰ্তমান ক’ভিডৰ সংক্ৰমণৰ লগে লগে মাংকি ফিভাৰ ভাইৰাছ পোহৰলৈ অহাৰ বাবে স্থানীয় লোকক সজাগতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে কেৰালা প্ৰশাসনে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
সন্ত্রাসবাদীৰ ঘাটি বিধ্বস্ত হোৱাৰ ভিডিঅ' শ্বেয়াৰ কৰিলে বায়ু সেনাই
বন্দে মাতৰম, ভাৰত মাতা কী জয় ধ্বনিৰে চীনত মোদীক উষ্ম আদৰণি
ব্ৰিটেইনৰ পৰা অসমলৈ অনা হ'ব গুৰুজনাৰ বৃন্দাবনী বস্ত্ৰভাগ
জ্যোতিচিত্ৰবনত অনুষ্ঠিত হৈছে আমাৰ ভূপেন দা ছিজন ৯ ৰ গুৱাহাটী অডিচন
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল ৰিম্পী বুঢ়াগোহাঁই ; নিজ গাঁৱত উষ্ম আদৰণি খেলুৱৈ গৰাকীক
কৰিশ্মা নাথৰ দলক নিষিদ্ধ ঘোষণাৰ দাবী কলাগুৰুৰ পুত্ৰৰ
অসমৰ যুৱকৰ থাইলেণ্ডত ৰহস্যজনক মৃত্যু
খালী পেটত কেঁচা নহৰু খালে নানা উপকাৰ পোৱা যায়! জানি লওক সৱিশেষ