--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিশ্বৰ লগতে সমগ্ৰ ভাৰত এতিয়া ক’ভিড মহামাৰীৰে যুঁজি আছে। কিন্তু ক’ভিডত যুঁজিবলৈ কোনো নিৰ্দিষ্ট দৰব উদ্ভাৱন নোহোৱাত ক’ভিড চিকিৎসা বিজ্ঞানত ভাৰতে কেইবাবিধো দৰব ব্যৱহাৰ কৰি আহিছিল। শেহতীয়াকৈ ভাৰতত ক’ভিড চিকিৎসাত প্ৰথমবাৰৰ বাবে নাকৰ স্প্ৰে দৰব ব্যৱহাৰৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। শেহতীয়াকৈ মুম্বাইস্থিত আন্তঃৰাষ্ট্ৰীয় ফাৰ্মা কোম্পানী গ্লেনমাৰ্কে ক’ভিডত আক্ৰান্ত প্ৰাপ্তবয়স্ক ৰোগীসকলৰ চিকিৎসাৰ বাবে চানোটাইজ নামৰ কোম্পানীটোৰ সৈতে মিলি ভাৰতত নাইট্ৰিক অক্সাইড নাকৰ স্প্ৰে দৰব (ফেবি স্প্ৰে) মুকলি কৰিছে। ভাৰতত ইতিমধ্যে ড্ৰাগছ কণ্ট্ৰ’লাৰ জেনেৰেলে দৰববিধত অনুমোদন জনোৱাৰ ফলত শীঘ্ৰে এই নাকৰ স্প্ৰে দৰববিধ ভাৰতীয় বজাৰত উপলব্ধ হ’ব। উল্লেখ্য যে, দৰববিধত তৃতীয় পৰ্যায়ৰ পৰীক্ষণৰ সময়ত ক’ভিড আক্ৰান্তৰ ক্ষেত্ৰত ২৪ ঘণ্টাত ৯৪ শতাংশ আৰু ৪৮ ঘণ্টাত ৯৯ শতাংশ ভাইৰেল হ্ৰাস কৰা পৰিলক্ষিত হৈছিল। গ্লেনমাৰ্কৰ তথ্য অনুসৰি নাইট্ৰিক অক্সাইড নাকৰ স্প্ৰে ৰোগীৰ ক্ষেত্ৰত সুৰক্ষিত হয়। কোম্পানীটোৱে দাবী কৰে যে নাইট্ৰিক অক্সাইড স্প্ৰে নাকৰ শ্লেষ্মাৰ ওপৰত স্প্ৰে কৰা হয় ই ভাইৰাছৰ বিৰুদ্ধে এক ৰাসায়নিক বাধা হিচাপে কাম কৰে। ফলত কৰ’না ভাইৰাছক হাওঁফাওঁৰ ভিতৰলৈ প্ৰৱেশত বাধাৰ সৃষ্টি কৰে। গ্লেনমাৰ্ক ফাৰ্মাচিউটিকেলছ লিমিটেডৰ মুখ্য বাণ্যিজিক বিষয়া ৰৰ্বাট ক্ৰোকাৰ্টে কয় যে ‘আমি নিশ্চিত যে ই ৰোগীসকলক যথেষ্ট পৰিমাণে সকাহ দিব পাৰিব।’ ভাৰতে ক’ভিডৰ বিৰুদ্ধে দি অহা যুঁজখনত ই এক অস্ত্ৰ হিচাপে পৰিগণিত হ’ব। গ্লেনমাৰ্ক ফাৰ্মাচিউটিকেলছ লিমিটেডৰ ক্লিনিকেল ডেভেলপমেণ্টৰ মুৰব্বী ড০ মণিকা টেণ্ডনে কয় যে দৰববিধৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষণত যথেষ্ট আশাৰ ৰেঙনি দেখা গৈছে। সেয়েহে এই দৰবে ক’ভিড ৰোগীসকলক বহু পৰিমাণে সকাহ দিব পাৰিব বুলি আশা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post