--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিশ্বৰ লগতে সমগ্ৰ ভাৰত এতিয়া ক’ভিড মহামাৰীৰে যুঁজি আছে। কিন্তু ক’ভিডত যুঁজিবলৈ কোনো নিৰ্দিষ্ট দৰব উদ্ভাৱন নোহোৱাত ক’ভিড চিকিৎসা বিজ্ঞানত ভাৰতে কেইবাবিধো দৰব ব্যৱহাৰ কৰি আহিছিল। শেহতীয়াকৈ ভাৰতত ক’ভিড চিকিৎসাত প্ৰথমবাৰৰ বাবে নাকৰ স্প্ৰে দৰব ব্যৱহাৰৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। শেহতীয়াকৈ মুম্বাইস্থিত আন্তঃৰাষ্ট্ৰীয় ফাৰ্মা কোম্পানী গ্লেনমাৰ্কে ক’ভিডত আক্ৰান্ত প্ৰাপ্তবয়স্ক ৰোগীসকলৰ চিকিৎসাৰ বাবে চানোটাইজ নামৰ কোম্পানীটোৰ সৈতে মিলি ভাৰতত নাইট্ৰিক অক্সাইড নাকৰ স্প্ৰে দৰব (ফেবি স্প্ৰে) মুকলি কৰিছে। ভাৰতত ইতিমধ্যে ড্ৰাগছ কণ্ট্ৰ’লাৰ জেনেৰেলে দৰববিধত অনুমোদন জনোৱাৰ ফলত শীঘ্ৰে এই নাকৰ স্প্ৰে দৰববিধ ভাৰতীয় বজাৰত উপলব্ধ হ’ব। উল্লেখ্য যে, দৰববিধত তৃতীয় পৰ্যায়ৰ পৰীক্ষণৰ সময়ত ক’ভিড আক্ৰান্তৰ ক্ষেত্ৰত ২৪ ঘণ্টাত ৯৪ শতাংশ আৰু ৪৮ ঘণ্টাত ৯৯ শতাংশ ভাইৰেল হ্ৰাস কৰা পৰিলক্ষিত হৈছিল। গ্লেনমাৰ্কৰ তথ্য অনুসৰি নাইট্ৰিক অক্সাইড নাকৰ স্প্ৰে ৰোগীৰ ক্ষেত্ৰত সুৰক্ষিত হয়। কোম্পানীটোৱে দাবী কৰে যে নাইট্ৰিক অক্সাইড স্প্ৰে নাকৰ শ্লেষ্মাৰ ওপৰত স্প্ৰে কৰা হয় ই ভাইৰাছৰ বিৰুদ্ধে এক ৰাসায়নিক বাধা হিচাপে কাম কৰে। ফলত কৰ’না ভাইৰাছক হাওঁফাওঁৰ ভিতৰলৈ প্ৰৱেশত বাধাৰ সৃষ্টি কৰে। গ্লেনমাৰ্ক ফাৰ্মাচিউটিকেলছ লিমিটেডৰ মুখ্য বাণ্যিজিক বিষয়া ৰৰ্বাট ক্ৰোকাৰ্টে কয় যে ‘আমি নিশ্চিত যে ই ৰোগীসকলক যথেষ্ট পৰিমাণে সকাহ দিব পাৰিব।’ ভাৰতে ক’ভিডৰ বিৰুদ্ধে দি অহা যুঁজখনত ই এক অস্ত্ৰ হিচাপে পৰিগণিত হ’ব। গ্লেনমাৰ্ক ফাৰ্মাচিউটিকেলছ লিমিটেডৰ ক্লিনিকেল ডেভেলপমেণ্টৰ মুৰব্বী ড০ মণিকা টেণ্ডনে কয় যে দৰববিধৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষণত যথেষ্ট আশাৰ ৰেঙনি দেখা গৈছে। সেয়েহে এই দৰবে ক’ভিড ৰোগীসকলক বহু পৰিমাণে সকাহ দিব পাৰিব বুলি আশা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
ইউৰোপত উৎকট গৰম; ১০ সহস্রাধিক লোকৰ মৃত্যু
অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত আধুনিক ৰূপ লাভ কৰিলে মাজবাট ৰে’লৱে ষ্টেচনে
লক্ষ্ণৌৰ 5-ষ্টাৰ হোটেলত ৰহস্যজনক অৱস্থাত যুৱ বিজ্ঞানীৰ মৃতদেহ উদ্ধাৰ, বিচনাৰ কাষত পোৱা গ’ল বমিৰ দাগ
বান গ’ল, কিন্তু শেষ হোৱা নাই দুৰ্ভোগ; নৰক যন্ত্ৰণা, আৱৰ্জনা, দুৰ্গন্ধ আৰু ৰোগৰ আতংকত জোনাইৰ মধুপুৰ-অৰুণ চাপৰি ৰাইজ
বজালীত শোকাৱহ অঘটন; কালদিয়া নৈ পাৰ হ’বলৈ গৈ উটি গ’ল বৃদ্ধ কৃষক
অতি উপকাৰী পাচলি কোমোৰা; গুণাগুণসমূহ জানো আহক
বিষ্ণয় গেঙৰ সন্ধানত অপাৰেশ্যন ‘হার্ড বল’
পৰাজয়ৰ ক্ষোভত ফাটি পৰিছে ইজিপ্ত; আর্জেণ্টিনাৰ বিজয়ক ‘ফিক্সিং’ আখ্যা ইজিপ্তৰ
যুদ্ধ আৰম্ভ, লগে লগে শ্বেয়াৰ বজাৰত বিপৰ্যয়; খাৰুৱা তেলৰ দাম ৬% বৃদ্ধি
নাৰায়ণপুৰৰ ধলপুৰত শহুৰেকৰ ঘৰত হাতত চোকা দা লৈ জোঁৱায়েকৰ ভয়ংকৰ তাণ্ডৱ
শিক্ষকতাত কালিমা! আনৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্ক স্থাপন কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল ধুবুৰীৰ এজন প্ৰধান শিক্ষক
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
Advertisement