--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ দিল্লী আৰক্ষীয়ে এটা আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ চিনাক্ত কৰিছে। ড্ৰাগছ সৰবৰাহকাৰী চক্ৰটোৱে ‘ডাৰ্ক ৱেব’ ব্যৱহাৰ কৰি অবৈধ ব্যৱসায় চলাই থকা বুলি অৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিছে। দিল্লী আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চৰ অভিযানত ধৰা পৰে এই আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহৰ চক্ৰটো। এই চক্ৰটোৱে ‘হাইড্ৰ’পনিক’ পদ্ধতিৰে উৎপাদন কৰা প্ৰায় ছয় কিলোগ্ৰাম গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। যাৰ দাম দুই কোটি টকাতকৈও অধিক। 

জানিব পৰামতে এই ড্ৰাগছ সৰবৰাহৰ চক্ৰটোৱে ‘ডাৰ্ক ৱেব’ ব্যৱহাৰ কৰি ব্যৱসায় চলাই আহিছে।  লেনদেনসমূহ ক্ৰিপ্টোকাৰেন্সীৰ জৰিয়তে কৰা হৈছিল সূত্ৰই প্ৰকাশ কৰিছে। শেহতীয়াকৈ দিল্লীৰ একাংশ ডাকঘৰত বহিঃৰাজ্যৰ পৰা অহা কেইবাটাও সন্দেহজনক পাৰ্চেল পোৱা গৈছে। ইয়াৰ পৰা পাঁচ কিলোগ্ৰাম ‘হাইড্ৰ’পনিক’ গাঞ্জা লাভ কৰিছিল। এই পাৰ্চেলটো আমেৰিকাৰ পৰা পঠিওৱা হৈছিল বুলি প্ৰকাশ কৰিছে। ইয়াত উল্লেখিত ভুৱা ঠিকনাৰ তদন্ত চলাই আৰক্ষীয়ে এই আন্তঃৰাষ্ট্ৰীয় গেংটো আৱিষ্কাৰ কৰে আৰক্ষীয়ে। এই ড্ৰাগছ চক্ৰটোৰ সৈতে জড়িত থকাৰ সন্দেহত দুজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে। আটকাধীন লোকসককেইজন ক্ৰমে আব্দুল মালিক ওৰফে পাৰভেজ আৰু মায়ংক নাইৰ আৰু দুয়োজনেই দিল্লীৰ বাসিন্দাবুলি আৰক্ষীয়ে সদৰি কৰিছে৷

সমাগত দিল্লী বিধানসভা নিৰ্বাচনৰ আগমুহুৰ্তত দিল্লী আৰক্ষীৰ অপৰাধ নিবাৰণ শাখাই ‘অপাৰেচন কাভাচ’ নামৰ এক অভিযানৰ অধীনতক’ৰবাত কোনো ধৰণৰ ড্ৰাগছ, সুৰা, অবৈধ অস্ত্ৰৰ ব্যৱসায় চলি আছে নে নাই সেই সন্দৰ্ভত তীক্ষ্ণ দৃষ্টি ৰাখিছে। এনে এটা অভিযানৰ সময়তে আৰক্ষীয়ে এই আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহৰ চক্ৰটো ধৰা পেলাই।

আৰক্ষীয়ে আব্দুল মালিক মালিকৰ ঘৰত অভিযান চলাই প্ৰায় এক কিলোগ্ৰাম গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। তাৰ পাছত তেওঁৰ মোবাইল ফোনটোও জব্দ কৰে আৰক্ষীয়ে। মায়ংক নাইৰ এই চক্ৰটোৰ লিডাৰ আছিল বুলি আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে। মালিকে নাইৰ বাবে কাম কৰিছিল বুলি সদৰি কৰিছে। আৰক্ষীয়ে জনোৱা মতে নাইৰ বিবিএ স্নাতক।আৰু নাইৰ ঔষধ আমদানি আৰু ৰপ্তানিৰ পাৰিবাৰিক ব্যৱসায় আছিল। কভিড মহামাৰীৰ পিছত ব্যৱসায়ত বিপৰ্যয়ৰ সন্মুখীন হোৱাত নাইৰে ড্ৰাগছৰ ব্যৱসায়ৰ সৈতে জড়িত হৈ পৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ