--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ দিল্লী আৰক্ষীয়ে এটা আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ চিনাক্ত কৰিছে। ড্ৰাগছ সৰবৰাহকাৰী চক্ৰটোৱে ‘ডাৰ্ক ৱেব’ ব্যৱহাৰ কৰি অবৈধ ব্যৱসায় চলাই থকা বুলি অৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিছে। দিল্লী আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চৰ অভিযানত ধৰা পৰে এই আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহৰ চক্ৰটো। এই চক্ৰটোৱে ‘হাইড্ৰ’পনিক’ পদ্ধতিৰে উৎপাদন কৰা প্ৰায় ছয় কিলোগ্ৰাম গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। যাৰ দাম দুই কোটি টকাতকৈও অধিক। 

জানিব পৰামতে এই ড্ৰাগছ সৰবৰাহৰ চক্ৰটোৱে ‘ডাৰ্ক ৱেব’ ব্যৱহাৰ কৰি ব্যৱসায় চলাই আহিছে।  লেনদেনসমূহ ক্ৰিপ্টোকাৰেন্সীৰ জৰিয়তে কৰা হৈছিল সূত্ৰই প্ৰকাশ কৰিছে। শেহতীয়াকৈ দিল্লীৰ একাংশ ডাকঘৰত বহিঃৰাজ্যৰ পৰা অহা কেইবাটাও সন্দেহজনক পাৰ্চেল পোৱা গৈছে। ইয়াৰ পৰা পাঁচ কিলোগ্ৰাম ‘হাইড্ৰ’পনিক’ গাঞ্জা লাভ কৰিছিল। এই পাৰ্চেলটো আমেৰিকাৰ পৰা পঠিওৱা হৈছিল বুলি প্ৰকাশ কৰিছে। ইয়াত উল্লেখিত ভুৱা ঠিকনাৰ তদন্ত চলাই আৰক্ষীয়ে এই আন্তঃৰাষ্ট্ৰীয় গেংটো আৱিষ্কাৰ কৰে আৰক্ষীয়ে। এই ড্ৰাগছ চক্ৰটোৰ সৈতে জড়িত থকাৰ সন্দেহত দুজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে। আটকাধীন লোকসককেইজন ক্ৰমে আব্দুল মালিক ওৰফে পাৰভেজ আৰু মায়ংক নাইৰ আৰু দুয়োজনেই দিল্লীৰ বাসিন্দাবুলি আৰক্ষীয়ে সদৰি কৰিছে৷

সমাগত দিল্লী বিধানসভা নিৰ্বাচনৰ আগমুহুৰ্তত দিল্লী আৰক্ষীৰ অপৰাধ নিবাৰণ শাখাই ‘অপাৰেচন কাভাচ’ নামৰ এক অভিযানৰ অধীনতক’ৰবাত কোনো ধৰণৰ ড্ৰাগছ, সুৰা, অবৈধ অস্ত্ৰৰ ব্যৱসায় চলি আছে নে নাই সেই সন্দৰ্ভত তীক্ষ্ণ দৃষ্টি ৰাখিছে। এনে এটা অভিযানৰ সময়তে আৰক্ষীয়ে এই আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহৰ চক্ৰটো ধৰা পেলাই।

আৰক্ষীয়ে আব্দুল মালিক মালিকৰ ঘৰত অভিযান চলাই প্ৰায় এক কিলোগ্ৰাম গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। তাৰ পাছত তেওঁৰ মোবাইল ফোনটোও জব্দ কৰে আৰক্ষীয়ে। মায়ংক নাইৰ এই চক্ৰটোৰ লিডাৰ আছিল বুলি আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে। মালিকে নাইৰ বাবে কাম কৰিছিল বুলি সদৰি কৰিছে। আৰক্ষীয়ে জনোৱা মতে নাইৰ বিবিএ স্নাতক।আৰু নাইৰ ঔষধ আমদানি আৰু ৰপ্তানিৰ পাৰিবাৰিক ব্যৱসায় আছিল। কভিড মহামাৰীৰ পিছত ব্যৱসায়ত বিপৰ্যয়ৰ সন্মুখীন হোৱাত নাইৰে ড্ৰাগছৰ ব্যৱসায়ৰ সৈতে জড়িত হৈ পৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?