--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশ, প্ৰয়াগৰাজৰ মহা কুম্ভ মেলাত অঘটন৷ মহা কুম্ভ মেলাৰ শাস্ত্ৰী দলং ছেক্টৰ-১৯ৰ কেম্পত ব্যাপক অগ্নিকাণ্ড সংঘটিত হোৱাৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে কেইবাখনো অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈছে। জানিব পৰামতে  ৰন্ধা-বঢ়াৰ সময়ত চিলিণ্ডাৰ বিস্ফোৰণ ঘটাৰ বাবে এই অগ্নিকাণ্ড সংটিত হৈছে বুলি দাবী উত্থাপন হৈছে।

বিষয়াসকলে প্ৰদান কৰা তথ্য অনুসৰি, সৰ্বভাৰতীয় ধৰ্ম সংঘ গীতা প্ৰেছ গোৰখপুৰৰ শিবিৰত এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে বুলি জানিব পৰী গৈছে। ঘটনাৰ পাছত ততালিকে অগ্নিনিৰ্বাপক বাহিনীৰ দলে সমগ্ৰ অঞ্চলটো খালী কৰিছে। মহাকুম্ভ মেলাললৈ অহা যাত্ৰীসকলে ৰে’লৰ ৰেকৰ্ডিং কৰা এই ঘটনাৰ ভিডিঅ’ দেখিবলৈ পোৱা গৈছে। প্ৰচণ্ড বতাহৰ বাবে ১৯ নং ছেক্টৰত লগা জুই ক্ৰমান্বয়ে ছেক্টৰ২০ লৈ বিয়পি পৰাৰ লগতে ওচৰৰ তম্বুবোৰতো আগুৰি ধৰিছে বুলি জানিব পৰা গৈছে।

এডিজি ভানু ভাস্কৰে ছেক্টৰ ১৯ত চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱা বুলি উল্লেখ কৰে আৰু ইতিমধ্যে জুই নিয়ন্ত্ৰণ কৰা হৈছে বুলি সদৰি কৰাৰ লগতে পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘুৰি আহিছে বুলি উল্লেখ কৰে। এই অগ্নিকাণ্ডত এতিয়ালৈকে কোনো লোক হতাহতি হোৱা নাই সকলো সুৰক্ষিত বুলিও উল্লেখ কৰে অৰক্ষী বিষয়া গৰাকীয়ে।

প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত সংঘটিত অগ্নিকাণ্ডৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথো তৎপৰ হৈ পৰিছে।মুখ্যমন্ত্ৰীগৰাকীয়ে সুৰক্ষা ব্যৱস্থা সুনিশ্চিত কৰিবলা নিৰ্দেশ প্ৰদান কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post