--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশ, প্ৰয়াগৰাজৰ মহা কুম্ভ মেলাত অঘটন৷ মহা কুম্ভ মেলাৰ শাস্ত্ৰী দলং ছেক্টৰ-১৯ৰ কেম্পত ব্যাপক অগ্নিকাণ্ড সংঘটিত হোৱাৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে কেইবাখনো অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈছে। জানিব পৰামতে  ৰন্ধা-বঢ়াৰ সময়ত চিলিণ্ডাৰ বিস্ফোৰণ ঘটাৰ বাবে এই অগ্নিকাণ্ড সংটিত হৈছে বুলি দাবী উত্থাপন হৈছে।

বিষয়াসকলে প্ৰদান কৰা তথ্য অনুসৰি, সৰ্বভাৰতীয় ধৰ্ম সংঘ গীতা প্ৰেছ গোৰখপুৰৰ শিবিৰত এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে বুলি জানিব পৰী গৈছে। ঘটনাৰ পাছত ততালিকে অগ্নিনিৰ্বাপক বাহিনীৰ দলে সমগ্ৰ অঞ্চলটো খালী কৰিছে। মহাকুম্ভ মেলাললৈ অহা যাত্ৰীসকলে ৰে’লৰ ৰেকৰ্ডিং কৰা এই ঘটনাৰ ভিডিঅ’ দেখিবলৈ পোৱা গৈছে। প্ৰচণ্ড বতাহৰ বাবে ১৯ নং ছেক্টৰত লগা জুই ক্ৰমান্বয়ে ছেক্টৰ২০ লৈ বিয়পি পৰাৰ লগতে ওচৰৰ তম্বুবোৰতো আগুৰি ধৰিছে বুলি জানিব পৰা গৈছে।

এডিজি ভানু ভাস্কৰে ছেক্টৰ ১৯ত চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱা বুলি উল্লেখ কৰে আৰু ইতিমধ্যে জুই নিয়ন্ত্ৰণ কৰা হৈছে বুলি সদৰি কৰাৰ লগতে পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘুৰি আহিছে বুলি উল্লেখ কৰে। এই অগ্নিকাণ্ডত এতিয়ালৈকে কোনো লোক হতাহতি হোৱা নাই সকলো সুৰক্ষিত বুলিও উল্লেখ কৰে অৰক্ষী বিষয়া গৰাকীয়ে।

প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত সংঘটিত অগ্নিকাণ্ডৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথো তৎপৰ হৈ পৰিছে।মুখ্যমন্ত্ৰীগৰাকীয়ে সুৰক্ষা ব্যৱস্থা সুনিশ্চিত কৰিবলা নিৰ্দেশ প্ৰদান কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ