--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আজি গুজৰাটৰ ভাৰুচ চহৰত অনুষ্ঠিত ‘উৎকৰ্ষ সমাৰোহ’ত ভাৰ্চুৱেল ভাষণ দি থকাৰ সময়তে আৱেগিক হৈ পৰা দেখা যায়৷ বিধৱা, বৃদ্ধ নাগৰিকসকলক আৰ্থিক সাহায্য প্ৰদানৰ বাবে ৰাজ্য চৰকাৰৰ চাৰিটা গুৰুত্বপূৰ্ণ আঁচনিৰ ১০০ শতাংশ সংপৃক্ততা উপলক্ষে ভাৰুচ জিলা প্ৰশাসনে এই অনুষ্ঠানৰ আয়োজন কৰিছিল। প্ৰধানমন্ত্ৰী মোদীয়ে অনুষ্ঠানটোত কথোপকথন কৰাৰ আগতে এজন হিতাধিকাৰী আয়ুব পেটেলৰ সৈতে বাৰ্তালাপ কৰিছিল। দৃষ্টিহীন আয়ুবে বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰী মোদীক কয় যে তেওঁৰ তিনিজনী কন্যা আছে আৰু তেওঁলোকৰ এজনে চিকিৎসক হ'ব বিচাৰে।

দেউতাকৰ কাষত বহি থকা জীয়েকৰ সৈতে পোনপটীয়াকৈ কথা পাতি প্ৰধানমন্ত্ৰীয়ে সুধিছিল যে তেওঁ কিয় চিকিৎসক হ’ব বিচাৰে। প্ৰধানমন্ত্ৰীৰ সেই প্ৰশ্নৰ উত্তৰত আয়ুবৰ কন্যাই কয়, মই বহুতো কাৰণত চিকিৎসক হ’ব বিচাৰো৷ কিন্তু মোৰ দেউতাই যি সমস্যাৰ মাজেৰে পাৰ হৈ আহিছে তাৰ বাবে মই চিকিৎসক হৈ দেখুৱাব খোজো৷ আৰু তেনেকৈ কৈ কান্দি উঠিছিল দৃষ্টিহীন আয়ুবৰ কন্যাগৰাকী৷ 

ইয়াৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰী মোদীয়ে কিছু মুহূৰ্তৰ বাবে নীৰৱ হৈ ৰৈছিল৷ আৰু আয়ুবক কৈছিল, আপোনাৰ সহানুভূতি হৈছে আপোনাৰ শক্তি৷ আপোনাৰ ছোৱালীৰ সপোন পূৰণ কৰিবলৈ আপোনাক কোনো সহায়ৰ প্ৰয়োজন হ’লে মোক জনাব। বাৰ্তালাপৰ সময়ত মানুহজনে প্ৰধানমন্ত্ৰীক তেওঁৰ চকুৰ ৰোগৰ বিষয়ে কৈছিল। তেওঁ কৈছিল যে তেওঁৰ দৃষ্টিশক্তি সম্পূৰ্ণৰূপে হ্ৰাস পাইছিল। গ্লুকোমা কৰা হৈছে। চিকিৎসকসকলে কৈছে যে এতিয়া ইয়াৰ আৰোগ্য হোৱাৰ আশা কম।

প্ৰধানমন্ত্ৰী মোদীয়ে লগতে তেওঁলোকে ভেকচিন গ্ৰহণ কৰিছে নে সুধিছিল৷ ব্যক্তিজনে কয় যে হয়, মই দুয়োটা ভেকচিন গ্ৰহণ কৰিছো। তাৰ পিছত প্ৰধানমন্ত্ৰীয়ে সুধিলে তেওঁ কেনেকৈ ঈদ উদযাপন কৰিছিল। তেতিয়া ব্যক্তিজনে প্ৰধানমন্ত্ৰী মোদীক কৈছিল যে ঈদ ভালদৰেই পাৰ হৈছিল৷ মই মোৰ ছোৱালীকেইজনীক টকা আৰু কাপোৰ দিছিলোঁ। তাৰ পিছত অৱশেষত প্ৰধানমন্ত্ৰী মোদীয়ে আয়ুবক কয় যে কন্যাৰ সপোন পূৰণ কৰক। আপুনি আপোনাৰ শাৰীৰিক কষ্টক ইতিমধ্যে শক্তিলৈ পৰিৱৰ্তন কৰিছে।

উল্লেখযোগ্য যে, সংবাদ সংস্থা এএনআইয়ে সমগ্ৰ কথোপকথনৰ এটা ভিডিঅ’ টুইটাৰত পোষ্ট কৰিছে। তাৰ পাছতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই ভিডিঅ’৷
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত