--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আজি গুজৰাটৰ ভাৰুচ চহৰত অনুষ্ঠিত ‘উৎকৰ্ষ সমাৰোহ’ত ভাৰ্চুৱেল ভাষণ দি থকাৰ সময়তে আৱেগিক হৈ পৰা দেখা যায়৷ বিধৱা, বৃদ্ধ নাগৰিকসকলক আৰ্থিক সাহায্য প্ৰদানৰ বাবে ৰাজ্য চৰকাৰৰ চাৰিটা গুৰুত্বপূৰ্ণ আঁচনিৰ ১০০ শতাংশ সংপৃক্ততা উপলক্ষে ভাৰুচ জিলা প্ৰশাসনে এই অনুষ্ঠানৰ আয়োজন কৰিছিল। প্ৰধানমন্ত্ৰী মোদীয়ে অনুষ্ঠানটোত কথোপকথন কৰাৰ আগতে এজন হিতাধিকাৰী আয়ুব পেটেলৰ সৈতে বাৰ্তালাপ কৰিছিল। দৃষ্টিহীন আয়ুবে বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰী মোদীক কয় যে তেওঁৰ তিনিজনী কন্যা আছে আৰু তেওঁলোকৰ এজনে চিকিৎসক হ'ব বিচাৰে।

দেউতাকৰ কাষত বহি থকা জীয়েকৰ সৈতে পোনপটীয়াকৈ কথা পাতি প্ৰধানমন্ত্ৰীয়ে সুধিছিল যে তেওঁ কিয় চিকিৎসক হ’ব বিচাৰে। প্ৰধানমন্ত্ৰীৰ সেই প্ৰশ্নৰ উত্তৰত আয়ুবৰ কন্যাই কয়, মই বহুতো কাৰণত চিকিৎসক হ’ব বিচাৰো৷ কিন্তু মোৰ দেউতাই যি সমস্যাৰ মাজেৰে পাৰ হৈ আহিছে তাৰ বাবে মই চিকিৎসক হৈ দেখুৱাব খোজো৷ আৰু তেনেকৈ কৈ কান্দি উঠিছিল দৃষ্টিহীন আয়ুবৰ কন্যাগৰাকী৷ 

ইয়াৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰী মোদীয়ে কিছু মুহূৰ্তৰ বাবে নীৰৱ হৈ ৰৈছিল৷ আৰু আয়ুবক কৈছিল, আপোনাৰ সহানুভূতি হৈছে আপোনাৰ শক্তি৷ আপোনাৰ ছোৱালীৰ সপোন পূৰণ কৰিবলৈ আপোনাক কোনো সহায়ৰ প্ৰয়োজন হ’লে মোক জনাব। বাৰ্তালাপৰ সময়ত মানুহজনে প্ৰধানমন্ত্ৰীক তেওঁৰ চকুৰ ৰোগৰ বিষয়ে কৈছিল। তেওঁ কৈছিল যে তেওঁৰ দৃষ্টিশক্তি সম্পূৰ্ণৰূপে হ্ৰাস পাইছিল। গ্লুকোমা কৰা হৈছে। চিকিৎসকসকলে কৈছে যে এতিয়া ইয়াৰ আৰোগ্য হোৱাৰ আশা কম।

প্ৰধানমন্ত্ৰী মোদীয়ে লগতে তেওঁলোকে ভেকচিন গ্ৰহণ কৰিছে নে সুধিছিল৷ ব্যক্তিজনে কয় যে হয়, মই দুয়োটা ভেকচিন গ্ৰহণ কৰিছো। তাৰ পিছত প্ৰধানমন্ত্ৰীয়ে সুধিলে তেওঁ কেনেকৈ ঈদ উদযাপন কৰিছিল। তেতিয়া ব্যক্তিজনে প্ৰধানমন্ত্ৰী মোদীক কৈছিল যে ঈদ ভালদৰেই পাৰ হৈছিল৷ মই মোৰ ছোৱালীকেইজনীক টকা আৰু কাপোৰ দিছিলোঁ। তাৰ পিছত অৱশেষত প্ৰধানমন্ত্ৰী মোদীয়ে আয়ুবক কয় যে কন্যাৰ সপোন পূৰণ কৰক। আপুনি আপোনাৰ শাৰীৰিক কষ্টক ইতিমধ্যে শক্তিলৈ পৰিৱৰ্তন কৰিছে।

উল্লেখযোগ্য যে, সংবাদ সংস্থা এএনআইয়ে সমগ্ৰ কথোপকথনৰ এটা ভিডিঅ’ টুইটাৰত পোষ্ট কৰিছে। তাৰ পাছতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই ভিডিঅ’৷
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ