--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক অতি জঘন্য, নিকৃষ্ট ঘটনা সংঘটিত হৈছে। যি ঘটনাৰ কথা শুনিলে আপোনাৰো বুকু কঁপি উঠিব। ওড়িশাৰ ভুৱনেশ্বৰত ঘটা এই ঘটনাই আপোনাক স্তম্ভিত কৰি তুলিব। 

ঘটনা অনুসৰি দুই প্ৰেমিকাৰ সৈতে লগ লাগি পত্নীক হত্যা কৰিলে এগৰাকী ফাৰ্মাচিষ্টে। ২৪ বছৰীয়া ফাৰ্মাচিষ্টগৰাকীয়ে দুগৰাকী প্ৰেমিকাৰ সৈতে মিলিত হৈ পত্নীক এনাস্থেচিয়াৰ বেজী দি হত্যা কৰে।

এই ঘটনা সংঘটিত হৈছে ভুৱনেশ্বৰৰ ভাৰতপুৰ অঞ্চলত। ২৮ অক্টোবৰত প্ৰদ্যুম্ন কুমাৰ দাস পত্নী শোভাশ্ৰীৰ সৈতে ভুৱনেশ্বৰৰ কেপিটেল হাস্পতালত উপস্থিত হয়। প্ৰদ্যুম্নই কয় যে শোভাশ্ৰীয়ে আত্মহত্যাৰ চেষ্টা কৰিছিল। লগে লগে চিকিৎসকে মহিলাগৰাকীৰ চিকিৎসা আৰম্ভ কৰিলে। চিকিৎসাৰ সময়তে শোভাশ্ৰীৰ মৃত্যু হয়।

ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। প্ৰদ্যুম্নই আৰক্ষীক বিবৃতি দিলে যে তেওঁৰ পত্নীয়ে আত্মহত্যা কৰিছে। এই সন্দৰ্ভত প্ৰদ্যুম্ন দাসে থানাত  এজাহাৰো দিয়ে। ঘটনাৰ সন্দৰ্ভত অস্বাভাৱিক মৃত্যুৰ গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট ওলোৱাৰ লগে লগে আৰক্ষী স্তম্ভিত হৈ পৰে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত মহিলাগৰাকীৰ হাত আৰু ডিঙিত ক’লা দাগ থকা বুলি জানিব পৰা যায়। এনাস্থেচিয়াৰ অতিমাত্ৰা সেৱনৰ বাবেই মহিলাগৰাকীৰ মৃত্যু হোৱা বুলিও পোহৰলৈ আহে।

এই প্ৰতিবেদনৰ ভিত্তিত আৰক্ষীয়ে লগে লগে স্বামী প্ৰদ্যুম্ন দাসক গ্ৰেপ্তাৰ কৰে। কঠোৰভাৱে সোধা-পোছাৰ সময়ত তেওঁ নিজৰ অপৰাধ স্বীকাৰ কৰে। অভিযুক্তই কয় যে তেওঁৰ দুগৰাকী ছোৱালীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছে। প্ৰেমিকা দুগৰাকীৰ সৈতে তেওঁ এই হত্যাকাণ্ড সংঘটিত কৰিছে।

অভিযুক্তই কয় যে তেওঁৰ পত্নী এই প্ৰেমৰ সম্পৰ্কক লৈ বিৰোধী আছিল। বহু সময়ত তেওঁৰ পত্নী শোভাশ্ৰীয়ে এই বিষয়ক লৈ প্ৰদ্যুম্নৰ লগত কাজিয়া কৰিছিল। এই কাৰণে ৮ মাহ আগতে শোভাশ্ৰীয়ে স্বামীৰ পৰা পৃথক হৈ মাক-দেউতাকৰ ঘৰত আছিলগৈ। ২৮ অক্টোবৰত প্ৰদ্যুম্নই কোনো অজুহাতত পত্নীক ঘৰলৈ মাতি আনে। তাৰ পৰাই অভিযুক্তই শোভাশ্ৰীক নিজৰ প্ৰেমিকা ৰ’জী পাত্ৰৰ ঘৰলৈ লৈ যায়। সেই ঠাইত প্ৰদ্যুম্নৰ আনগৰাকী প্ৰেমিকা এজিতা ভূইয়াও আছিল। তাতে প্ৰদ্যুম্ন আৰু তেওঁৰ প্ৰেমিকা দুগৰাকীয়ে এনাস্থেচিয়া বেজী দি হত্যা কৰে শোভাশ্ৰীক।

আৰক্ষীৰ তথ্য অনুসৰি ৰ’জী পাত্ৰ আৰু এজিতা ভূইয়াই ঔষধৰ দোকানত কাম কৰে। তাৰপৰাই তেওঁলোকে এই বেজীটো লৈ আহিছিল। কেৱল এয়াই নহয়, অভিযুক্তই এটা কাহিনীও ৰচনা কৰিছিল। এই ষড়যন্ত্ৰৰ অংশ হিচাপে স্বামীয়ে তেওঁক চিকিৎসালয়লৈ নিজে লৈ যায় আৰু পত্নীয়ে আত্মহত্যাৰ চেষ্টা কৰা বুলি কয়। কিন্তু সত্য সদায় পোহৰলৈ আহিবই।

প্ৰদ্যুম্ন আৰু তেওঁৰ দুই প্ৰেমিকাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ