--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দীপাৱলীৰ নিশা দিল্লীত সংঘটিত হ’ল নৃশংস হত্যাকাণ্ড৷এই ঘটনাই সমগ্ৰ ৰাজধানী চহৰত আলোড়ন সৃষ্টি কৰিছে। এই হত্যাকাণ্ডৰ গোচৰত পোহৰলৈ আহিছে বহু চাঞ্চল্যকৰ তথ্য৷ ১৬ বছৰীয়া নাবালকৰ এনে কাণ্ডই সকলোকে হতচকিত কৰি তুলিছে।

ঘটনাক্ৰম অনুসৰি শ্বাহদাৰাৰ ফৰছ বজাৰ থানা এলেকাত একেলগে হত্যা কৰা হৈছে ভতিজাক আৰু খুৰাকক। আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পোৱা তথ্য অনুসৰি এই হত্যাকাণ্ড সংঘটিত কৰিছে ১৬ বছৰীয়া নাবালকে। মৃত খুৰাক-ভতিজাকৰ নাম ক্ৰমে আকাশ আৰু ঋষভ বুলি জানিব পৰা গৈছে৷ আকাশক হত্যা কৰিবলৈ ভাৰাত আনিছিল শ্বুটাৰ৷ চিচিটিভিৰ ফুটেজত দেখা দৃশ্য অনুসৰি অভিযুক্তই আকাশ নামৰ ব্যক্তিজনৰ চৰণ স্পৰ্শ কৰাৰ চলেৰে শ্বুটাৰক চিনাক্ত কৰে। লগে লগে পিছফালৰ পৰা শ্বুটাৰৰ নিৰ্বিচাৰ গুলীচলানাত আকাশ নামৰ ব্যক্তিজনৰ লগতে ভতিজা ঋষভৰো মৃত্যু হয়। 

দিল্লী আৰক্ষীয়ে জনোৱা মতে, চিচিটিভিৰ ফুটেজত স্কুটীত দেখা ১৬ বছৰীয়া নাবালক শিশুটোৱে মূল অভিযুক্ত। এই নাবালক অভিযুক্তৰ বিৰুদ্ধে বহু গোচৰ ৰুজু হৈ আছে বুলি সদৰি কৰিছে। নাবালক অভিযুক্তক জিম্মাত লৈ দিল্লী আৰক্ষীয়ে তদম্ত আৰম্ভ কৰছে। 

আৰক্ষীয়ে এয়া পাৰস্পৰিক শত্ৰুতাৰ বাবে এই হত্যা কাণ্ড সংঘটিত হৈছে বুলি সদৰি কৰিছে। আকাশ নামৰ ব্যক্তিজনৰ পৰিয়ালৰো অপৰাধৰ সৈতে পুৰণি সম্পৰ্ক আছে বুলি আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
চুলি পকিবলৈ ধৰিছে নেকি? ঘৰুৱা সামগ্ৰীৰেই ক'লা কৰক আপোনাৰ পকা চুলি
ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ জাননী জাৰি ট্ৰাম্পৰ
বিশ্বৰ বিভিন্ন দেশত ইৰানৰ অস্ত্র-শস্ত্ৰ নিৰ্মাণকাৰী কাৰখানা আছে
কলিয়াবৰৰ জখলাবন্ধা ৰে’লগে’টত গুলীচালনাৰ ঘটনা ; সন্দেহজনক বাহনলৈ আৰক্ষীৰ গুলি
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়
এন এছ এফৰ শীৰ্ষ পদৰ বাবে নিয়ম শিথিল
খেলুৱৈৰ জীৱনত আটাইতকৈ শোচনীয় পৰাজয়! খেলপথাৰতে হুকহুকাই কান্দিলে নেইমাৰে