--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দীপাৱলীৰ নিশা দিল্লীত সংঘটিত হ’ল নৃশংস হত্যাকাণ্ড৷এই ঘটনাই সমগ্ৰ ৰাজধানী চহৰত আলোড়ন সৃষ্টি কৰিছে। এই হত্যাকাণ্ডৰ গোচৰত পোহৰলৈ আহিছে বহু চাঞ্চল্যকৰ তথ্য৷ ১৬ বছৰীয়া নাবালকৰ এনে কাণ্ডই সকলোকে হতচকিত কৰি তুলিছে।

ঘটনাক্ৰম অনুসৰি শ্বাহদাৰাৰ ফৰছ বজাৰ থানা এলেকাত একেলগে হত্যা কৰা হৈছে ভতিজাক আৰু খুৰাকক। আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পোৱা তথ্য অনুসৰি এই হত্যাকাণ্ড সংঘটিত কৰিছে ১৬ বছৰীয়া নাবালকে। মৃত খুৰাক-ভতিজাকৰ নাম ক্ৰমে আকাশ আৰু ঋষভ বুলি জানিব পৰা গৈছে৷ আকাশক হত্যা কৰিবলৈ ভাৰাত আনিছিল শ্বুটাৰ৷ চিচিটিভিৰ ফুটেজত দেখা দৃশ্য অনুসৰি অভিযুক্তই আকাশ নামৰ ব্যক্তিজনৰ চৰণ স্পৰ্শ কৰাৰ চলেৰে শ্বুটাৰক চিনাক্ত কৰে। লগে লগে পিছফালৰ পৰা শ্বুটাৰৰ নিৰ্বিচাৰ গুলীচলানাত আকাশ নামৰ ব্যক্তিজনৰ লগতে ভতিজা ঋষভৰো মৃত্যু হয়। 

দিল্লী আৰক্ষীয়ে জনোৱা মতে, চিচিটিভিৰ ফুটেজত স্কুটীত দেখা ১৬ বছৰীয়া নাবালক শিশুটোৱে মূল অভিযুক্ত। এই নাবালক অভিযুক্তৰ বিৰুদ্ধে বহু গোচৰ ৰুজু হৈ আছে বুলি সদৰি কৰিছে। নাবালক অভিযুক্তক জিম্মাত লৈ দিল্লী আৰক্ষীয়ে তদম্ত আৰম্ভ কৰছে। 

আৰক্ষীয়ে এয়া পাৰস্পৰিক শত্ৰুতাৰ বাবে এই হত্যা কাণ্ড সংঘটিত হৈছে বুলি সদৰি কৰিছে। আকাশ নামৰ ব্যক্তিজনৰ পৰিয়ালৰো অপৰাধৰ সৈতে পুৰণি সম্পৰ্ক আছে বুলি আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম