--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : অ’মিক্ৰনৰ পৰা আৰোগ্য পোৱাৰ লগতে ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত বিশেষজ্ঞসকলে সঘনে সজাগ কৰা দেখা যায়। কিন্তু আপুনি জানেনে দুৰ্বল ইমিউনিটীয়ে কি সংকেত দিয়ে জানি লওঁক এই পাঁচটা লক্ষণ। বিশ্বত ক’ভিড-১৯ মহামাৰীয়ে গ্ৰাস কৰাৰ সময়ত ‘ইমিউনিটী’ শব্দটোৰ অৰ্থ সাধাৰণ মানুহেও বুজি উঠিছে। মজবুত ইমিউনিটীয়ে শৰীৰক ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰে। ইমিউনিটী শুভ্ৰ ৰক্তকণিকা, লিম্প নুডছ আৰু এণ্টিবডীৰে গঠিত, যিয়ে শৰীৰক বাহিৰৰ ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰে। কেতিয়াবা যদি ভাইৰাছ শৰীৰত প্ৰৱেশ কৰে তেন্তে প্ৰতিৰক্ষা প্ৰণালীয়ে ভাইৰাছবোৰক চিনাক্ত কৰি ল’ব পাৰে আৰু সেইবোৰক শৰীৰতে ধ্বংস কৰি বিপদৰ পৰা ৰক্ষা কৰিব পাৰে। ক’ভিডৰ ভয়াৱহ সময়ছোৱাত সকলো মানুহে ইমিউনিটী বৃদ্ধি কৰিবৰ বাবে খাদ্যাভ্যাস সলনি কৰিছে আৰু যথেষ্ট পানীজাতীয় খাদ্য গ্ৰহণ কৰাৰ লগতে যোগ অভ্যাসো গঢ়ি তুলিছে। বিশেষজ্ঞসকলৰ মতে দুৰ্বল ইমিউনিটী চিনাক্ত কৰাৰ ৫টা লক্ষণ নিৰ্ধাৰণ কৰি উলিয়াইছে। সেইকেইটা হ’ল- ১. যথেষ্ট ভাগৰ অনুভৱ কৰাঃ নিশা ৭-৮ ঘণ্টাৰ শোৱাৰ পাছতো যদি কোনো লোকে পুৱা ভাগৰ অনুভৱ কৰে তেন্তে সাৱধান হোৱা উচিত। কাৰণ দুৰ্বল লোকে নিশা ভালদৰে শুৱাৰ পাছতো পিছদিনা পুৱা উঠি যথেষ্ট আলোচ্য অনুভৱ কৰে। তেওঁ শাৰীৰিক কষ্ট নকৰিলেও যথেষ্ট ভাগৰুৱা অনুভৱ কৰিলে তেনে লোকে অতি সোনকালে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। পাৰ্যমানে যোগ অভ্যাস গঢ়ি তুলিব লাগে কাৰণ যোগাভ্যাসৰ দ্বাৰা ব্লাড চাকুলেছন সঠিক মাত্ৰাত হোৱাৰ উপৰি এনাৰ্জী লেভেল সন্তুলন কৰি ৰাখেছ। ২. দীৰ্ঘসময় ধৰি চৰ্দি-জ্বৰ হোৱাঃ বিশেষজ্ঞসকলৰ অনুসৰি বছৰত ২-৩বাৰ চৰ্দি-জ্বৰ হোৱাটো সাধাৰণ কথা। কিন্তু বহুত লোকৰ চৰ্দি-জ্বৰ সঘনাই হৈ থকাৰ উপৰি দীৰ্ঘ সময়লৈ হৈ থাকে। এনে চৰ্দি লগাৰ সময়ত এণ্টিবডী বিকশিত আৰু বীজাণুৰে যুঁজিবলৈ ৰোগ প্ৰতিৰোধ প্ৰণালী ৩-৪দিন পৰ্যন্ত প্ৰয়োজন হয়, কিন্তু ইয়াতকৈ বেছি সময় চৰ্দি হৈ থাকিলে দুৰ্বল ইমিউনিটীৰ পৰিচায়ক হয়। তেনে অৱস্থাত চিকিৎসকৰ কাষ চপা উচিত। ৩. সঘনে পেট সম্পৰ্কীয় সমস্যাঃ শৰীৰৰ ইমিউনিটী পেটৰ সৈতেও সম্পৰ্কিত। সেয়ে বিশেষজ্ঞসকলে ক’ব বিচাৰে যে যদি কোনো লোকৰ পেটৰ সমস্যা থাকে, ই স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ বিস্তাৰ কৰে। কাৰণ আমাৰ শৰীৰ প্ৰায় ৭০ শতাংশ ৰোগ প্ৰতিৰোধ ক্ষমতা পেটৰ সৈতে সম্পৰ্ক থাকে। সেয়েহে আপুনি সঘনে পেটৰ সমস্যাত ভুগি থকাটোৱে দুৰ্বল ইমিউনিটীৰ ইংগিত বহন কৰে আৰু সেই সময়ত চিকিৎসকৰ পৰামৰ্শ লোৱাৰ প্ৰয়োজন হৈ পৰে। ৪. অত্যধিক মানসিক চাপত ভোগাঃ দুৰ্বল ইমিউনিটী প্ৰধান লক্ষণটো হ’ল অধিক মানসিক চাপ। যিসকল লোকে অধিক মানসিক চাপত ভোগে, তেওঁলোক নিশ্চয়কৈ দুৰ্বল ইমিউনিটীৰ স্বীকাৰ হোৱা দেখা যায়। দৰাচলতে বিশেষজ্ঞসকলে কয় যে অধিক মানসিক চাপৰ ফলত শ্ৰেতৰক্ত কণিকা আৰু লিম্ফোছাইটৰ সংখ্যা কমিবলৈ ধৰে। এই দুয়োটাই আমাৰ শৰীৰক সংক্ৰমণৰ সৈতে যুঁজিবলৈ সহায় কৰে আৰু বিভিন্ন ধৰণৰ ভাইৰাছৰ পৰা মুক্ত কৰে। এনে সময়ত দীৰ্ঘ সময় ধৰি মানসিক চাপত ভোগাটোৱে দুৰ্বল ইমিউনিটীক বুজায়। ৫. শৰীৰ ঘা শুকুৱাত পলম হোৱাঃ সাধাৰণতে দৈনন্দিন কৰ্মসূচীত সৰু-সুৰা ঘা হোৱাটো সাধাৰণ কথা। এনে সময়ত ঘা শুকুৱাত প্ৰয়োজনতকৈ অধিক সময় লোৱাটোৱে দুৰ্বল ইমিউনিটী ফল হিচাপে বিবেচিত হৈছে। অৱশ্যে ডায়েবেটিছ ৰোগীসকলৰো ঘা শুকুৱাত পলন হ’ব পাৰে, সেয়েহে এনে সময়ত বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো অত্যন্ত জৰুৰী হৈ পৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা
১২৫ বছৰৰ পাছত ২০২৬ চনৰ আগষ্ট মাহটো আছিল ভাৰতৰ আটাইতকৈ উষ্ণ আগষ্ট মাহ