বাঙালী জাতীয়তাবাদ আৰু বাঙালীৰ স্বাভিমানক একোৰে জুখিব নোৱাৰি৷ ভাৰতীয় সমাজ জীৱনত বাঙালীসকল একক আৰু অনন্য৷ এইক্ষেত্ৰত কোনোৱে ভাবিব নালাগে যে অসমীয়া, মাৰাথী আৰু দক্ষিণৰ ৰাইজৰ স্বাভিমান আৰু জাতীয়তাবাদ কম৷ ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্য আৰু ইয়াত বাস কৰা লোকসকল নিজৰ ভাষা, কৃষ্টিক লৈ খুবেই সচেতন৷ বাঙালীসকলৰ ক্ষেত্ৰত কথাটো কিছু সুকীয়া৷ ভাৰতবৰ্ষক আন্তৰ্জাতিক পৰ্যায়ত এটা পৰিচয় দিয়াত বাঙালীসকলে তুলনাহীন ভূমিকা পালন কৰিছে৷ সেয়া লাগিলে সাহিত্যত এছিয়াৰ প্ৰথমজন ন’বেল জয়ী ৰবীন্দ্ৰ নাথ ঠাকুৰেই হওক বা চলচ্চিত্ৰত ভাৰতৰ প্ৰথমজন আৰু এছিয়াৰ দ্বিতীয়জন অ’স্কাৰ বিজয়ী চলচ্চিত্ৰ নিৰ্মাতা সত্যজিৎ ৰায়ে হওক৷
উইকিপিডিয়াত জীৱন পৰিক্ৰমাৰ সৈতে সত্যজিৎ ৰায়ৰ বাংলা ভাষাত কৰা চহীটোৱে শিল্পীৰ স্বাভিমান প্ৰকাশ কৰিছে৷ বাঙালীসকলৰ সেই বিজয়ধ্বজাৰ শেহতীয়া দুগৰাকী ব্যক্তি হ’ল অমৰ্ত্য সেন আৰু অভিজিৎ বেনাৰ্জী৷ এওঁলোক দুয়ো অৰ্থনীতিৰ সন্মানীয় ন’বেল বঁটা লাভেৰে ভাৰতক গৌৰৱান্বিত কৰিছে৷
আজি নেহৰু আৰু গান্ধীৰ ওজন কমাবলৈ চতুৰ ৰাজনীতিকে এজন কৃতবিদ্য বাঙালী পুৰুষৰে আশ্ৰয় ল’ব লগা হৈছে৷ ভাৰতবৰ্ষত এওঁলোকে গান্ধী-নেহৰুৰ বিকল্প হিচাপে সুভাষ চন্দ্ৰ বসুৰ বাহিৰে ক’তো দ্বিতীয়জন নেতা বিচাৰি নাপালে৷ এয়াই বাঙালীসকলৰ কৃতিত্ব, স্বাভিমান আৰু ভাৰতৰ সমাজ জীৱনলৈ কোনেও অৱজ্ঞা কৰিব নোৱৰা অৱদান৷ সম্প্ৰতি অসম তথা ভাৰতত বঁটাৰ পাছত দৌৰা মানুহৰ লেখ-জোখ নোহোৱা হৈছে৷ বঁটাৰ বাবে মানুহ কি পৰ্যায়লৈ গৈছে, সেয়া আপোনালোকে সমাজত দেখি থকাসকলৰ আচৰণ চাই নিশ্চয় অনুভৱ কৰিব পাৰিছে৷
কিদৰে শাসক দলৰ ঘনিষ্ঠ হৈ বঁটা বুটলিছে তাৰ তালিকাখন আপোনালোকে নিজাকৈ যুগুত কৰি লওক৷ ‘পদ্ম বঁটা’ৰ পৰা আৰম্ভ কৰি সাহিত্য-সংস্কৃতি বিভিন্ন ক্ষেত্ৰত চৰকাৰৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণত থকা বঁটাবোৰ কোনবোৰ মানুহে পাইছে বাৰু? বঁটা পোৱা মানুহজনৰ সৈতে মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী নতুবা শাসক দলৰ নেতা নতুবা গোড়া ধৰ্মীয় সংঘ আদিৰ সম্পৰ্ক আপোনালোকে নিশ্চয় নজনা নহয়৷
বঁটা কিদৰে কিনা-বেচা হয়, বঁটা পাবলৈ কি কৰিব লাগে
বঁটা কিদৰে কিনা-বেচা হয়, বঁটা পাবলৈ কি কৰিব লাগে, সেয়াও এতিয়া লুকাই নাথাকে৷ বিভিন্ন চৰকাৰী বঁটাপ্ৰাপ্ত ব্যক্তিৰ চৰকাৰী মানুহৰ সৈতে অন্তৰংগ মুহূৰ্তৰ বহু ফটো আজিকালি মুহূৰ্ততে সামাজিক মাধ্যমত প্ৰচাৰ হয়৷ অৰ্থাৎ আমাৰ ভৱিষ্যৎ প্ৰজন্মক মিঠা মিঠা কথাৰে ফাঁকি দিয়াটো এতিয়া সহজ আৰু সৰু কথা হৈ থকা নাই৷
আজিৰ এই অন্ধকাৰ সময়ত ভাৰতবৰ্ষক এগছি চাকিৰে পোহৰ দেখুৱাইছে পশ্চিমবংগই৷ ভাৰতবাসীক এই সময়ত পোহৰ দেখুৱাইছে দুগৰাকী বাঙালীয়ে৷
কথাটো যিমান সহজ বুলি ভবা হয়, সিমান কঠিন৷ আমি দেখিছো, চৰকাৰী বঁটাৰ বাবে কিদৰে লবীৰ সৃষ্টি কৰিব লাগে৷ সাহিত্য-সংস্কৃতিৰ ৰাষ্ট্ৰীয় বঁটাৰ ক্ষেত্ৰতো একেই কথা৷ অহৰহ এটা ধৰ্মীয় সম্প্ৰদায়ক অপমান কৰি অহাৰ পাছতো গোলাম নবী আজাদৰ দৰে বিয়াগোম কংগ্ৰেছীয়ে ‘পদ্ম বঁটা’ গ্ৰহণ কৰিবলৈ আগ্ৰহী হৈ উঠিছে৷ কংগ্ৰেছীসকলৰ বেছিভাগে সুযোগ সন্ধানী৷ নহ’লে অসমত প্ৰাক্তন কংগ্ৰেছীয়ে কেনেকৈ বিজেপিৰ বেনাৰত চৰকাৰ গঠন কৰিব পাৰিছে!
২৬ জানুৱাৰী তথা
গণতন্ত্ৰ দিৱসৰ প্ৰাক্সন্ধা কেন্দ্ৰীয় চৰকাৰে দেশৰ ১০৭ গৰাকীলৈ ‘পদ্মশ্ৰী’, ১৭ গৰাকীলৈ ‘পদ্মভূষণ’ আৰু চাৰিগৰাকীলৈ ‘পদ্মবিভূষণ’ আগবঢ়াইছে৷ পদ্মভূষণ আগবঢ়োৱা দেশৰ এই ১৭ গৰাকীৰ ভিতৰত পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্ষীয়ান কমিউনিষ্ট বুদ্ধদেৱ ভট্টাচাৰ্যও আছিল৷ মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাত কলকাতাৰ পৰা দিল্লীলৈ ৰে’লেৰে অহা-যোৱা কৰা বুদ্ধদেৱ ভট্টাচাৰ্যলৈ কেন্দ্ৰৰ বিজেপি চৰকাৰে পদ্মসন্মান আগবঢ়োৱাৰ লগে লগে পশ্চিমবংগৰ ৰাইজ উদগ্ৰীৱ হৈ পৰিছিল৷ কাৰণ ৰাইজে জানিব বিচাৰিছিল অহৰহ গালি-গালাজেৰে অপমান কৰি অহা বাঁওপন্থী দলৰ নেতাগৰাকীয়ে চৰকাৰী পদ্মসন্মান ল’বনে নলয়?
স্বাভাৱিকভাৱে গুণমুগ্ধ আৰু অনুৰাগীক হতাশ নকৰি বুদ্ধদেৱ ভট্টাচাৰ্যই প্ৰত্যাখ্যান কৰিছে পদ্মসন্মান৷ ভট্টাচাৰ্যৰ যুক্তি হ’ল, তেওঁক চৰকাৰে এই বঁটা পোৱা বুলি এজন বিষয়াই টেলিফোন কৰি ক’লেই হ’ব জানো? বঁটাৰ বাবে ভট্টাচাৰ্যৰ নাম বিবেচনা কৰোতে এবাৰ সুধিব লাগিছিল৷ দ্বিতীয়তে প্ৰখ্যাত সংগীতশিল্পী ৯০ বছৰীয়া সন্ধ্যা মুখোপাধ্যায়ে তেওঁলৈ আগবঢ়োৱা পদ্মশ্ৰী সন্মানক লৈ ক্ষোভ উজাৰিছে৷ এই বয়সত পদ্মশ্ৰী পোৱা বুলি ফোনত কোনোবাই ক’ব আৰু তেওঁ বঁটা ল’বলৈ দিল্লীলৈ দৌৰিব, এয়া কেন্দ্ৰীয় চৰকাৰে কেনেকৈ ভাবিব পাৰিছে? শিল্পীৰ কোনো সন্মান নাই নেকি? মুখোপাধ্যায়ৰ প্ৰশ্ন৷
বয়স হোৱাৰ লগে লগে মানুহৰ লোভ বাঢ়ে বুলি কয়৷ অৱশ্যে বঁটা-বাহনৰ লোভ এতিয়া সমাজৰ ডেকা-বুঢ়া বহুতৰে৷ এই সময়ত এগৰাকী কিম্বদন্তি ৰাজনৈতিক পুৰুষ আৰু এগৰাকী কিম্বদন্তি সংগীতশিল্পীয়ে ৭৭ আৰু ৯০ বছৰত বঁটাৰ লোভ সামৰিব পৰাটো সহজ নহয়৷ সুভাষ বসুক ব্যৱহাৰ কৰি পশ্চিমবংগ দখলৰ সপোন দেখা ধুৰন্ধৰ ৰাজনীতিকবোৰৰ মুখত দুগৰাকী বাংলা সন্তানে চূণ সানিলে৷
ধন্যবাদ আৰু অভিনন্দন বুদ্ধদেৱ ভট্টাচাৰ্য, সন্ধ্যা মুখোপাধ্যায়৷